সীমান্ত সুৰক্ষা বাহিনীয়ে বিগত ৬ মাহত পঞ্জাবৰ ভাৰত-পাক সীমান্তৰ পৰা ১২৬ খন ড্ৰ’ন জব্দ কৰে। একে সময়তে বৃহৎ পৰিমাণৰ ড্ৰাগছো উদ্ধাৰ কৰা হয়। বিএছএফে দাবী কৰে যে পাকিস্তানে সীমান্তত ভাৰতৰ চোৰাংচোৱাগিৰিৰ তথ্য লাভ কৰিবলৈ এই ড্ৰোন ব্যৱহাৰ কৰিছিল।
একে সময়তে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাৰ অভিযোগত যোৱা ৬ মাহত ২১ জন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে জোৱানসকলে।
বি এছ এফৰ দাবী, ৬ মাহত ইমানবোৰ ড্ৰ’ন উদ্ধাৰ কৰাৰ পূৰ্বৰ কোনো অভিলেখ নাছিল। ইয়াৰ পূৰ্বে ২০২৩ চনত পাকিস্তান সীমান্তৰ পৰা ১০৭খন ড্ৰ’ন জব্দ কৰা হৈছিল। লগতে যোৱা ৬ মাহত প্ৰায় ১৫০ কেজি হেৰ’ইন জব্দ কৰা হৈছে। যাৰ মূল্য কেইবা হাজাৰ কোটি টকা।
ভাৰত-পাকিস্তান সীমান্তৰ প্ৰায় এক তৃতীয়াংশ পঞ্জাবৰ মাজেৰে পাৰ হৈ যায়। পঞ্জাবৰ দুয়োখন দেশৰ মাজত ৫৫৩ কিলোমিটাৰ সীমা আছে। এই দীঘলীয়া সীমান্ত পথেৰে ভাৰতক আক্ৰমণ কৰিবলৈ উগ্ৰপন্থীয়ে কৰা চেষ্টা কোনো নতুন পৰিঘটনা নহয়। প্ৰতি মুহূৰ্ততে চৰম বিপদৰ সন্মুখীন হৈ পঞ্জাব সীমান্তত কাম কৰিব লগা হৈছে জৱানসকলে।
বিগত ৬ মাহৰ পঞ্জাব সীমান্তৰ পৰিসংখ্যাৰ ওপৰত আলোকপাত কৰি বি এছ এফৰ বিষয়াসকলে কয় যে সীমান্তত উগ্ৰপন্থী যে সক্ৰিয় হৈ আছে সেয়াও স্পষ্ট। সেয়ে আগন্তুক দিনত এই বাহিনীক শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি বি এছ এফে অৱগত কৰিছে।