• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সকলোৱে আত্মসন্তুষ্টিত থাকিলে বিজেপি আকৌ খোপনি পুতি নিজৰ বিস্তাৰ কৰিব!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 10, 2024 8:37 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণতন্ত্ৰৰ আৰম্ভণি ক’ত? যুক্তি, এক সমালোচনাত্মক দৃষ্টিভংগী, আৰু ন্যায়ত। নিজৰ মাজত এই প্ৰশ্ন কেইটাৰ উদয় নহ’লে কোনো ব্যক্তিয়ে  নিজকে এজন গণতান্ত্ৰিক ব্যক্তি বুলি দাবী কৰিব নোৱাৰে। গণতন্ত্ৰৰ উদ্দেশ্য কি? সমূহীয়া অংশগ্ৰহণেৰে সিদ্ধান্ত গ্ৰহণ যাতে তাৰ দ্বাৰা সমাজৰ, ব্যক্তিৰ  সৰ্বাংগীণ উন্নতি সাধন সম্ভৱ হয়। গণতন্ত্ৰৰ আৰম্ভণিৰ বিন্দুটো ব্যক্তি আৰু  শেষ সীমা বিশ্বজনীন চৰকাৰ। এজন ব্যক্তি নিজে গণতান্ত্ৰিক নহ’লে তেওঁৰ সমাজত, দেশত, বিশ্বত গণতন্ত্ৰ বিচৰাৰ কোনো অধিকাৰ নাই। ব্যক্তি আৰু সমূহৰ আভ্যন্তৰীণ গণতন্ত্ৰ অবিহনে দেশত প্ৰকৃত গণতন্ত্ৰ অসম্ভৱ। এতিয়া আমি আমাৰ দেশৰ গণতন্ত্ৰ এক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি কৈছোঁ। এই প্ৰত্যাহ্বানটো ক’ৰপৰা আহিছে? মূলতঃ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ পৰা। এইখিনিতে আমি এটা কথা মন কৰা উচিত। গণতন্ত্ৰৰ ক্ষেত্ৰতো শাহ(content) আৰু ৰূপ(form) গুৰুত্বপূৰ্ণ। শাহটো কি? সি হ’ল সাৰটো, যিটোক আমি ইতিমধ্যে  উল্লেখ কৰিছোঁ ‘যুক্তি’ ‘সমালোচনাত্মক দৃষ্টিভংগী’ আৰু ‘ন্যায়’ বুলি। আৰু ৰূপটো কি? সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া।গণতন্ত্ৰত শাহ আৰু ৰূপক-এটাৰ পৰা আনটোক আঁতৰাই চাব নোৱাৰি।তাৰ এটা অতি সহজ উদাহৰণ-  আমি ধৰি ল’লোঁ যে এঠাইত ওচৰা-ওচৰিকৈ দুখন গাঁও আছে। তাৰে এখন হিন্দু  আৰু আনখন মুছলমান। হিন্দু সকলৰ উপাসনাৰ বাবে এটা নামঘৰ আৰু মুছলমান সকলৰ উপাসনাৰ বাবে এটা মছজিদ আছে।এতিয়া হিন্দু সকলে যদি ভাবে যে আমি মুছলমান সকলৰ মচজিদটো পুৰি পেলাওঁ, আৰু  সেইদৰে মুছলমান সকলেও যদি ভাবে আমি হিন্দু সকলৰ নামঘৰটো পুৰি পেলাওঁ। আৰু তাৰবাবে দুয়োটা গোষ্ঠীয়ে  যদি সভা পাতি সৰ্ব সন্মতভাৱে সিদ্ধান্ত লয় সি এটা গণতান্ত্ৰিক কথা হ’বনে? নহয়।কিয়নো যি কেইটা কথা আগতে উল্লেখ কৰা হৈছে, মানে ‘যুক্তি’, ’সমালোচনাত্মক দৃষ্টিভংগী’ আৰু ‘ন্যায়’- এই তিনিটাই নামঘৰ আৰু মছজিদত জুই দিয়া কথাটো সমৰ্থন নকৰে, লাগিলে যিমান আলোচনা-বিলোচনা আৰু তৰ্কৰ মাজেৰেই সেই সিদ্ধান্ত লোৱা নহওক কিয়। গতিকে গণতন্ত্ৰক কেৱল প্ৰক্ৰিয়া বা পদ্ধতি বুলি ধৰি ল’লেই নহ’ব। সেইকাৰণেই পৃথকতাবাদী (exclusionary) মতবাদত বিশ্বাসী সকলক আমি কোনোদিনেই গণতান্ত্ৰিক বুলি স্বীকৃতি দিব নোৱাৰোঁ। সেইকাৰণেই বহুতেই এতিয়া ভাৰতক নিৰ্বাচিত স্বৈৰতন্ত্ৰ (electoral autocracy) বা ভ্ৰান্ত গণতন্ত্ৰ( flawed democracy) আখ্যা দিছে।ওপৰৰ ব্যাখ্যাৰ পৰা এইটো ওলাই আহে যে তেওঁলোকৰ পৃথকতাবাদী চৰিত্ৰৰ বাবেই বিজেপিক আমি এটা গণতান্ত্ৰিক দল বুলি নকওঁ। কিন্তু, প্ৰক্ৰিয়াৰ স্বতন্ত্ৰতা বোলা বস্তু এটাও আছে। উদাহৰণ স্বৰূপে বিজেপিৰ সংসদীয় দলৰ সভাত আলোচনা বা বিতৰ্কৰ মাজেৰে নৰেন্দ্ৰ মোদীক নেতা নিৰ্বাচন কৰা হৈছিলনে? নাই। নৰেন্দ্ৰ মোদী আপোনাআপুনি নিজেই নেতা হৈ গ’ল। মানে তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াটো মানি চলা নাই। আনহাতে ধৰি ল’লোঁ কংগ্ৰেছে বা আন দলবোৰে গণতন্ত্ৰৰ মৌলিক কথা কেইটা- মানে, ‘যুক্তি’, ’সমালোচনাত্মক দৃষ্টিভংগী’ আৰু ‘ন্যায়’ মানি লয় আৰু তেওঁলোকৰ নীতি হিন্দু-মুছলমান কৰা নহয়, সকলোকে সামৰি লোৱা(inclusive)। অৰ্থাৎ তেওঁলোকৰ গণতন্ত্ৰত শাহ(content)টো আছে বুলি আমি ধৰিব পাৰোঁ। কিন্তু তেওঁলোকেও যদি গণতন্ত্ৰৰ ৰূপ(form)টো মানি নলয় মানে তেওঁলোকৰ দলৰ মাজতো যদি আভ্যন্তৰীণ গণতন্ত্ৰ নাথাকে সেই গণতন্ত্ৰও আধৰুৱা, তাৰ উদ্দেশ্য যিমানেই মহান নহওক লাগে। অৱশ্যে আমি এই কথাটোও মানি ল’ব লাগিব যে সকলো ব্যৱস্থা আৰু ধাৰণাৰ দৰে গণতন্ত্ৰও  এক আপেক্ষিক ব্যৱস্থা বা ধাৰণা।

কিন্তু গণতন্ত্ৰ আপোনাআপুনি নাহে। তাৰ কাৰণে সংগ্ৰাম কৰিব লাগে। পৃথিৱীৰ সকলো ঠাইতে প্ৰতিবাদ, আন্দোলন, বিদ্ৰোহৰ দ্বাৰাহে গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে। ভাৰতলৈ গণতন্ত্ৰ আহিছিল দীৰ্ঘদিনীয়া স্বাধীনতা সংগ্ৰামৰ যোগেদি। আকৌ, এবাৰ গণতন্ত্ৰ আনিলেই নহ’ব।তাক ধৰি ৰাখিব পাৰিব লাগিব। তাৰ শ্ৰীবৃদ্ধি কৰিবও লাগিব। আচলতে ই এক অবিৰত প্ৰচেষ্টা। বিজেপিয়ে দহ বছৰ শাসন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এইবাৰৰ নিৰ্বাচনত তেওঁলোকে একক সংখ্যাগৰিষ্ঠতা নাপালে। নিৰ্বাচন যদি পক্ষপাতিত্বহীন পৰিবেশ এটাত অনুষ্ঠিত হ’লহেঁতেন,অৰ্থাৎ ৰাষ্ট্ৰযন্ত্ৰ, মুখ্যধাৰাৰ প্ৰচাৰ মাধ্যম আৰু বহুজাতিক যদি তেওঁলোকৰ সমৰ্থনত নাথাকিলহেঁতেন, এইবাৰেই তেওঁলোক বহুমতৰ পৰা বঞ্চিত হ’লহেঁতেন। কিন্তু দল হিচাপে বিজেপিক একক সংখ্যগৰিষ্ঠতাৰ পৰা তললৈ নমাই অনাটোও কম কথা নহয়।দলবোৰতো দলবোৰ, নাগৰিক সমাজ আৰু স্বতন্ত্ৰ ব্যক্তিসকলৰ বা বিকল্প সংবাদ মাধ্যমৰ এতিয়া কি কাৰ্যসূচী হোৱা উচিত? প্ৰথম কথা এই নিৰ্বাচনৰ ফলাফলৰ পিছত যদি তেওঁলোক সকলোৱে আত্মসন্তুষ্টিত ভুগি থাকে বিজেপি আকৌ খোপনি পুতি বহিব আৰু নিজৰ বিস্তাৰ কৰিব। সেয়ে,বিকল্প প্ৰচাৰ মাধ্যমে আগৰ দৰেই সত্যনিস্থ আৰু তথ্যনিস্থ হৈ নিজৰ কাম কৰি যাব লাগিব। আৰু ব্যক্তি হিচাপে গণতন্ত্ৰ প্ৰেমী সকলে অনবৰতে নিজৰ আশাৰ প্ৰতিফলন বাস্তৱত চাব বিচৰাতকৈ গণতন্ত্ৰ সুৰক্ষাৰ কামতহে নিজকে নিয়োগ কৰিব লাগিব। সামাজিক মাধ্যমত বিজেপি বিৰোধী ভূমিকা লোৱাটো ভাল।কিন্তু তাতেই নিজৰ দায়িত্ব সামৰিলে নহ’ব। মানুহৰ মাজলৈ যাব লাগিব।মানুহক সংগঠিত কৰিব লাগিব।

Apply Now
পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd