• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতে খেলপথাৰ এৰাৰ পিছতেই উপস্থিত বুলডজাৰ! ভাঙি দিলে ১০৬ দিনত নিৰ্মাণ কৰা ষ্টেডিয়াম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2024 3:12 pm
আমেৰিকাৰ নাছাউ কাউন্টি ক্ৰিকেট ষ্টেডিয়াম। ফটোঃ সংগ্ৰহীত।

আমেৰিকাৰ নাছাউ কাউন্টি ক্ৰিকেট ষ্টেডিয়াম। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ নিউয়ৰ্ক আৰু ৱেষ্ট ইণ্ডিজে যৌথভাৱে টী-২০ বিশ্বকাপ ২০২৪ আয়োজন কৰিছে। জো বাইডেনৰ দেশৰ মানুহ ক্ৰিকেটৰ প্ৰতি একেবাৰেই উৎসাহী নহয়। বিশ্বৰ এক নম্বৰ দেশৰ নাগৰিকে খেল বুলিলে মূলতঃ বাস্কেটবল আৰু ৰাগবীকহে  বুজে। কিছু পৰিমানে অন্ততঃ ফুটবল। ক্ৰিকেট খায় নে মূৰত পিন্ধে এতিয়াও বহুতেই নাজানে।

দেশখনত ক্ৰিকেটৰ প্ৰচাৰৰ বাবে আইচিচিয়ে আমেৰিকাক বাছি লৈছে। ইয়াত এই প্ৰথম বিশ্বকাপ ইভেণ্ট আৰম্ভ হৈছে। ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব ছুপাৰ এইট। তাৰ আগতে আমেৰিকাত মুঠ ১৬খন মেচ। তিনিটা স্থান বাছনি কৰা হৈছে। ইয়াৰে প্ৰথমটো হ’ল নিউয়ৰ্কৰ আইজেনহাৱাৰ পাৰ্ক ওৰফে নাছাউ কাউন্টি ক্ৰিকেট ষ্টেডিয়াম, দ্বিতীয়টো হ’ল ফ্ল’ৰিডাৰ ব্ৰ’ৱাৰ্ড কাউন্টি ক্ৰিকেট ষ্টেডিয়াম আৰু তৃতীয়টো হৈছে টেক্সাছৰ গ্ৰেণ্ড প্ৰেৰি ষ্টেডিয়াম।

ইয়াৰ ভিতৰত আটাইতকৈ বেছি চৰ্চাত আছে নাছাউ কাউন্টি ক্ৰিকেট ষ্টেডিয়াম। কাৰণ এই স্থানত উদ্বোধনী মেচ আৰু ভাৰত-পাক মহাৰণকে ধৰি মুঠ আঠখন খেল অনুষ্ঠিত হৈছে। যিহেতু এই দেশত ক্ৰিকেটৰ আন্তঃগাঁথনি প্ৰায় নাই, গতিকে ইয়াত বিশ্বকাপৰ বাবে আমেৰিকাই অস্থায়ী নিৰ্মাণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।

Apply Now

লগতে পঢ়কঃ ICC T-20 World Cup: টী-২০ বিশ্বকাপত জয়ৰ হেট্ৰিকেৰে অপ্ৰতিৰোধ্য ভাৰত; আমেৰিকা যুক্তৰাষ্ট্ৰকো হৰুৱালে ভাৰতে

বিশ্বকাপৰ আগতে আইজেনহাৱাৰ পাৰ্কত অৱস্থিত নাছাউ কাউন্টি ক্ৰিকেট ষ্টেডিয়াম আছিল একেবাৰে মুকলি এখন খেলপথাৰ। য’ত কেবল সেই স্থানীয় ক্ৰিকেট খেলা সম্ভৱ হৈছিল। আইচিচিয়ে ভেন্যু হিচাপে আগবাঢ়ি যাবলৈ সেউজ সংকেত দিয়াৰ লগে লগে এই খেলপথাৰখন বিশ্বকাপৰ বাবে সাজু হ’বলৈ আৰম্ভ কৰে। ১০৬ দিনত নিৰ্মাণ কৰা হয় এই ষ্টেডিয়ামখন। মুঠতে যিটোক পপ আপ ষ্টেডিয়াম বুলি কোৱা হয়। ৩৪ হাজাৰ দৰ্শকৰ বহাৰ বাবে ব্যৱস্থাও কৰা হৈছে।

ইয়াত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ কোনো পিটচ নাছিল। অষ্ট্ৰেলিয়ান টাৰ্ফ ক্ৰিকেট এছ’চিয়েশ্যনে আমেৰিকাৰ পিটচ নিৰ্মাণৰ কাম লাভ কৰি ড্ৰপ-ইন পিটচ নিৰ্মাণ কৰিছিল। চাৰিখন মূল পিটচ আৰু আধা ডজন ড্ৰপ ইন ছাৰ্ফেচ ইনষ্টল কৰিয়েই খেলা হৈছিল। অৰ্থাৎ স্থানান্তৰ কৰিব পৰা পিটচ। কিন্তু এই পিটচক লৈ কেইবাটাও বিতৰ্কৰ সৃষ্টি হৈছে। খেলি থকাৰ সময়তে বহু ক্ৰিকেটাৰ আঘাতপ্ৰাপ্ত হয়। ক্ৰেকেট মহলৰ একাংশই দাবী কৰিছিল যে এই খেলপথাৰত দ্বিপাক্ষিক শৃংখলা কিয় আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজনৰ বাবেও যোগ্য নহয়। কাৰণ এই পিটচ বহি উঠিবলৈ প্ৰয়োজনীয় সময় নাপালে। ফলত বলৰ বাউন্সৰ পৰা আৰম্ভ কৰি স্কিডলৈকে সকলো আছিল সম্পূৰ্ণ অপ্ৰত্যাশিত।

লগতে পঢ়কঃ৩০০ কোটি টকাৰ সম্পত্তিৰ বাবে শহুৰেকক হত্যা বোৱাৰীয়েকৰ! হিট এণ্ড ৰাণ ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা

কিন্তু ভাৰত-আমেৰিকাৰ খেলৰ পাছতেই নাছাউ ক্ৰিকেট ষ্টেডিয়াম অতীত হৈ গ’ল। ৰোহিত বাহিনীয়ে খেলপথাৰ এৰি যোৱাৰ লগে লগে বুলডজাৰ প্ৰৱেশ কৰি ভাঙিবলৈ আৰম্ভ কৰিলে। নাছাউ পুনৰ আগৰ ঠাইলৈ ঘূৰি যাব। অহা ছয় সপ্তাহৰ ভিতৰত সকলো অস্থায়ী নিৰ্মাণ ভাঙি পুনৰ পূৰ্বৰ স্থানলৈ অনা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd