যি সময়ত বিভিন্ন দেশত প্ৰাকৃতিক ভাৰসাম্য আৰু জীৱ-জন্তুৰ বিলুপ্তিকৰণ ৰক্ষাৰ বাবে বিভিন্ন ৰাষ্ট্ৰই সজাগ আৰু সচেতন হৈছে তেনে সময়তে বান্দৰৰ বাবে বিখ্যাত অসমৰ তথা ভাৰতবৰ্ষৰ গৌৰৱ গিবন অভয়াৰণ্য আজি শাসক পক্ষৰ দৃষ্টিৰ বহু আঁতৰত। ৰে’ল বৈদ্যুতিকৰণৰ নামত ২৫০০০ শক্তিৰ বৈদ্যুতিক তাঁৰ অভয়াৰণ্যৰ মাজেৰে পাৰ কৰি নিয়াৰ যো জা চলাইছে। তাৰ ফলস্বৰূপে জীৱ-জন্তুৰ মাজত এক ভাবিব নোৱাৰা বিপদ নামি আহিব আৰু কালক্রমত এদিন অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ আমাৰ গিবন সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব।
যোৱা ১৫ জুলাই , ২০২৪ তাৰিখে মৰিয়নী ৰে’লৱে ষ্টেচনৰ সম্মুখত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (এছ.এফ.আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন ( ডি. ৱাই.এফ.আই )ৰ উদ্যোগত গিবন অভয়াৰণ্যৰ ৰক্ষাৰ দাবীত ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে।
তেওঁলোকে দাবী জনায় যে ৰে’লৱে বৈদ্যুতিকৰণৰ নামত হোলোঙাপাৰ গিবন অভয়াৰণ্য মাজেৰে বৈদ্যুতিক তাঁৰ (২৫০০০ ভল্ট) নিয়াৰ কাম কাজ বন্ধ কৰক। সেইদৰে, হোলোঙাপাৰ গিবন অভয়াৰণ্য মাজেৰে যোৱা ৰে’ল লাইন অভয়াৰণ্যখনৰ ক্ষতি নোহোৱাকৈ বিকল্প পথৰে নিয়াৰ ব্যৱস্থা কৰক।
লগতে পঢ়কঃতামিলনাডুত উদ্ধাৰ অসমৰ তিনি যুৱকৰ মৃতদেহ, এজন সন্ধানহীন
সেই মৰ্মে প্ৰায় ১০০তকৈও অধিক মানুহে লগ হৈ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু গণতান্ত্ৰিকভাবে গোটেই অঞ্চল কঁপাই তুলিছে।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত এছ, এফ, আই, আৰু ডি, ৱাই, ফাই, নেতৃত্বৰ লগতে স্থানীয় ৰাইজ, বুদ্ধিজীৱীয়েওসহযোগ কৰে। প্ৰতিবাদৰ অন্তত মহাপ্ৰবন্ধক (এন.এফ.ৰেলৱে),মাণ্ডলিক ৰে’লৱে প্ৰবন্ধক তিনিচুকীয়া মণ্ডললৈ মৰিয়নি জংচন ষ্টেচন অধীক্ষকৰ জৰিয়তে স্মাৰক পত্ৰ দিয়া হয় ।
তাৰ পিছতে মৰিয়নী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সম্মুখত ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু মৰিয়নী বিধান সভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ মৰিয়নী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে স্মাৰক পত্ৰ দিয়া হয়।
যোৱা ১৬ তাৰিখে এছ এফ আই আৰু ডি ৱাই এফ আই ৰ যোৰহাট জিলা সমিতিৰ এটা প্ৰতিনিধি দলে পদ্মশ্ৰী তথা অৰণ্য মানৱ যাদৱ পায়েঙক সাক্ষাৎ কৰি যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ মাজেৰে ৰে’ল লাইনত ২৫০০০ ভল্ট এম্পিয়াৰ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ প্ৰতিস্থাপন কৰাৰ বাবে হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ জীৱ-জন্তুৰ হ’ব পৰা ক্ষতিৰ বিষয়ে আলোচনা কৰে।
লগতে পঢ়কঃ ভুৱা এনকাউন্টাৰৰ অভিযোগ! অসম আৰক্ষীৰ বিৰুদ্ধে কাছাৰত অন্যায়ভাৱে হত্যাৰ অভিযোগ মাৰ ইনপুইৰ
পায়েঙে হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সুৰক্ষাৰ বিষয়টো উত্থাপন কৰাৰ বাবে এছ এফ আই আৰু ডি ৱাই এফ আইৰ শলাগ লয়। লগতে পায়েঙে ব্যক্তিগতভাৱেও বিষয়টো ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।