• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ আশ্ৰয় লৈ বাতৰিৰ শিৰোনাম দখলৰ চেষ্টাৰ পৰিৱর্তে মাৰ্ঘেৰিটাই কেন্দ্রীয় মন্ত্রীত্বৰ পদমৰ্যাদা ৰক্ষা কৰক – প্ৰদেশ কংগ্ৰেছ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 22, 2024 7:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ পবিত্ৰ মাৰ্ঘেৰিটাক তুলাধুনা দিলে অসম প্ৰদেশ কংগ্ৰেছে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃত্তিৰ দ্বাৰা সাংসদগৰাকীক ক্ষুৰধাৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছে।

“আজি কিছুদিনৰ পৰা অসত্য আৰু মনে সজা কিছুমান ভুৱা তথ্যৰে সংবাদ মাধ্যমযোগে বিজেপি দলৰ নেতা তথা কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পৱিত্র মাৰ্ঘেৰিটাই কংগ্রেছ দলৰ বিৰুদ্ধে অপবাদ জাপি দিব বিচাৰিছে। মন্ত্রী গৰাকীৰ এনেধৰণৰ কাৰ্য্য দেখি তেওঁলৈ পুতৌ জন্মিছে। ৰাইজৰ দৃষ্টিত তেওঁ নিজকে হাঁহিয়াতৰ পাত্ৰহে কৰি তুলিছে। আমি প্ৰদেশ কংগ্ৰেছে কেইটামান দিনৰ পূর্বে উল্লেখ কৰিছিলো যে মাৰ্ঘেৰিটা ডাঙৰীয়া এতিয়া মাথো বিজেপি দলৰ মুখপাত্র বা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব হৈ থকা নাই। তেওঁ বৰ্তমান কেন্দ্রীয় মন্ত্রী। গতিকে সংবাদ মাধ্যমত কিবা মন্তব্য দিয়াৰ পূর্বে তেওঁ প্ৰকৃত তথ্য আৰু সত্যৰ বিষয়ে অধ্যয়ন কৰি কোৱা উচিত। তেওঁ নিজৰ ব্যক্তিগত কথা নাভাবিলেও অন্ততঃ কেন্দ্রীয় মন্ত্রী পদৰ গৰিমা ৰক্ষা কৰিব লাগে। অসত্য তথ্যৰে অসমৰ সংবাদ মাধ্যমত ভীমৰ গদা ঘূৰোৱাৰ পৰিৱর্তে কেন্দ্রত নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰক।” – প্ৰেছ বিবৃত্তিযোগে এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছে।

Apply Now

ইয়াৰ লগতে প্ৰদেশ কংগ্ৰেছে বিবৃত্তিটোত কয়, “মন্ত্রী মাৰ্ঘেৰিটা ডাঙৰীয়াক আমি সকীয়াই দিবলৈ বিচাৰিছো যে চাহ-জনগোষ্ঠী আৰু কংগ্রেছ দল সম্পর্কে তেওঁ বাৰে বাৰে ভুল আৰু মিছা তথ্য প্ৰকাশ নকৰে যেন। অসমৰ ৰাজনৈতিক ইতিহাসৰ তথ্য সম্পর্কে একেবাৰে অকালপক্ক কোনোবাই তেনে কথা ক’লে বেলেগ কথা। কিন্তু এজন কেন্দ্রীয় মন্ত্রীয়ে এনে কথা ক’লে শোভা নাপায়।”

লগতে কংগ্ৰেছে  মন্ত্ৰীগৰাকীক ইতিহাস অধ্যয়ন কৰিবলৈ এইদৰে সকীয়াই দিয়ে – “মন্ত্রী গৰাকীয়ে স্বাধীনোত্তৰ অসমৰ কংগ্রেছ দলৰ ইতিহাস অধ্যয়ন কৰক। চাহ-জনগোষ্ঠীৰ ৰাইজৰ ৰাজনৈতিক উত্তৰণৰ ইতিহাস অধ্যয়ন কৰক। তেতিয়া তেওঁ অৱগত হ’ব যে নিজৰ যোগ্যতাৰ বলত চাহ জনগোষ্ঠীৰ লোক ভাৰতীয় জাতীয় কংগ্ৰেছত কেনেকৈ উচ্চ পদত অধিষ্ঠিত হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা বিধানসভাৰ অধ্যক্ষলৈ, কেন্দ্রীয় কেবিনেট মন্ত্রীৰ পৰা অসম বিধানসভাৰ বিৰোধী দলপতিলৈ, কংগ্রেছৰ নেতৃত্বত চৰকাৰ গঠন হওঁতে প্ৰতিখন ৰাজ্য চৰকাৰৰ মন্ত্রী সভাত কেইবাজনো কেবিনেট মন্ত্রী হৈছে। বাকী লোকসভা, ৰাজ্যসভাৰ সাংসদ, বিধায়কৰ কথা নকলোৱেই।”

“কিন্তু বিজেপি দলে কেইজন চাহ জনগোষ্ঠীৰ ব্যক্তিক এনে উচ্চ পদ দিছে? কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ কেবিনেটত কেইজনক মন্ত্রীত্বৰ স্হান দিছে? যোৱাবাৰ লোকসভা নিৰ্বাচনত কংগ্রেছ দলে দুগৰাকীকৈ চাহ-জনগোষ্ঠীয় নেতাক টিকট প্ৰদান কৰাৰ পৰিৱর্তে বিজেপি দলে দুজনৰ টিকট কৰ্তন হে কৰিলে। গতিকে, মন্ত্রী ডাঙৰীয়াই নিজেই কি বলকি আছে হয়তো নিজেই নাজানে!!” – কংগ্ৰেছে বিবৃত্তিত উল্লেখ কৰে।

লগতে প্ৰদেশ কংগ্ৰেছে পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰশ্ন কৰি কয় – “তাৰোপৰি, কংগ্রেছ দলক জ্যেষ্ঠতাৰ নীতি শিক্ষা দিবলৈ যোৱাৰ পূর্বে মন্ত্রী গৰাকীয়ে সংসদীয় ৰাজনীতিৰ জ্যেষ্ঠতাৰ ভিত্তি কি? সেই বিষয়ে অলপ অধ্যয়ন কৰাৰ প্ৰয়োজন । তেওঁ ৰাজ্যসভাত প্ৰথমবাৰৰ সাংসদ হৈছে ,তথাপি তেওঁ মন্ত্রী হৈছে।আমি আদৰণী জনাই শুভেচ্ছাও দিছো। কিন্তু, যোৱাকালি তেওঁৰ যুক্তি অনুসৰিয়েই বিজেপি দলৰ আন এজন ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ১৯৮৪ চনৰ পৰা ৰাজ্যসভাৰ সাংসদ। গতিকে তেওঁ বৰ্তমান বিজেপিৰ আটাইতকৈ জ্যেষ্ঠ সাংসদ। ঠিক তেনেদৰে কামাখ্যা প্ৰসাদ তাচা ডাঙৰীয়াও মন্ত্রী মাৰ্ঘেৰিটাতকৈ লোকসভা, ৰাজ্যসভা উভয়তে জ্যেষ্ঠ সাংসদ। মন্ত্রী ডাঙৰীয়া হয়তো প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতেই কলিতা ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ আছিল। ঠিক তেনেদৰে তেওঁ ভিচিডি নিৰ্মাণৰ লগত জড়িত থাকোঁতেই তাচা ডাঙৰীয়া নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিছিল। গতিকে, তেওঁ নিজৰ যুক্তি অনুসৰিয়েই মন্ত্রীত্বৰ পদ এই দুজন জ্যেষ্ঠ সাংসদলৈ বুলি এৰি দি উপদেশত কৈ আদৰ্শ ভাল বুলি প্ৰমাণ কৰি দেখুৱাব পাৰিব নে ??”

আহোম জনগোষ্ঠীৰ ব্যক্তি হৈও চ্যাওলুং চ্যুকাফাৰ আদৰ্শ মানি চলা নাই বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছ কয় – “ইয়াৰোপৰি আজিকালি কথাই প্ৰতি নিজকে আহোম জনগোষ্ঠীৰ বুলি সংবাদ মাধ্যমৰ সন্মুখত কৈ ফুৰা মন্ত্রীগৰাকীয়ে দৈনিক চ্যাওলুং চ্যুকাফাৰ নীতি আৰু আদৰ্শক ভৰিয়ে মোহাৰি ঠেক সাম্প্ৰদায়িক আৰু ঘৃণাৰ ৰাজনীতিৰ কথাহে কোৱা শুনো। আচলতে তেওঁ এনেধৰণৰ মন্তব্যৰে দৈনিক আমাৰ আহোম স্বৰ্গদেউ সকল আৰু উপৰিপুৰুষকসকলৰ মহান আদৰ্শ আৰু ত্যাগক অপমান হে কৰিছে।”

শেষত সংবাদমেলত সম্বোধন কৰাৰ পূৰ্বে অধ্যয়ন কৰিবলৈ পবিত্ৰ মাৰ্ঘেৰিটাক সোৱৰাই দিয়ে অসম প্ৰদেশ কংগ্ৰেছে।

লগতে কগ্ৰেছে মাৰ্ঘেৰিটাক উদ্দেশ্যি কয় – “ইছ্যু ডাইভাৰ্ট কৰিবলৈ এসোপা ভুৱা তথ্য আৰু মিথ্যাচাৰেৰে সংবাদ শিৰোনাম দখলৰ অপচেষ্টা ত্যাগ কৰক। নিজৰ বিভাগীয় কামেৰে বাতৰিৰ শিৰোনাম দখলৰ চেষ্টা কৰক। আপোনাৰ নিজৰ লগতে ৰাজ্যখনৰো মংগল হ’ব।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd