চৰ্চাত আছে মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়া। গোটেই বলীউডে এই বিবাহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেইবা তৰপীয়াকৈ অনুষ্ঠিত এই বিবাহৰ অনুষ্ঠান সমূহলৈ সোঁত বৈছে দেশী-বিদেশী তাৰকাৰ।
তাৰ মাজতে বিখ্যাত চলচ্চিত্ৰ পৰিচালক অনুৰাগ কাশ্যপৰ কন্যা আলিয়া কাশ্যপে সেই বিবাহক ‘চাৰ্কাছ’ৰ সৈতে তুলনা কৰে। লগতে বিয়ালৈ নিমন্ত্ৰণ পোৱাৰ পিছতো যাবলৈ অস্বীকাৰ কৰা বুলি কয় আলিয়াই।
উল্লেখ্য যে অহা ১২ জুলাইত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ সম্পন্ন হ’ব। ইতিমধ্যে বিয়াৰ অনুষ্ঠান আৰম্ভ হৈছে।
ইয়াৰ চাৰি মাহ আগতেই আৰম্ভ হৈছে প্ৰি-ৱেডিং অনুষ্ঠান। যোৱা ৫ জুলাইত অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠান আছিল। এই অনুষ্ঠানত গান গাবলৈ আহিছিল আমেৰিকাৰ পপ তাৰকা জাষ্টিন বিবাৰ। তেওঁ পাৰিশ্ৰমিক হিচাপে ৮৪ কোটি টকা লৈছিল।
অনুৰাগৰ কন্যা আলিয়াই এই বিবাহক ‘প্ৰকৃত চাৰ্কাছ’ বুলি অভিহিত কৰে। নিজৰ ইনষ্টাগ্ৰামত কয় যে, “আম্বানীৰ বিয়াখন বিয়া নহয়, চাৰ্কাছত পৰিণত হৈছে।”
তাৰ পাছত জাষ্টিন বিবাৰৰ শ্ব’টোৰ বিষয়ে অলপ কটু সুৰত লিখিলে, “আমাৰ হাতত বহুত অতিৰিক্ত টকা আছে যেন লাগে, আমি ইয়াক কি কৰা উচিত? জাষ্টিন বিবাৰক ফোন কৰোঁ আহক।”
অৱশ্যে আলিয়াৰ এই মন্তব্যক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আম্বানীৰ পৰিয়ালে।