• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় চৰকাৰৰ নতুন পেঞ্চন আঁচনি ঘোষণা! উপকৃত হ’ব ২৩ লাখ চৰকাৰী কৰ্মচাৰী

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
August 25, 2024 7:28 am
3.4k
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰৰ নেতৃত্বত কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নতুন পেঞ্চন আঁচনিয়ে অনুমোদন লাভ কৰিছে। তাৰ অৰ্থ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে এটা ডাঙৰ খবৰ। আগন্তুক নতুন পেঞ্চন আঁচনিৰ জৰিয়তে কমেও ২৩ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ’বলৈ গৈ আছে।

সমগ্ৰ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি (এন পি এছ) দীৰ্ঘদিন ধৰি চলি আহিছে। অৱশ্যে এই প্ৰকল্পটোক লৈ বহু লোকৰ বহু অভিযোগ আছিল। এই প্ৰকল্পটো সলনি কৰাৰ দাবী উঠিছিল। এন পি এছৰ অধীনত অৱসৰৰ পাছত চৰকাৰী কৰ্মচাৰীৰ আৰ্থিক নিৰাপত্তা নিশ্চিত নহয় বুলি আঁচনিখন সলনি কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। এতিয়া কেন্দ্ৰীয় ঘোষণাই অভিযোগকাৰীসকলক শান্ত কৰাৰ সম্ভাৱনা আছে।

আগন্তুক নতুন পেঞ্চন আঁচনিখনৰ নাম দিয়া হৈছে ‘ইউনিফাইড পেঞ্চন আঁচনি’ (ইউ পি এছ)। অহা বছৰৰ ১ এপ্ৰিলৰ পৰা মুকলি কৰা হ’ব। অৱশ্যে পূৰ্বৰ প্ৰকল্পটো প্ৰত্যাহাৰ কৰা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে এতিয়া পেঞ্চনাৰসকলে দুয়োটাৰ মাজৰ পৰা এটা বাছনি কৰাৰ বিকল্প লাভ কৰিব। কিন্তু দুয়োখন আঁচনিৰ সুবিধা একেলগে লাভ কৰিব নোৱাৰিব।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয় যে প্ৰধানমন্ত্ৰীয়ে কেবিনেট সম্পাদক টিভি সোমনাথৰ নেতৃত্বত এখন সমিতি গঠন কৰিছে। এই সমিতিখনে ৰাজ্যৰ বিভিন্ন সংগঠনৰ লগতে প্ৰায় সকলো কৰ্মচাৰী সংগঠনৰ সৈতে কেইবাখনো বৈঠকত মিলিত হয়। তেতিয়াহে এই নতুন পেঞ্চন আঁচনিৰ সিদ্ধান্ত লোৱা হ’ল। অৱশ্যে ভাৰতীয় ৰিজাৰ্ভ বেংককে ধৰি কেইবাটাও বেংকৰ সৈতেও আলোচনা কৰা হৈছে বুলিও তেওঁ কয়।

নিশ্চিত পেঞ্চন, নিশ্চিত পৰিয়াল পেঞ্চন আৰু নিশ্চিত ন্যূনতম পেঞ্চন, এই নতুন আঁচনিখনত মূল তিনিটা ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। এজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে যদি কমেও ২৫ বছৰ কাম কৰিছে তেন্তে তেওঁৰ শেষৰ এবছৰৰ সেৱাৰ গড় মাহিলী দৰমহাৰ (বেচিক) ৫০ শতাংশ পেঞ্চন হিচাপে পাব।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd