• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ আৰু নতুন নিযুক্তিৰ নামত চৰম প্ৰতাৰণা মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰঃ ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2024 7:27 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেতন সুৰক্ষাৰ ব্যৱস্থা নকৰাকৈ বিশেষ নিযুক্তিৰ ব্যৱস্থাৰে (Special Recruitment Drive) ৩৫ হাজাৰ ঠিকাভিত্তিক টে’ট উত্তীৰ্ণ শিক্ষকক চাকৰি নিয়মীয়াকৰণৰ নামত চৰম প্ৰতাৰণা কৰিবলৈ ওলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ নেতৃত্বত অসম চৰকাৰে। অকল ঠিকাভিত্তিক শিক্ষককেই নহয় নতুন উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষক, উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষক আৰু প্ৰাথমিক শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো ঠগ-প্ৰবঞ্চনাৰ আশ্ৰয় লৈছে অসম চৰকাৰে।

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ শিক্ষক সমাজক চৰম অন্যায় কৰা আৰু যুৱ প্ৰজন্মক প্ৰতাৰণা কৰা এনে প্ৰবঞ্চক মানসিকতাক তীব্ৰ নিন্দা কৰিছে। ডি ৱাই এফ আইয়ে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়া কৰাৰ লগতে ইতিমধ্যে ঘোষণা কৰা আৰু আৱেদন কৰা সমগ্ৰ শিক্ষক পদৰ তৎকালে নিযুক্তি দিবলৈ দাবী জনাইছে।

ঠিকাভিত্তি ৩৫,১৩৩ গৰাকী শিক্ষক চাকৰি নিয়মীয়া কৰিবলৈ চৰকাৰে বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছে। আচৰিত কথা যে এইসকল শিক্ষকক এসময়ত প্ৰায় নিয়মীয়া কৰা বুলি অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে ব্যাপক প্ৰচাৰ কৰি ৰাজনৈতিক লাভ বুটলিবলৈ চেষ্টা চলাইছিল। এই শিক্ষকসকলক শিক্ষক নিযুক্তিৰ সকলো বিধান মানি বিজ্ঞাপন প্ৰকাশ কৰি বিশাল নিযুক্তি মেলা পাতি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছিলে। আজি ১২ বছৰ কাল শিক্ষকতা কৰি এইসকল শিক্ষকে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থালৈ যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। এনে ক্ষেত্ৰত তেওঁলোকৰ চাকৰি নিঃচৰ্তভাৱে নিয়মীয়া কৰাৰ প্ৰয়োজন যদিও চৰকাৰে কুটিল মানসিকতাৰে তেওঁলোকক নতুন নিযুক্তি প্ৰক্ৰিয়াৰ মাজলৈ ঠেলি দিব বিচাৰিছে। এয়া দেখদেখকৈ অন্যায়। এই পদক্ষেপ কাৰ্যকৰী কৰিবলৈ হ’লে কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলে আৰ্থিকভাৱে বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ লগতে তেওঁলোকে ইমান দিনে কৰি অহা সেৱাৰ প্ৰতি ঘৰ অন্যায় কৰা হ’ব।

Apply Now

অসম চৰকাৰে নতুন শিক্ষক নিযুক্তিৰ নামতো ৰাজ্যখনৰ শিক্ষিত যুৱক-যুৱতীসকলৰ প্ৰতি ডাঙৰ অন্যায় কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিও অন্যায় কৰিছে। আচৰিত কথা যে এইখন চৰকাৰে ২০২৩ চনৰ ডিচেম্বৰ মাহৰ ২৬ তাৰিখে এক বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই বিজ্ঞাপন মতে প্ৰাথমিক বিদ্যালয়ৰ ৩৮০০ টা আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ১৭৫০ টা খালী পদত নিযুক্তি দিব। ২০২৪ চনৰ ২ জানুৱাৰীৰ পৰা ৰাজ্যখনৰ কেইবা হাজাৰ প্ৰাৰ্থীয়ে এই খালী পদৰ বিপৰীতে আৱেদন কৰিলে। কিন্তু আজি ৮ মাহ উকলি যোৱাৰ পাছতো এই পদসমূহৰ কোনো নিযুক্তিৰ ব্যৱস্থা নকৰিলে, ভবিষ্যতে কেতিয়া হ’ব তাৰো কোনো সুদূত্তোৰ নাই।

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ ৮,৯৮০ টা খালী পদৰ বিজ্ঞাপন প্ৰকাশ কৰিলে যদিও আজি ৭ মাহে আৱেদন প্ৰক্ৰিয়া আৰম্ভ নকৰিলে। চৰকাৰে ঘোষণা কৰা “টে’ট কাম ৰিক্ৰুটমেন্ট টেষ্ট(TET cum Recruitment Test)” পতাৰ ক্ষেত্ৰতো কোনো খবৰ নাই। ফলত নিযুক্তিৰ বাবে আশাপালি থকা হাজাৰ হাজাৰ বি এড উত্তীৰ্ণ যুৱক-যুৱতীয়ে চৰম দুশ্চিন্তাত দিন পাৰ কৰিবলগীয়া হৈছে। যি সময়ত কথাই প্ৰতি মুখ্যমন্ত্ৰীয়ে নিযুক্তিৰ কথা কয় সেই সময়তে ঘোষণা কৰাৰ পিছতো মাহৰ পিছত মাহলৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ নকৰাৰ অন্তৰালত নানা সন্দেহ সৃষ্টি হৈছে। নিৰ্বাচনৰ আগমুহূৰ্তত এনে ঘোষণাবোৰ কৰি শিক্ষিত যুৱক-যুৱতীসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলে তেওঁলোকৰ পক্ষত ব্যৱহাৰ কৰিবলৈ গভীৰ ষড়যন্ত্ৰ কৰা বুলি শেহতীয়া স্থিতিয়ে প্ৰমাণ কৰিছে। ডি ৱাই এফ আইয়ে এই চক্ৰান্তক ধিক্কাৰ জনাইছে আৰু ইতিমধ্যে ঘোষণা কৰা সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া তৎকালে আৰম্ভ কৰিবলৈ দাবী কৰিছে। ডি ৱাই এফ আইয়ে লক্ষ্য কৰিছে যে মুখ্যমন্ত্ৰী গৰাকী নিযুক্তিৰ বিষয়সমূহত তৎপৰ হোৱাৰ সলনি সাম্প্ৰদায়িক ৰাজনীতিতহে ব্যস্ত হৈছে। এনে ধৰণৰ ৰাজনীতিৰ সলনি নিযুক্তি প্ৰক্ৰিয়া তৎকালে আৰম্ভ নকৰিলে অতি শিঘ্ৰে আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd