• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এপিডিচিএলৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ : স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবী আপৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 19, 2024 5:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যজুৰি এপিডিচিএলে সংস্থাপন কৰা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সংবাদমেলত সৰৱ হ‘ল আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰ।

আজি গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত বৰঠাকুৰে কয়, ” ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বৃহৎ পুঁজিপতি গৌতম আদানিৰ প্ৰতিষ্ঠানৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে। মুখ্যমন্ত্ৰীৰ বাবে অসমৰ জনসাধাৰণৰ স্বাৰ্থ মূল কথা নহয়। আদানিৰ স্বাৰ্থতহে অসমৰ ঘৰে ঘৰে এপিডিচিএলে স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে। আদানিৰ কোম্পানীক ৮৪০ কোটি টকাৰ ঠিকা দিছে অসম চৰকাৰৰ শক্তি বিভাগে। এয়া ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ। আম আদমী পাৰ্টিয়ে শীঘ্ৰেই চৰকাৰক স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাওঁ। ”

Apply Now

আপৰ নেতাগৰাকীয়ে দিল্লীৰ আম আদমী পাৰ্টিৰ চৰকাৰৰ দৰে অসমতো ২০০ ইউনিটলৈকে বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰিবলৈও দাবী জনায়। এপিডিচিএলে স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ মানুহৰ ওপৰত লুণ্ঠন আৰু হাৰাশাস্তি চলোৱাৰ অভিযোগ আপৰ নেতা ৰমেন বৰঠাকুৰৰ । তেওঁ কয়,” পূৰ্বে যিসকল লোকে ২০০ টকা বিদ্যুতৰ বিল আদায় দিছিল তেওঁলোকৰ পৰা এতিয়া ১০০০ বা ১৫০০ টকাকৈ আদায় কৰিছে এপিডিচিএলে। এই ব্যৱস্থা চৰকাৰৰ জনবিৰোধী নীতিৰ ফল। চৰকাৰে শীঘ্ৰেই এই ব্যৱস্থা বন্ধ কৰক।”

সংবাদমেলত আপ অসমৰ আন এগৰাকী নেতা ৰুদ্ৰাংকুৰ হাজৰিকাই ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পুনৰ ১৬১ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰে।

আপৰ জ্যেষ্ঠ নেতা হাজৰিকাই কয়,  “ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পুনৰ ১৬১ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ইতিমধ্যে এই বিদ্যালয় সমূহৰ তালিকা প্ৰস্তুত কৰা বুলি প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ইয়াৰ পূৰ্বেও এবাৰ ৮০৬৬ খন আৰু পৰৱৰ্তী পৰ্যায়ত ৯৬ খন চৰকাৰী বিদ্যালয় বন্ধ কৰিছে। চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থী নথকাৰ অজুহাতত বা আন্তঃগাঁথনিৰ অভাৱত এই বিদ্যালয় সমূহ চৰকাৰে বন্ধ কৰিছে। এইবাৰ ১৬১ খন বিদ্যালয়ৰ বৰপেটাত ৬ খন, বঙাইগাঁৱত ১৪ খন, কাছাৰত ৯ খন, চৰাইদেউত ১ খন, ডিব্ৰুগড়ত ৫ খন, গোৱালপাৰাত ৩ খন, হাইলাকান্দিত ১০ খন, হোজাইত ৩ খন, যোৰহাটত ৮ খন, কামৰূপ মহানগৰত ৪ খন, কৰিমগঞ্জত ৮ খন, লখিমপুৰত ১৯ খন, মাজুলীত ৩১ খন, মৰিগাঁৱত ৩ খন, নগাৱঁত ৭ খন, নলবাৰীত ৬ খন, শিৱসাগৰত ৮ খন, শোণিতপুৰত ৩ খন আৰু তিনিচুকীয়াত ৪ খন বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে।”

সংবাদমেলত আম আদমী পাৰ্টিৰ  নেতা ৰুদ্ৰাংকুৰ হাজৰিকাৰ প্ৰশ্ন – “যি সময়ত সমগ্ৰ শিক্ষা অভিযানে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মানৰ নামত শ শ কোটি টকাৰ পুঁজি আবন্টন দিছে সেই সময়ত চৰকাৰে মাতৃভাষা মাধ্যমৰ হাজাৰ হাজাৰ স্কুল কিয় বন্ধ কৰিছে? ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৃষ্ঠপোষকতা কৰিছে নেকি? লক্ষ্যণীয় বিষয় যে ৰাজ্যখনত যেতিয়াৰ পৰা ক্ষমতাশালী ৰাজনীতিক তথা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পৃষ্ঠপোষকতাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰা হৈছে, তেতিয়াৰ পৰাই চৰকাৰী বিদ্যালয়ত পৰ্যায়ক্ৰমে তলা লগোৱা হৈছে। এয়া অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক।”

আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰুদ্ৰাংকুৰ হাজৰিকাই অসম চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনোৱাৰ লগতে অসমতো দিল্লী চৰকাৰৰ আৰ্হিত উন্নত তথা বিশ্ব মানদণ্ডৰ চৰকাৰী বিদ্যালয় স্থাপনৰ দাবী জনায়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd