• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাছিয়াৰ দাগেস্তানত সংঘটিত আক্ৰমণত আৰক্ষী, যাজক, বন্দুকধাৰীসহ ২২ জন লোক নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2024 3:03 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ উত্তৰ ককেছাছ অঞ্চল দাগেস্তানৰ দুখন চহৰত বন্দুকধাৰীৰ একাধিক “সন্ত্রাসবাদী আক্ৰমণ”ত নিহত হয় কমেও ১৫ জন আৰক্ষী আৰু এজন অৰ্থডক্স যাজক। লগতে ছয়জন সন্দেহযুক্ত বন্দুকধাৰীও নিহত হয়। দাগেস্তানৰ গৱৰ্ণৰ চাৰ্গেই মেলিকোভে এই তথ্য সদৰী কৰিছে।

স্থানীয় সময় অনুসৰি দেওবাৰে সন্ধিয়া দাগেস্তান অঞ্চলৰ ডাৰবেণ্ট আৰু মাখাচকালা চহৰত বন্দুকধাৰীয়ে ইহুদী প্ৰাৰ্থনাগৃহ (চিনাগগ), এটা অৰ্থডক্স গীৰ্জা আৰু আৰক্ষীৰ তালাচী চকীত আক্ৰমণ চলায়।

মেছেজিং এপ টেলিগ্ৰামত প্ৰকাশ কৰা এটা ভিডিঅ’ত গৱৰ্ণৰ চাৰ্গেই মেলিকোভে কয় যে, “এয়া দাগেস্তান আৰু সমগ্ৰ দেশৰ বাবে অতি দুখজনক দিন। আমি বুজি পাওঁ যে এই সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত কোনবোৰ সংগঠন আছে আৰু তেওঁলোকে কি লক্ষ্য কৰি লৈছে।”

Apply Now

অৱশ্যে চাৰ্গেই মেলিকোভে কাকো দায়ী বুলি উল্লেখ কৰা নাই। এই সন্দৰ্ভত তেওঁ কোনো সবিশেষো দিয়া নাই।

লগতে পঢ়কঃ লোকসভাত শপত গ্ৰহণ মোডীৰ; হাতত সংবিধান লৈ লোকসভা চৌহদত প্ৰতিবাদ ‘ইণ্ডিয়া’ৰ

ৰাছিয়াৰ সংবাদ মাধ্যম টাছৰ ​​উদ্ধৃতিৰে আল জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি সন্দেহযুক্ত আক্ৰমণকাৰীসকল “আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন”ৰ সদস্য। কিন্তু উত্তৰ ককেছাছ অঞ্চলত এই আক্ৰমণৰ দায়িত্ব এতিয়াও কোনেও স্বীকাৰ কৰা নাই।

ৰাছিয়াৰ ৰাজধানী মস্কোৰ সমীপৰ কনচাৰ্ট হলত সংঘটিত আক্ৰমণত ১৪৫ জন লোকৰ মৃত্যু হোৱাৰ তিনি মাহৰ পিছতে দাগেস্তানত এই আক্ৰমণ সংঘটিত হৈছে। ইছলামিক ষ্টেট (আই এছ)য়ে এই আক্ৰমণ চলাইছিল। শেহতীয়া বছৰবোৰত ৰাছিয়াৰ মাটিত সংঘটিত হোৱা এইটোৱেই আছিল আটাইতকৈ মাৰাত্মক আক্ৰমণ।

দেওবাৰে দাগেস্তানত সংঘটিত আক্ৰমণৰ সন্দেহযুক্ত আক্ৰমণকাৰীৰ ভিতৰত অঞ্চলটোৰ মধ্য অংশৰ চেৰগোকালা জিলাৰ মুৰব্বীৰ দুজন পুত্ৰও আছিল বুলি আইন প্ৰয়োগকাৰী সংস্থাৰ সূত্ৰৰ উদ্ধৃতি দি ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। তদন্তকাৰীয়ে তেওঁলোকক আটক কৰি জেৰা কৰি আছে।

চাৰ্গেই মেলিকোভে ভিডিঅ’ বাৰ্তাযোগে কয় যে এই আক্ৰমণত নিহত যাজকজনে ৪০ বছৰতকৈও অধিক সময় ধৰি ডাৰবেণ্ট চহৰত কাম কৰি আহিছে।

লগতে পঢ়কঃহজত মৃতকৰ সংখ্যা ১৩০০ অতিক্ৰম; ছৌদি আৰৱৰ দাবী ৮৩ শতাংশই অবৈধ হজযাত্ৰী!

তেওঁ কয় যে এই ঘটনাত ছয়জন সন্দেহযুক্ত আক্ৰমণকাৰী নিহত হৈছে। অৱশ্যে ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমে পাঁচজন বন্দুকধাৰী নিহত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। এই তথ্য দেশৰ ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ উদ্ধতিৰে এই তথ্যা অৱগত কৰা হৈছে।

ৰাছিয়াৰ দাগেস্তানত আজি সোমবাৰৰ পৰা অহা বুধবাৰলৈ তিনিদিনীয়া শোক ঘোষণা কৰা হৈছে বুলি গৱৰ্ণৰ চাৰ্গেই মেলিকোভে কয়। তেওঁ কয়, এই তিনিদিন ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত থাকিব। ইয়াৰ লগতে সকলো মনোৰঞ্জনৰ অনুষ্ঠান বাতিল কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা: ৬০ দিনৰ ভিতৰত ৬৫ বছৰীয়া বৃদ্ধক মৃত্যুদণ্ড

June 29, 2026 1:18 pm
বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

June 29, 2026 1:16 pm
ভুলতে নাকৰ ড্ৰপ চকুত দিলে চিকিৎসকে; দৃষ্টিশক্তি হেৰুৱাই পেলালে ১৯ মহীয়া কেঁচুৱাই

ভুলতে নাকৰ ড্ৰপ চকুত দিলে চিকিৎসকে; দৃষ্টিশক্তি হেৰুৱাই পেলালে ১৯ মহীয়া কেঁচুৱাই

June 29, 2026 12:14 pm
পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

June 29, 2026 11:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা: ৬০ দিনৰ ভিতৰত ৬৫ বছৰীয়া বৃদ্ধক মৃত্যুদণ্ড

June 29, 2026 1:18 pm
বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

June 29, 2026 1:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd