বিহাৰত পুনৰ ভাঙি পৰিল দলং। তিনি সপ্তাহৰ ভিতৰতে নীতিশ কুমাৰৰ ৰাজ্যত ১৩খন দলং ভাঙি পৰিছে। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, বুধবাৰে পুৱা সহাৰছা জিলাৰ মহিশী গাঁৱত এখন দলং ভাঙি পৰে।
সহাৰছাৰ অতিৰিক্ত জিলা দণ্ডাধীশ জ্যোতি কুমাৰে সংবাদ মাধ্যমক জনোৱা মতে, এয়া এখন সৰু দলং৷ঘটনাৰ পাছত ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় বিভাগীয় বিষয়া। দুৰ্ঘটনাটোৰ বিষয়ে অধিক সবিশেষ জানিবলৈ প্ৰচেষ্টা অব্যাহত আছে। অৱশ্যে দলং দুৰ্ঘটনাত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।
যোৱা কেইটামান দিনত ইখনৰ পাছত সিখনকৈ বিহাৰৰ ছিৱান, সাৰণ, মধুবনী, আৰিয়াৰিয়া, পূব চম্পাৰণ আৰু কিষাণগঞ্জত দলং ভাঙি পৰিছে। ধাৰাবাহিকভাৱে দলং ভাঙি যোৱাৰ অভিযোগক লৈ জেডিইউ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ১৫জন অভিযন্তাক নিলম্বন কৰিছে। ইয়াৰ ভিতৰত কাৰ্যবাহী অভিযন্তা, সহকাৰী অভিযন্তা আদি জ্যেষ্ঠ বিষয়াও আছে। দুটা নিৰ্মাণ কোম্পানীকো শ্ব’ কজ জাৰি কৰিছে। লগতে দিয়া হৈছে ব্লেকলিষ্ট হোৱাৰ সতৰ্কবাণী। আৰু কিছুমান প্ৰতিষ্ঠানৰ পেমেণ্টো ব্লক কৰা হৈছে।
যোৱা সপ্তাহত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিষয়াসকলক অল আউট মেইণ্টেনেন্স মনিটৰিং কৰিবলৈ নিৰ্দেশ দিছিল। অতি পুৰণি আৰু মেৰামতিৰ প্ৰয়োজন হোৱা দলংসমূহ চিনাক্ত কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে। এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জিতেনৰাম মাঝিৰ বক্তব্যইও বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁ ক’লে, বাৰিষাৰ বতৰ৷ অস্বাভাৱিক পৰিমাণৰ বৰষুণৰ ফলত দলং ভাঙি পৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী অতি সংবেদনশীল। যিকোনো ধৰণৰ গাফিলতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কঠোৰ নিৰ্দেশ দিয়ে।
বিহাৰত প্ৰথমখন দলং ভাঙি যোৱাৰ খবৰ আহিছিল ১৮ জুনত। প্ৰথমে আৰাৰিয়া জিলাত ভাঙি পৰে দলংখন। ইয়াৰ পাছত ২২ তাৰিখে ছিৱানত নদীৰ সিপাৰে এখন দলঙো ভাঙি পৰে। ইয়াৰ পাছতে পূৱ চম্পাৰণ, কিষানগঞ্জ, মধুবনী, মুজাফ্ফৰপুৰত দলং ভাঙি যায়। যোৱা বুধবাৰে ছিৱানত চাৰিখন আৰু সাৰণত দুখন দলং ভাঙি পৰে। বৃহস্পতিবাৰে সাৰণত আন এখন আৰু আজি সহৰ্ষা দলং ভাঙি পৰাৰ পাছত মুঠ দলং ভাঙি পৰাৰ সংখ্যা ১৩ খন।