২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ পৰা মাওবাদ নিৰ্মূল হ’ব- এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।
কালি শনিবাৰে অমিত শ্বাহে ছত্তীশগড়ৰ ৰায়পুৰত মাওবাদী দমন সন্দৰ্ভত পৰিস্থিতি পুনৰীক্ষণৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। সেই মুখ্যমন্ত্ৰী বৈষ্ণো দেও সিঙৰ বাহিৰেও উক্ত বৈঠকত আছিল উচ্চ পদস্থ আমোলা আৰু আৰক্ষী বিষয়া।
তাত দেশৰ মাওবাদীৰ ওপৰত শেষ আঘাত দিবলৈ ২০২৬ চনৰ মাৰ্চ মাহৰ সময়সীমা নিৰ্ধাৰণ কৰে অমিত শ্বাহে। বৈঠকৰ অন্তত তেওঁ সাংবাদিকৰ আগত এইদৰে কয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মাওবাদীৰ আত্মসমৰ্পণৰ বাৰ্তাও প্ৰদান কৰে। সাংবাদিকৰ আগত অমিত শ্বাহে কয় যে মাওবাদীৰ আক্ৰমণত এতিয়ালৈকে ১৭ হাজাৰ লোকৰ প্ৰাণহানি হৈছে। গতিকে সেইবোৰ শেষ কৰিবলৈ শক্তিশালী আৰু নিৰ্দয় কৌশলৰ প্ৰয়োজন।
তেওঁ কয়, যোৱা ১০ বছৰত মাওবাদী হিংসাৰ ঘটনা ৫২ শতাংশ হ্ৰাস পাইছে, মৃত্যুৰ সংখ্যা ৭০ শতাংশ হ্ৰাস পাইছে। আক্ৰান্ত জিলাৰ সংখ্যাও ৯৬ খনৰ পৰা ৪৫ খনলৈ হ্ৰাস পাইছে।
শ্বাহৰ পৰিসংখ্যা অনুসৰি, ‘২০০৪-১৪ চনৰ তুলনাত ২০১৪-২৪ চনত নক্সালবাদীৰ কাণ্ড ৫৩ শতাংশ হ্ৰাস পাইছে।
তেওঁ কয়, ‘ এয়া মাওবাদীক অধিক আঘাত কৰাৰ সময়। আমি বিশ্বাস কৰোঁ যে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত আমি দেশখনক চৰম বাওঁপন্থী উগ্ৰবাদৰ পৰা মুক্ত কৰিবলৈ সক্ষম হ’ম।’