• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ ভূখণ্ডত চীনে নিৰ্মাণ কৰিছে ৪০০ মিটাৰ দৈৰ্ঘৰ সেঁতু , চলাচল কৰিছে চীনৰ যান-বাহন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 31, 2024 1:25 pm
1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ভূখণ্ডত ৪০০ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং নিৰ্মাণ কৰিছে চীনে। কেৱল সেয়াই নহয় ইয়াৰ ওপৰেৰে যান-বাহনো চলাইছে ।

শেহতীয়াকৈ উপগ্ৰহৰ ছবিত ধৰা পৰিছে এই তথ্য। এই পকী দলংখন লাডাখৰ পেংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ কৰিবলৈ নিৰ্মাণ কৰা হৈছে। এতিয়া স্বাভাৱিকতে দেশৰ নিৰাপত্তাৰ বিষয়টো আকৌ আহি পৰিছে।

২০২০ চনৰ জুন মাহত পেংগং হ্ৰদৰ সমীপৰ গালৱান উপত্যকাত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত সংঘৰ্ষ হৈছিল। তাৰ পিছৰে পৰা দুয়োখন দেশৰ সম্পৰ্ক বেয়াৰ ফাললৈ ঢাল খাইছে।

সূত্ৰ অনুসৰি, উক্ত ঘটনাৰ পিছতে চীনে এই দলংখন নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। বৰ্তমান এই দলংখন সম্পূৰ্ণ হৈছে।

অৱশ্যে এই দলং নিৰ্মাণৰ কামৰ বিষয়ে চীনে কেতিয়াও কোনো ঘোষণা কৰা নাই। উপগ্ৰহৰ ছবিৰ পৰাহে এই তথ্য পোহৰলৈ আহিছে। উপগ্ৰহৰ ছবিত এই দলঙত চীন যান-বাহনৰ চলাচলো পোহৰলৈ আহিছে।

খবৰ অনুসৰি এই দলংখনে লাডাখ আৰু চীনৰ মাজৰ দূৰত্ব ৫০ৰ পৰা ১০০ কিলোমিটাৰ পৰ্যন্ত হ্ৰাস কৰিছে। ফলত ভৱিষ্যতে যদি পুনৰ ৰঙা চীন আৰু ভাৰতীয় সেনাৰ মাজত সংঘাতৰ সৃষ্টি হয়, তেন্তে চীনে ডাঙৰ সুবিধা লাভ কৰিব।

বিশেষজ্ঞসকলৰ মতে এই দলং নিৰ্মাণ কৰি চীনে প্ৰকৃততে লাডাখৰ ওপৰত অধিক নিয়ন্ত্ৰণ লাভ কৰিব বিচাৰিছে। নতুন দলংখনৰ জৰিয়তে অতি শীঘ্ৰে যুদ্ধৰ সা-সঁজুলি অনা সম্ভৱ হৈছে। ভাৰতৰ লগত কোনো যুদ্ধ বা বিবাদ হ’লে তাৎক্ষণিকভাবে সেনা মোতায়েন কৰিবলৈ সুবিধা হৈছে।

সম্প্ৰতি জম্মু-কাশ্মীৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদী কাৰ্যকলাপ। বিগত কেইমাহমানৰ ভিতৰত উপত্যকাটোত কেইবাজনো জোৱান শ্বহীদ হৈছে। তাত প্ৰতিদিনে দেশৰ সেনাই কিবা নহয় কিবা আক্ৰমণৰ সন্মুখীন হৈছে। ইফালে লাডাখৰ এই দলংখনৰ খবৰে পুনৰ ভাৰতীয় সেনাক চিন্তিত কৰি তুলিছে।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd