• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছহিদ পত্নীৰ লগতে পিতৃ-মাতৃলৈয়ো ক্ষতিপূৰণ; বিতৰ্কৰ মাজতে ঘোষণা মধ্য প্ৰদেশ চৰকাৰৰ

by
July 20, 2024 2:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্তব্যৰত অৱস্থাত এজন আৰক্ষীৰ মৃত্যু হ’লে ক্ষতিপূৰণ তেওঁৰ পত্নীৰ লগতে পিতৃ-মাতৃকো দিয়া হ’ব। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে শেহতীয়াকৈ এই কথা ঘোষণা কৰিছে। তেওঁৰ চৰকাৰে এই সিদ্ধান্ত লৈছে। এই নিয়ম কেৱল মধ্যপ্ৰদেশ আৰক্ষী বিভাগৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। কিছুদিন পূৰ্বে ভাৰতীয় সেনাৰ কেপ্তেইন অংশুমান সিঙৰ মৰণোত্তৰ সন্মান ‘কীৰ্তি চক্ৰ’ক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। কেপ্তেইনৰ পিতৃ-মাতৃয়ে দাবী কৰে যে তেওঁলোকৰ বোৱাৰীয়েকে ‘কীৰ্তি চক্ৰ’ লৈ ঘৰৰ পৰা ওলাই গৈছে। লগতে সেনাবাহিনীৰ ‘নেক্সট অৱ কিন’ নীতি সলনি কৰাৰ দাবী উত্থাপন কৰে। তাৰ ভিতৰত মধ্যপ্ৰদেশ চৰকাৰৰ এই সিদ্ধান্ত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

মধ্যপ্ৰদেশত কৰ্তব্যৰত অৱস্থাত যদি কোনো আৰক্ষীৰ মৃত্যু হয় তেন্তে তেওঁৰ পৰিয়ালে চৰকাৰৰ পৰা এক কোটি টকাৰ ক্ষতিপূৰণ লাভ কৰে। ইমান দিনে পুলিচজনৰ বিয়া হ’লে পত্নীয়ে সেই টকাখিনি পালেহেঁতেন৷ নতুন ঘোষণা অনুসৰি মৃত্যুৰ পিছৰ ক্ষতিপূৰণ আৰক্ষী জোৱানজনৰ পত্নী আৰু পিতৃ-মাতৃৰ মাজত সমানে ভাগ কৰা হ’ব। অৰ্থাৎ পত্নীয়ে ৫০ লাখ টকা আৰু পিতৃ-মাতৃয়ে ৫০ লাখ টকা পাব।

প্ৰসংগক্ৰমে কেপ্তেইন অংশুমান আছিল সেনা চিকিৎসা সেৱাৰ এজন বিষয়া। ২০২৩ চনৰ ১৯ ​​জুলাইত ছিয়াচেনত থকা সেনা শিবিৰৰ গোলাবাৰুদ ভঁৰাল কক্ষত অগ্নিকাণ্ড সংঘটিত হয়। সেই ঘটনাত অংশুমানৰ মৃত্যু হয়। মৃত্যুৰ পূৰ্বে তেওঁ চাৰি-পাঁচজনৰ প্ৰাণ ৰক্ষা কৰিছিল। যোৱা ৫ জুলাইত তেওঁৰ মৰণোত্তৰ সন্মান ‘কীৰ্তি চক্ৰ’ অংশুমানৰ মাতৃ আৰু পত্নীক অৰ্পণ কৰা হয়। মাত্ৰ পাঁচ মাহ আগতে তেওঁৰ বিয়া হৈছিল। ইয়াৰ পাছতে তেওঁক ছিয়াচেনলৈ বদলি কৰা হয়।

Apply Now

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ছহিদজনৰ পত্নী আৰু মাতৃক এই সন্মান প্ৰদান কৰে। অনুষ্ঠানৰ কিছুদিন পাছতে কেপ্তেইনৰ পিতৃ-মাতৃয়ে দাবী কৰে যে তেওঁলোকৰ বোৱাৰীয়েকে ‘কীৰ্তি চক্ৰ’ক লগত লৈ পিতৃৰ ঘৰলৈ লৈ গৈছিল। চৰকাৰী ৰেকৰ্ডতো তেওঁৰ ঠিকনা সলনি কৰিছে। অভিযোগ অনুসৰি পুত্ৰৰ কাপোৰ আৰু সকলো নথি-পত্ৰ লগত লৈ গৈছিল। সন্তানহীন দম্পতীয়ে কয় যে তেওঁলোকৰ হাতত পুত্ৰৰ এখন ছবিৰ বাহিৰে আন একো নাই। কেপ্তেইনৰ পিতৃ ৰবি প্ৰতাপ সিঙে কয়, ‘ভাৰতীয় সেনাবাহিনীত ‘নেক্সট অৱ কিন’ৰ বাবে যি মাপকাঠী নিৰ্ধাৰণ কৰা হৈছে, সেই মাপকাঠী সলনি কৰিব লাগে। ইয়াৰ সংজ্ঞা পুনৰ বিবেচনা কৰা উচিত। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে কথা পাতিলোঁ। অংশুমানৰ ঘৈণীয়েক আৰু আমাৰ লগত নাথাকে। বিয়াৰ মাত্ৰ পাঁচ মাহ হৈছে। তেওঁলোকৰ কোনো সন্তান নাই। আমাৰ হাতত ল’ৰাটোৰ ছবি এখনৰ বাহিৰে একো নাই।প্ৰয়াত কেপ্তেইনৰ পিতৃৰ অভিযোগক লৈ ছ’চিয়েল মিডিয়াত চৰ্চা চলিছিল। এনে পৰিস্থিতিত মধ্যপ্ৰদেশ চৰকাৰৰ এই ঘোষণাই এক সুকীয়া তাৎপৰ্য্য বহন কৰিছে বুলি বিশেষজ্ঞৰ এটা দলে প্ৰকাশ কৰিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd