মঙলবাৰে পুৱাই পুনৰ এক ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। ঝাৰখণ্ডৰ চক্ৰধৰপুৰৰ সমীপত পুৱা প্ৰায় ৪:৪৫ বজাত হাওৰাৰ পৰা মুম্বাই অভিমুখী হাওৰা-চি এছ এম টি এক্সপ্ৰেছত এক দুৰ্ঘটনা সংঘটিত হয়। প্ৰাথমিক খৱৰ অনুসৰি এই দুৰ্ঘটনাৰ বাবে ৰে’লখনৰ কমেও ১৮টা ডবা ৰে’লপথৰ লাইনচ্যুত হৈছে।
ইতিমধ্যে এই দুৰ্ঘটনাত দজন লোকৰ মৃত্যু হৈছে। আহত হৈছে কমেও ২০জন যাত্ৰী। আঘাতপ্ৰাপ্তৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ইতিমধ্যে ৰে’লৱেই দুৰ্ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে। যুদ্ধকালীনভাৱে উদ্ধাৰ অভিযানৰ কাম আৰম্ভ হৈছে।
জানিব পৰা মতে, ১৮টা লাইনচ্যুত ডবাৰ ভিতৰত ১৬টাই যাত্ৰীবাহী ডবা। বাকী দুটাৰ ভিতৰত এটা ৰে’লৰ পাৱাৰ ৰুম আৰু আনটো পেন্ট্ৰি কাৰ। দুৰ্ঘটনাস্থলীৰ পৰা আহত যাত্ৰীসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চক্ৰধৰপুৰলৈ প্ৰেৰণ কৰা হৈছে।
লগতে পঢ়কঃ ৰাহুলে গান্ধীয়ে সংসদত ছবি দেখুৱাই দিলে মন্তব্য, মূৰে-কপালে হাত দিলে সীতাৰমনে! ঘটনাটো কি?
এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে ৰে’লৱেৰ এজন বিষয়াই জনোৱা মতে, মুম্বাই অভিমুখী ৰে’লখনে দুৰ্ঘটনা সংঘটিত কৰা ঠাইৰ ওচৰতে এখন মালবাহী ৰে’লো লাইনচ্যুত হৈছে। অৱশ্যে এই দুই দুৰ্ঘটনাৰ সৈতে কোনো সম্পৰ্ক আছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। দুৰ্ঘটনাৰ কাৰণ জানিবলৈ ৰে’ল কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে।