• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা অংশুমান গাইকোৱাডৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2024 7:30 am
প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা অংশুমান গাইকোৱাড। ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা অংশুমান গাইকোৱাড। ফাইল ফটোঃ সংগ্ৰহীত।

2.5k
VIEWS
Share on FacebookShare on Twitter

টিম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক অংশুমান গাইকোৱাডৰ দেহাৱসান ঘটিছে। গাইকোৱাডে বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে। কিছুদিন ধৰি তেওঁ মাৰাত্মক কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। স্বাভাৱিকতে গাইকোৱাডৰ মৃত্যুত ভাৰতীয় ক্ৰিকেট জগতত শোকৰ ছাঁ পৰিছে।

গাইকোৱাডক চিকিৎসাৰ বাবে বিমানেৰে লণ্ডনলৈ লৈ যোৱা হৈছিল। কেইমাহমান আগতে তেওঁ ইংলেণ্ডৰ পৰা বৰোদালৈ উভতি আহিছিল। তাতেই তেওঁৰ চিকিৎসা চলি আছিল। অৱশ্যে বুধবাৰে জীৱন যুদ্ধত পৰাস্ত হয় তাৰকা ক্ৰিকেটাৰগৰাকী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টিম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। বি চি চি আইৰ সম্পাদক জয় শ্বাহেও গাইকোৱাডৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁ টুইটযোগে অংশুমানৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। কিছুদিন পূৰ্বে বিচিচিআইয়ে গাইকোৱাডৰ চিকিৎসাৰ বাবে প্ৰাক্তন তাৰকাগৰাকীক ১ কোটি টকা দিয়াৰ সিদ্ধান্ত লৈছিল।

লগতে পঢ়কঃ অলিম্পিক পদক জয়ৰ দিশে ধাৱমান লাভলীনা বৰগোহাঁই; নৰৱেৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অংশুমান গাইকোৱাডে ১৯৭৫ চনৰ পৰা ১৯৮৭ চনৰ ভিতৰত ভাৰতৰ হৈ ৪০ খন টেষ্ট আৰু ১৫ খন এদিনীয়া আন্তৰ্জাতিক মেচ খেলিছিল। টেষ্টত তেওঁ গড়ে ৩০.০৭ ১৯৮৫ ৰান সংগ্ৰহ কৰে। ২ টা শতক আৰু ১০টা অৰ্ধশতক অৰ্জন কৰে। টেষ্টত গাইকোৱাডৰ ব্যক্তিগত ইনিংছ সৰ্বাধিক ২০১ ৰানৰ। টেষ্ট ক্ৰিকেটত তেওঁৰ ২টা উইকেটো আছে।

এদিনীয়া ক্ৰিকেটত অংশুমানে ২০.৬৯ গড়ে ২৬৯ ৰান সংগ্ৰহ কৰে। তেওঁ এটা অৰ্ধশতক অৰ্জন কৰে। দেশৰ জাৰ্চিত এদিনীয়া ক্ৰিকেটত গাইকোৱাডৰ সৰ্বোচ্চ ব্যক্তিগত ইনিংছ ৭৮ নট আউট। এদিনীয়া ক্ৰিকেটত ১ টা উইকেটো দখল কৰিছে।

অংশুমান গাইকোৱাডে ঘৰুৱা ক্ৰিকেটত বৰোদাৰ হৈ খেলিছিল। ২০৬ খন প্ৰথম শ্ৰেণীৰ মেচত তেওঁৰ ১২১৩৬ ৰান কৰে। লগতে ১৪৩টা উইকেটো দখল কৰে। অংশুমানৰ পিতৃ দত্তজিৰাও গাইকোৱাডে ভাৰতৰ হৈ ১১খন টেষ্ট খেলিছিল। অংশুমান গাইকোৱাডে ১৯৯৭ চনৰ পৰা ১৯৯৯ চনলৈ ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে কাম কৰিছিল। তেওঁৰ পিতৃ দত্তজিৰাও ১৯৭৮ চনত ভাৰতৰ প্ৰশিক্ষক হয়।

লগতে পঢ়কঃ ইউপিএছচিয়ে বাতিল কৰিলে পূজা খেডকাৰৰ প্ৰাৰ্থীত্ব; ভৱিষ্যতে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা নিষেধাজ্ঞা

অংশুমান গাইকোৱাডো ৰাষ্ট্ৰীয় নিৰ্বাচক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। টেষ্টত পাকিস্তানৰ বিৰুদ্ধে গাইকোৱাডে সৰ্বাধিক ব্যক্তিগত ইনিংছ খেলিছিল। ১৯৮২-৮৩ চনৰ ছিজনৰ সেই ইনিংছত তেওঁ ক্ৰীজত ৬৭১ মিনিট সময় কটাই ৪৩৬টা বল খেলিছিল।

Recent News

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd