আজি কেদাৰনাথ মন্দিৰৰ সমীপত পুৱা সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন। এই ভয়ানক ভূমিস্খলনত থিতাতে প্ৰাণ হেৰুৱাই ৩ জনকৈ দৰ্শনাৰ্থীয়ে। লগতে কেইবাজনো লোক আহত হয় বুলি জানিব পৰা গৈছে। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়।
উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ গৌৰীকুণ্ড-কেদাৰনাথ ট্ৰেকিং পথত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা। নেৰানেপেৰা বৰষুণৰ বাবে চিৰাবাছা অঞ্চলত এই ভূমিস্খলন হয়।
ওপৰৰ পৰা খহি অহা শিলে থিতাতে পুতি পেলোৱাৰ ফলত তিনিজন তীৰ্থযাত্ৰীৰ মৃত্যু হয়। ইয়াৰে দুজন মহাৰাষ্ট্ৰৰ বাসিন্দা আৰু এজন ৰুদ্ৰপ্ৰয়াগৰ বাসিন্দা। আহত হয় আন ৮ জন।
জানিব পৰা মতে, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে সক্ৰিয়ভাৱে উদ্ধাৰ অভিযান চলাই আছে। পৰ্যটকসকলক নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ জিলা প্ৰশাসনে পৰামৰ্শ দিছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, “উদ্ধাৰ কাম চলি আছে। কৰ্তৃপক্ষৰ সৈতে মোৰ অহৰহ যোগাযোগ আছে। মই নিৰ্দেশ দিছো যে আহতসকলৰ সকলো চিকিৎসা ব্যৱস্থা কৰা হওক।”
কেৱল কেদাৰনাথতে নহয়, আজি পুৱা গংগোত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথো ভাঙি পৰে। ইয়াৰ বাবেই পথটো বন্ধ হৈ পৰিছে। ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম চলি আছে।