• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধ হ’ব মৰমৰে! পত্নীৰ সৈতে কাজিয়াৰ পিছত ভুলতো নকৰিব এই ৬টা কাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2024 2:16 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1.8k
VIEWS
Share on FacebookShare on Twitter

পাৰিবাৰিক জীৱনত কম বেছি পৰিমাণে খুটখাট লাগিয়ে থাকে। কেতিয়াবা কাজিয়া হ’লে, আন সময়ত প্ৰেমেৰে পৰিপূৰ্ণ সময়ো আহে। ইয়াকে সংসাৰ বুলি কোৱা হয়। দাম্পত্য জীৱনৰ মুহূৰ্তবোৰ সুন্দৰ কৰিবলৈ স্বামী-স্ত্ৰী উভয়ৰে চেষ্টাৰ প্ৰয়োজন। যিবোৰ কথাই সম্পৰ্কটো তিক্ত কৰি পেলায় সেইবোৰ এৰাই চলিব লাগে।

বিশেষকৈ কাজিয়াৰ সময়ত দুয়োজনেই সাৱধান হ’ব লাগে। কাৰণ কাজিয়া আৰম্ভ হৈ শেষ হ’লেও তাৰ ৰেশবোৰ যেন থাকিয়েই যায়। কাজিয়াৰ পিছৰ মুহূৰ্তবোৰ আৰু অধিক গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত কিছুমান ভুল কামে সম্পৰ্কটোক জোকাৰি যাব পাৰে। এই সংবেদনশীল সময়ত যদি বুজাবুজি ভাল নহয়, তেন্তে সম্পৰ্কটোও বিচ্ছেদৰ পথত আগবাঢ়িব পাৰে।

সেয়ে কাজিয়াৰ পিছত যাতে মধুৰ সম্পৰ্কটো ভাঙি নাযায় তাৰ বাবে কেইটামান কাম ভুলতো কৰিব নালাগে। সেইবোৰ হ’ল-

  • কাজিয়াৰ পিছত দুয়োৱে বেছি খঙত থাকে। গতিকে কাজিয়া শেষ হ’লেই খৰখেদাকৈ মিটমাট নকৰিব। আপোনাৰ সংগীক মগজ ঠাণ্ডা হ’বলৈ সময় দিয়ক। কিহৰ বাবে সমস্যাৰ সৃষ্টি হ’ল সেই বিষয়ে চিন্তা কৰক। লগতে চিন্তা কৰক যে কাজিয়াখনৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগিছিল। ইয়াৰ পিছত যেতিয়া খং কমি যায় তেতিয়া আপোনাৰ সংগীৰ লগত কথা পাতি সকলো নিষ্পত্তি কৰক।
  • কাজিয়াৰ পিছত ইজনে সিজনক কটাক্ষ কৰি কথা নকব। ইয়াৰ ফলত কাজিয়া বাঢ়িব। আপোনাৰ সংগীয়ে সদায় প্ৰথমে কথা পাতিব বুলি আশা নকৰিব। নিজে আগবাঢ়ি যাওক। সমস্যাটো সমাধান কৰক।
  • কাজিয়াৰ পিছত বহুতে খঙত দুৱাৰখন বন্ধ কৰি বহি থাকে। এইটো নকৰিব। সংগীৰ পৰা আঁতৰি থকাটো কোনো সমাধান নহয়। বৰং সম্পৰ্কৰ তিক্ততা বাঢ়িব। সেয়ে কথা পাতি থাকিব। নিজকে শান্ত কৰি সমস্যাটোৰ বিষয়ে আলোচনা কৰক। সংসাৰৰ আন কামবোৰত যিদৰে কৰে, তেনেদৰেই আগবাঢ়ক। কোনো কথাকে লৈ কাজিয়াত সূত্ৰপাত নকৰিব। পৰিস্থিতি স্বাভাৱিক হ’ব।
  • বহুতে কাজিয়াৰ পিছত ইজনে সিজনক দোষাৰোপ কৰে। ইয়াৰ ফলত সমস্যা বাঢ়িব। ছোৱালীবোৰ অলপ বেছি অভিমানী হয়। সেয়ে পত্নীক পতিয়ন নিয়াবলৈ চেষ্টা কৰক। ধৈৰ্য ধৰক। আপোনাৰ পত্নীৰ কথাও শুনক।
  • কাজিয়াৰ পিছত ক্ষমা খুজিবলৈ নাপাহৰিব। দুয়োজনে ইজনে সিজনৰ ওচৰত ক্ষমা বিচাৰক। এই অভ্যাসে সম্পৰ্কটো গভীৰ কৰি তুলিব।
  • কাজিয়াৰ পিছত তৃতীয় পক্ষৰ লগত বিষয়টো আলোচনা নকৰিব। বৰঞ্চ চাৰি দেৱালৰ ভিতৰতে মিটমাট কৰক। আনৰ লগত সমস্যাৰ বিষয়ে আলোচনা কৰিলে বিষয়বোৰ হাস্যকৰ হৈ উঠিব পাৰে। যিয়ে সমস্যাটো আৰু অধিক বৃদ্ধি কৰিব। সেয়ে যিয়েই নহওক, নিজেই নিষ্পত্তি কৰি লওক। ইয়াৰ দ্বাৰা সম্পৰ্কৰ সঠিক মূল্যায়ন হ’ব। আনৰ আগতো সৰু হব নালাগিব। 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd