• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইতিপূৰ্বে জনজাতি হৈ থকাসকলৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ হ’ব লাগিব জনজাতিকৰণৰ সমাধান : সমুজ্জ্বল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 21, 2018 10:20 pm
All Assam Chutiya Student Union
101
VIEWS
Share on FacebookShare on Twitter

‘জনজাতিকৰণ ছয় জনগোষ্ঠীৰ প্ৰাপ্য, কিন্তু নতুনকৈ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা দিয়াৰ ফলত পূৰ্বৰে পৰা জনজাতি হৈ থকা সকলৰ স্বাৰ্থ বিঘ্নিত হ’ব নালাগে।’ এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ।

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত নাগৰিক সভাত ভাষণ প্ৰদান কৰি ভট্টাচাৰ্যই জনজাতিকৰণৰ বিষয়টো লৈ ৰাজনৈতিক দল সমূহে কেৱল ভোটৰ ৰাজনীতি কৰি আহিছে বুলি উল্লেখ কৰি কয়, ‘ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লৈ ৰাজনৈতিক দল সমূহে নিৰ্বাচনৰ সময়ত কেৱল নিৰ্বাচনী ইস্তাহাৰহে প্ৰকাশ কৰে কিন্তু বিষয়টো কেনেকৈ সমাধান হ’ব তাৰ বাবে কোনো উদ্যোগ নলয়।’

আনহাতে ৰাজ্যৰ কেবাটাও জনগোষ্ঠীয় সংগঠনে নতুনকৈ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত বিৰোধিতা কৰাৰ প্ৰসংগ উত্থাপন কৰি ভট্টাচাৰ্যই দুয়োটা পক্ষই এই বিষয়ত আলোচনাৰ জৰিয়তে এক সুস্থিৰ সিদ্ধান্তত উপনীত হৈ চৰকাৰক হেঁচা প্ৰদান কৰিব লাগে বুলি মত পোষন কৰে। তেওঁ সংৰক্ষণৰ বিষয়টো সুপৰিকল্পিত হ’ব লাগে বুলি কয়।

আজিৰ এই নাগৰিক সভাত উপস্থিত থাকি বিশিষ্ট চিন্তাবিদ ড০ হীৰেণ গোহাঁইয়ে কয়, ‘চৰকাৰে জনগোষ্ঠীসমূহৰ ন্যায়সংগত দাবীবোৰৰ যথাযথ সমাধান আগবঢ়োৱা নাই। বৰং তেওঁলোকৰ দাবী বিলাকৰ সম্পৰ্কত নানা ধৰণৰ ৰহস্যজনক আৰু অস্পষ্ট স্থিতি লৈছে।’

উল্লেখ্য যে চুতীয়া সকলক জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰা আৰু বগীবিল দলঙক বীৰংগনা সতী সাধনীৰ নামেৰে নামাকৰণ কৰাৰ দাবীত আজি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই এই নাগৰিক সভা অনুষ্ঠিত কৰিছিল।

বগীবিল দলঙৰ নামাকৰণ বীৰঙ্গনা সতী সাধনীৰ নামেৰে হ’ব লাগে বুলি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাকে ধৰি কেবাটাও চুতীয়া জনগোষ্ঠীয় সংগঠনে কৰা দাবী সন্দৰ্ভত সমুজ্জ্বল ভট্টাচাৰ্যই অসমৰ কেবাটাও জনগোষ্ঠীয়ে নিজৰ নিজৰ জনগোষ্ঠীৰ মহান ব্যক্তিৰ নামেৰে নামাকৰণৰ দাবী তোলাৰ কথা উল্লেখ কৰি এইক্ষেত্ৰতো জনগোষ্ঠীয় সংগঠন সমূহে আলোচনাৰ মাধ্যমেৰে সহমতত উপনীত হ’ব লাগে বুলি পৰামৰ্শ আগবঢ়ায়।

এই বিষয়ত সদৌ অসম ছাত্ৰ সন্থাই জনজাতি আৰু জনগোষ্ঠীয় সংগঠন সমূহৰ মাজত আলোচনাৰ পৰিবেশ সৃষ্টি কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলি ভট্টাচাৰ্যই জানিবলৈ দিয়ে। ভাষণ প্ৰসংগত তেওঁ চুতীয়া জনগোষ্ঠীৰ শৈক্ষিক সমস্যা সমাধানৰ কাৰণে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই যি পদক্ষেপ লয় তাত আছুৱে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি আশ্বাস দিয়ে।

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষিৰোদ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এই নাগৰিক সভাত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, অদীপ ফুকন, আলফা নেতা মৃনাল হাজৰিকা, মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd