• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বুদ্ধদেব ভট্টাচাৰ্যৰ বিয়োগত চিপিআই (এম) অসম ৰাজ্যিক কমিটিৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 8, 2024 8:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিআই(এম) দলৰ শীৰ্ষস্থানীয় নেতা কমৰেড বুদ্ধদেৱ ভট্টাচাৰ্যৰ (৮০ বছৰ) বিয়োগত পাৰ্টিৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ আৰু নেতা গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে।

দীৰ্ঘদিন তেখেতে বিভিন্ন অসুখত ভুগি আছিল। ৰাজ্যিক কমিটিয়ে কমৰেড ভট্টাচাৰ্যৰ পত্নী-পুত্ৰ সমন্বিতে শোকবিহ্বল পৰিয়াল আৰু অগণন গুণমুগ্ধৰ প্ৰতি জ্ঞাপন কৰিছে সমবেদনা।

Apply Now

কমৰেড বুদ্ধদেৱ ভট্টাচাৰ্যই ছাত্ৰাৱস্থাতে ১৯৬৬ চনত পাৰ্টিত যোগদান কৰি প্ৰগতিশীল ছাত্ৰ-যুৱ আন্দোলনৰ নেতৃত্ব দিয়ে আৰু ১৯৬৮ চনত পশ্চিমবংগৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ সম্পাদকৰ দায়িত্ব বহন কৰে। চিপিআই(এম)ৰ পশ্চিমবংগ ৰাজ্যিক কমিটিৰো নেতৃত্বলৈ নিৰ্বাচিত হোৱাৰ পাছত ভট্টাচাৰ্যই ১৯৮৫ চনত পাৰ্টিৰ কেন্দ্ৰীয় কমিটিৰ সদস্য আৰু ২০০০ চনত পলিটব্যুৰোৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ২০১৫ চনলৈ পলিটব্যুৰোৰ সদস্য হৈ থকাৰ সময়ছোৱাত তেখেতে পাৰ্টিৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

স্বাস্থ্যজনিত কাৰণত তেখেতে পাছত পাৰ্টিৰ শীৰ্ষস্থানীয় পদবীৰ পৰা অব্যাহতি লয়। পশ্চিমবংগৰ বাওঁমৰ্চা চৰকাৰ ক্ষমতাত থকাৰ সময়ত প্ৰায় তিনি দশক কাল তেওঁ বিভিন্ন বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্ব দক্ষতাৰে পালন কৰে আৰু জ্যোতি বসুয়ে মুখ্যমন্ত্ৰীৰ পদৰ পৰা অব্যাহতি লোৱাৰ পাছত ২০০০ চনৰ পৰা ২০১১ চনলৈ বাওঁমৰ্চা চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পদত কাৰ্যনিৰ্বাহ কৰে। বাওঁমৰ্চা চৰকাৰৰ জনমুখী নীতিসমূহ নিৰ্ধাৰণ তথা প্ৰৱৰ্তনৰ ক্ষেত্ৰত বুদ্ধদেৱ ভট্টাচাৰ্যৰ আছিল অসামান্য অৱদান।

পশ্চিমবংগত সাহিত্য-সংস্কৃতিৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়ি তোলা আৰু প্ৰগতিশীল সাংস্কৃতিক মূল্যবোধক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত তেখেতে উল্লেখযোগ্য অৱদান এৰি গৈছে। তেখেত একেধাৰে আছিল এজন বিশিষ্ট কবি, নাট্যকাৰ আৰু লেখক। বিদেশী ভাষাৰ বহু কেইখন উচ্চমানৰ গ্ৰন্থও তেখেতে বঙালী ভাষালৈ অনুবাদ কৰে।

কমিউনিষ্ট আদৰ্শ আৰু আন্দোলনৰ প্ৰতি এক উৎসৰ্গিত প্ৰাণ বুদ্ধদেৱ ভট্টাচাৰ্যই অতি সহজ-সৰল জীৱন যাপন কৰিছিল। মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ৰ পৰাই মৃত্যু পৰ্যন্ত দুটা কোঠালীৰ এটা সৰু ঘৰতে তেওঁৰ পৰিয়ালটোৱে বসবাস কৰি আছিল।

অসমৰ পাৰ্টি সংগঠনৰ বিকাশ আৰু শ্ৰীবৃদ্ধিৰ বাবেও তেখেতে সময়ে সময়ে বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াইছিল। ২০০১ চনত পাৰ্টিৰ ৰাজ্যিক সন্মিলনত অংশগ্ৰহণ কৰি ভট্টাচাৰ্যই গুৱাহাটীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিছিল। তেখেতৰ বিয়োগত পশ্চিমবংগৰ লগতে সমগ্ৰ দেশৰ বাঁওপন্থী আৰু কমিউনিষ্ট আন্দোলনৰ অপূৰণীয় ক্ষতি হ’ল।

চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। কমৰেড বুদ্ধদেৱ ভট্টাচাৰ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু অন্তিম বিদায় অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে আজি আবেলি পাৰ্টিৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ কলকাতালৈ ৰাওনা হৈছে। কাইলৈ ৯ জুলাইৰ দুপৰীয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু শেষকৃত্য সম্পন্ন হ’ব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd