বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে NEET-UG গোচৰৰ শুনানি গ্ৰহণ কৰিছিল যদিও পিছুৱাই দিয়া হৈছে। এই গোচৰৰ শুনানি এসপ্তাহৰ বাবে পিছুৱাই দিয়া হৈছে। ১৮ জুলাইত এই গোচৰৰ পুনৰ উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব ।
এই গোচৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছে। কিন্তু বাদীসকলে কয় যে তেওঁলোকে সেই শপতনামাৰ কপি এতিয়াও পোৱা নাই। সেইবাবেই আদালতে তেওঁলোকক অতিৰিক্ত সময় দিলে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই গোচৰৰ শুনানি এসপ্তাহৰ বাবে স্থগিত ৰখা বুলি জানিবলৈ দিয়ে।
ইয়াৰ পূৰ্বে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই পৰীক্ষা পুনৰ গ্ৰহণৰ নিৰ্দেশ দিব পাৰে বুলি ইংগিত দিছিল। কিন্তু কেন্দ্রই আদালতত দাবী কৰিছে যে পুনৰ পৰীক্ষাৰ প্রয়োজন নাই৷ আৰু এন টি এৰ বক্তব্য, পৰীক্ষাৰ কোনো প্ৰশ্নকাকত হেৰাই যোৱা নাই, আৰু পাটনাত কোনো ট্ৰাংক ভাঙি যোৱাৰ কোনো তথ্যও তেওঁলোকৰ হাতত নাই। ইফালে উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে প্ৰশ্নকাকতখন ছ’চিয়েল মিডিয়াত ফাদিল হৈছে নে নাই। অৱশ্যে ঘটনাৰ তদন্তকাৰী দলে চিবিআই আদালতত এই প্ৰশ্নটো ছ’চিয়েল মিডিয়াত নহয় স্থানীয় একাংশ স্থানত ফাদিল হোৱা বুলি জানিবলৈ দিয়ে। কিন্তু ইয়াৰ পৰিধি সৰু।
ইতিমধ্যে এই গোচৰৰ তদন্তৰ অন্তত চিবিআইয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ৮ জনক পাটনাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা বা এন টি এয়ে উচ্চতম ন্যায়ালয়ত কয় যে কোনো ট্ৰাংকৰ পৰা কোনো প্ৰশ্নকাকত নোহোৱা হোৱা নাই। প্ৰতিখন প্ৰশ্নকাকতত এটা সুকীয়া ক্ৰমিক নম্বৰ থাকে আৰু ই কোনো বিশেষ প্ৰাৰ্থীৰ ওচৰলৈ যায়। তেওঁলোকে লাভ কৰা প্ৰতিবেদনত কোনো ধৰণৰ অবৈধ কাৰ্যকলাপৰ কথা পোহৰলৈ অহা নাই। আনকি কমাণ্ড চেণ্টাৰৰ চিচিটিভি ফুটেজকো তদাৰক কৰা হৈছিল। অস্বাভাৱিক একো ধৰা পৰা নাছিল।