পেৰিছ অলিম্পিকত পদক লাভ কৰাৰ পিছতে স্বপ্নীল কুছালেৰ ভাগ্যৰ চকৰি ঘুৰিবলৈ আৰম্ভ কৰিলে। পেৰিছ অলিম্পিকৰ স্বপ্নীলৰ ব্ৰঞ্জৰ পদক অকল লাখ লাখ ভাৰতীয়ক আলোড়িত কৰাই নহয়, বছৰ বছৰ ধৰি চেন্ট্ৰেল ৰে’লৱেৰ কাৰ্যালয়ত আৱদ্ধ হৈ থকা তেওঁৰ প্ৰমোচনৰ ফাইলো এইবাৰ ঘুৰিবলৈ আৰম্ভ কৰিছে।
২০১৫ চনৰ পৰা কেন্দ্ৰীয় ৰে’লৱেত কাম কৰি আছে স্বপ্নীলে। কিন্তু এই ন বছৰত তেওঁক এবাৰো পদোন্নতি দিয়া নহ’ল। স্বপ্নীলে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো এই পৰ্যন্ত ৰে’লৱেই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। নিজৰ অফিচৰ এনে অৱহেলাত খুব হতাশ হৈ পৰিছিল শ্বুটাৰজন।
স্বপ্নীলৰ প্ৰশিক্ষক দীপালী দেশপাণ্ডেই দ্য টাইমছ অৱ ইণ্ডিয়াৰ আগত দাবী কৰে যে, “যোৱা ৯ বছৰ ধৰি ৰে’লৱেত কাম কৰি আহিছে, কিন্তু তেওঁক কেতিয়াও পদোন্নতিৰ বাবে বিবেচনা কৰা হোৱা নাছিল।”
লগতে পঢ়কঃ অলিম্পিকত সিন্ধুৰ পদক লাভৰ হেট্ৰিকৰ স্বপ্ন শেষ; প্ৰি-কোৱাৰ্টাৰত ষ্ট্ৰেইট গেমত পৰাস্ত হৈ ল’লে বিদায়
অৱশ্যে কেন্দ্ৰীয় ৰে’লৱেৰ সহকাৰী ক্ৰীড়া বিষয়া ৰেঞ্জিথ মহেশ্বৰীয়ে দ্য টাইমছ অৱ ইণ্ডিয়াক জনাইছে যে পেৰিছত ব্ৰঞ্জৰ পদক বিজয়ীগৰাকীয়ে “কাইলৈ (শুকুৰবাৰ)ৰ ভিতৰত ডাব’ল প্ৰমোচন পাব”।
তেওঁ দাবী কৰে, ‘৯ বছৰ ধৰি তেওঁক পদোন্নতি দিয়া হোৱা নাই, এইটো ভুল তথ্য। তেওঁৰ পদোন্নতি স্থগিত ৰখা হোৱা নাই। আমি জেনেৰেল মেনেজাৰৰ সৈতে কথা পাতিছো আৰু দুদিনৰ ভিতৰত তেওঁ ডাব’ল প্ৰমোচন পাব বুলি আশা কৰিছো।’
ৰে’লৱেৰ সহকৰ্মীসকলে জনোৱা মতে, কাৰ্যালয়ত থকা জ্যেষ্ঠসকলৰ আচৰণত স্বপ্নীলে আঘাত পাইছিল। নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন সহকৰ্মীয়ে কয় যে যেতিয়াই স্বপ্নীলে তেওঁৰ পদোন্নতিৰ কথা সুধিছিল তেতিয়াই তেওঁক অভদ্ৰভাৱে উত্তৰ দিয়া হৈছিল। আৰু ই তেওঁক আৰু বেছি আঘাত দিছিল।’
স্বপ্নীলৰ প্ৰশিক্ষক দীপালি দেশপাণ্ডেই লগতে কয় যে, “তেওঁক প্ৰমোচন ফাইল আগবঢ়াই দিবলৈ পেৰিছলৈ যোৱাৰ পূৰ্বে কাৰ্যালয়ত ৰিপৰ্ট কৰিবলৈ কোৱা হৈছিল। প্ৰশিক্ষণত ব্যস্ত থকাৰ বাবে স্বপ্নীল অফিচলৈ যোৱা নাছিল।”
লগতে পঢ়কঃ মৃতকৰ সংখ্যা ৩০০ অতিক্ৰম! দুৰ্দশাগ্ৰস্ত ৱায়ানাডৰ উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰা হৈছে ড্ৰ’ন
স্বপ্নীল পদক জয়ী হোৱাৰ পিছত বৃহস্পতিবাৰে কেন্দ্ৰীয় ৰে’লৱেই তাৰকা শ্বুটাৰগৰাকীৰ প্ৰমোচন অৰ্ডাৰ জাৰি কৰে। অলিম্পিক পদক বিজয়ী শ্বুটাৰগৰাকীৰ প্ৰশিক্ষকৰ পদোন্নতি সন্দৰ্ভত উত্থাপন কৰা অভিযোগৰ বিষয়ে কেন্দ্ৰীয় ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া স্বপ্নীল নীলাকো সোধা হৈছিল। এই সন্দৰ্ভত তেওঁ প্ৰথমে পুনে বিভাগৰ লগত কথা পাতিব লাগিব বুলি কয়। “আপাতদৃষ্টিত কোনো বিসংগতি নাই” বুলি দাবী কৰে যদিও বিষয়টো প্ৰথমতে জানি লৈ তাৰপিছতহে উত্তৰ দিব বুলি জনায়।