• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তৃতীয়বাৰৰ বাবে মণিপুৰত ৰাহুল গান্ধী; এবাৰো মণিপুৰ নোযোৱা প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণক উপহাস কংগ্ৰেছৰ

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
July 8, 2024 8:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবছৰতকৈও অধিক সময় পাৰ হৈ গ’ল যদিও এতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ ভ্ৰমণ কৰিব পৰা নাই। ইফালে সোমবাৰে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে পুনৰ হিংসাত্মক পৰিস্থিতিত বিধ্বস্ত মণিপুৰত ভৰি দিলে ৰাহুল তৃতীয়বাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনলৈ গ’ল। জিৰিবামৰ সাহায্য শিবিৰলৈ গৈ তাত থকা মানুহবোৰক লগ কৰি কথা পাতিলে। ইফালে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰে। মণিপুৰ এৰাই চলি প্ৰধানমন্ত্ৰীৰ ৰাছিয়া ভ্ৰমণক উপহাস কৰাৰ পৰা কংগ্ৰেছে বিৰত নাথাকিল।

সোমবাৰে পুৱা অসমৰ শিলচৰ বিমানবন্দৰত অৱতৰণ কৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। তাত অসম আৰু মণিপুৰৰ কংগ্ৰেছ নেতাই তেওঁক আদৰণি জনায়। অসমৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালক সাক্ষাৎ কৰি মণিপুৰলৈ ৰাওনা হ’ল কংগ্ৰেছৰ সাংসদগৰাকী। তেওঁৰ আগতে ৰাহুলে অসমত মণিপুৰত নিহতসকলৰ বাবে স্থাপন কৰা সাহায্য শিবিৰলৈ গৈছিল। মণিপুৰ পোৱাৰ লগে লগে জিৰিবামৰ সাহায্য শিবিৰত উপস্থিত হয় ৰাহুল। তাত মেইটেই সম্প্ৰদায়ৰ মানুহক লগ পাইছিল। তাৰ পৰা বিৰোধী নেতাজনে পথেৰে চুৰাচান্দপুৰলৈ ৰাওনা হয়। চুৰাচান্দপুৰত জাতিগত হিংসাৰ ফলত স্থানচ্যুত হোৱা লোকসকলৰ বাবে সাহায্য শিবিৰ পৰিদৰ্শন কৰে ৰাহুল গান্ধীয়ে। ৰাহুলৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশম মেঘচন্দ্ৰ আৰু চিএলপি নেতা আৰু ইবোবি সিং উপস্থিত থাকে। সাংবাদিকৰ আগত মেঘচন্দ্ৰই কয় যে ৰাহুল গান্ধীৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে সমগ্ৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখি ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ হাত আগবঢ়োৱা।

কিন্তু ৰাহুলে ৩ বাৰ মণিপুৰ ভ্ৰমণ কৰিলেও ভয়ানক হিংসাত্মক ঘটনাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত ভৰি দিয়া দেখা পোৱা নাই। ইফালে সোমবাৰে ৰাছিয়ালৈ ৰাওনা হয় মোদী। সেই বিষয়ত কংগ্ৰেছ ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশে দেশৰ প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰে। এক্স হেণ্ডেলটোত তেওঁ লিখিছে, ‘আমাৰ অজৈৱিক প্ৰধানমন্ত্ৰী মস্কোলৈ ৰাওনা হৈছে, আনহাতে লোকসভাৰ বিৰোধী দলৰ নেতাজন অসম আৰু মণিপুৰৰ দুৰ্দশাগ্ৰস্ত লোকসকলৰ কাষত থিয় দিবলৈ গৈছে। ২০২৩ চনৰ ৩ মে’ৰ পৰা মণিপুৰত ভয়ংকৰ হিংসাৰ ৰক্তাক্ত। কিন্তু আজিও প্ৰধানমন্ত্ৰীয়ে সেই অঞ্চলত ভৰি দিয়া নাই আৰু তাত মুখ্যমন্ত্ৰী বা কোনো ৰাজনৈতিক নেতাকো লগ পোৱা নাই।’

ইফালে বিজেপি নেতা অমিত মালব্যই ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণক ‘ট্ৰেজেডী ভ্ৰমণ’ বুলি উপহাস কৰা দেখা গৈছে। মণিপুৰত সংঘটিত হিংসাৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰি বিজেপিয়ে মস্কৰা কৰি কয়, ‘মণিপুৰৰ এই সাম্প্ৰদায়িক হিংসা কংগ্ৰেছৰ দায়িত্বহীনতাৰ ফল। কংগ্ৰেছ ক্ষমতাত থকা সময়ত ৰাজ্যত দশক দশক ধৰি সাধাৰণ মানুহ, আৰক্ষী আৰু সেনা জোৱানৰ হত্যাকাণ্ডৰ সাক্ষী হৈ আহিছে।’

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd