• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন আজমল’ৰ সন্ধান কৰিবলৈ ষড়যন্ত্ৰত নামিছে মুখ্যমন্ত্ৰী : দিল্লীত সংবাদমেলত ভূপেন বৰাৰ মন্তব্য

হিমন্ত বিশ্ব শৰ্মাৰ চক্ৰবেহু ভাঙিবলৈ সাজু কংগ্ৰেছ-বিৰোধী ঐক্য মঞ্চ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 25, 2024 8:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাদী হেৰোৱাৰ ভয়ত অসমক উত্তেজিত কৰি ৰাখিছে। ৪ জুনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত অসমত বিৰোধী ঐক্যমঞ্চ আৰু কংগ্ৰেছে লাভ কৰা ভোটৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকী নিশ্চিত হৈছে যে কংগ্ৰেছ তথা বিৰোধীৰ জনপ্ৰিয়তাৰ গ্ৰাফ উৰ্ধমুখী হৈছে। বিজেপি আৰু তেওঁলোকৰ সহযোগী দলসমূহৰ প্ৰতি মানুহৰ আস্থা কমি অহা বিষয়টো অনুধাৱন কৰিয়েই মুখ্যমন্ত্ৰীয়ে অসমক অস্থিৰ কৰি ৰাখিবৰ বাবে অপচেষ্টা আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বৈধ আৰু অবৈধ সম্পত্তি বৃদ্ধিৰ বিষয়টো মানুহৰ মুখে মুখে চৰ্চা হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ অস্থিৰতা বৃদ্ধি পাইছে আৰু চৰকাৰ পৰিচালনাত সমস্যাৰ সন্মুখীন হৈছে। ডাবোল ইঞ্জিন চৰকাৰ বুলি কৈ মুখ্যমন্ত্ৰীয়ে প্ৰতি মাহে কৰ্মচাৰীৰ দৰমহাৰ বাবে ঋণ ল’বলগীয়া হৈছে। স্মাৰ্ট মিটাৰৰ যোগেদি সাধাৰণ ৰাইজক লুণ্ঠন চলোৱা হৈছে। টোলগেটৰ পৰা দৈনিক শোষণ অব্যাহত ৰাখিছে। যাৰবাবে মানুহৰ অসন্তুষ্টি বৃদ্ধি পাইছে। বদৰুদ্দিন আজমলৰ পৰাজয় হোৱাত মুখ্যমন্ত্ৰী এতিয়া হতাশ হৈ পৰিছে।

আজি নতুন দিল্লীত এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই বিস্ফোৰক মন্তব্য প্ৰদান কৰে।

তেওঁ কয় সাম্প্ৰদায়িক ৰাজনীতিৰ অন্যতম হোতা এআইইউডিএফ আৰু বদৰুদ্দিন আজমল নিঃশ্চিহ্ন হোৱাৰ পিছত মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ লগতে আৰএছএছে নতুনকৈ আজমলৰ লেখীয়া ৰাজনৈতিক নেতা সৃষ্টি কৰাৰ গোপন ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। কংগ্ৰেছৰ বাহিৰে ভিতৰেও এই চেষ্টা অব্যাহত আছে।

এআইইউডিএফক লৈ সাম্প্ৰদায়িক ৰাজনীতিৰে বিজেপিয়ে নিজৰ লাভালাভ অব্যাহত ৰখাৰ পিছত মুখ্যমন্ত্ৰীয়ে শেহতীয়া ৰাজনৈতিক পৰিস্থিতি পৰ্যবেক্ষণ কৰি পুনৰ ধৰ্মীয় মেৰুকৰণৰ অংক কৰিছে। যাৰবাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকৰ পৰা আৰম্ভ কৰি সাংবাদিকলৈকে মুখ্যমন্ত্ৰীয়ে লক্ষ্য কৰি লৈছে।

মুখ্যমন্ত্ৰীৰ এই জাল ফালি ২০২৬ত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্যমঞ্চই চৰকাৰ গঠন কৰিব। মুখ্যমন্ত্ৰীয়ে দাবী-ধমকি, বিভাজনৰ ৰাজনীতিৰে ক্ষমতা দখলৰ বাবে যি অপচেষ্টা চলাইছে তাত কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে জ্ঞাতে-অজ্ঞাতে সোমাই পৰিছে নেকি সেই বিষয়টো কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই নজৰত ৰাখিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। বৰাই লগতে কয় মুখ্যমন্ত্ৰীয়ে সংবিধানৰ নামত শপত লৈ মুখ্যমন্ত্ৰী পদৰ গৰিমা নোহোৱা কৰিছে আৰু ভ্ৰষ্টাচাৰৰ চূড়ান্ত সীমা পাৰ হৈ লক্ষ্মণ ৰেখা পাৰ কৰিছে। সোঁৱে-বাঁৱে কৰা সম্পত্তি উইল কৰিম বুলি কৈ মুখ্যমন্ত্ৰীয়ে বিষয়টো সলনি কৰিবলৈ নতুন নেৰেটিভ সৃষ্টি কৰা কেতবোৰ স্তাৱকবাহিনী পোহপাল দিছে। যাৰ বাবে ক্ষমতাই এতিয়া মুখ্যমন্ত্ৰীৰ লক্ষ্য হৈ পৰিছে। ৰাইজ সচেতন আৰু বিষয়টো পৰ্যালোচনা কৰি আছে। ৰাজ্যখনৰ অৰ্থনৈতিক পয়ালগা অৱস্থা লুকুৱাবৰ বাবে ধৰ্মৰ ভিত্তিত উত্তেজনা সৃষ্টিৰে হিমন্ত বিশ্ব শৰ্মাই মানুহৰ দৃষ্টি মূল বিষয়সমূহৰ পৰা আঁতৰাব বিচাৰিছে বুলি বৰাই অভিযোগ কৰে।

২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত ১ লাখ চাকৰি দিম বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে। অসমৰ বুনিয়াদী সমস্যাসমূহ সমাধানৰ বিষয়ে আলোচনা নকৰা মুখ্যমন্ত্ৰীয়ে নতুন আজমলৰ সন্ধানত নামি পৰিছে। দাড়ি, টুপি, লুঙী পিন্ধা মনাুহ মুখ্যমন্ত্ৰী হ’ব জাতীয় এক শংকা সৃষ্টি কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে অপচেষ্টা অব্যাহত ৰখা বুলিও তেওঁ ব্যাখ্যা আগবঢ়ায় আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে বিষয়টো তীক্ষ্ন নজৰত ৰাখিছে বুলিও সদৰী কৰে।

কংগ্ৰেছৰ ভিতৰচ’ৰাত মানুহ ৰাখি ২০২৬ত আহিবলগীয়া চৰকাৰ ভাঙি নিজে ক্ষমতা লাভ কৰিবৰ বাবে চক্ৰবেহু ৰচনা কৰাৰ অভিযোগ কৰি বৰাই কয় যে কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰ জাল ফালি ৰাইজক সকাহ দিবলৈ চৰকাৰ গঠন কৰাতো নিশ্চিত। তেওঁ হিমন্ত বিশ্ব শৰ্মাক সকিয়নী দি কয় যে আহি থকা দিনত অসমৰ ৰাইজে তেওঁখ ক্ষমতাচ্যুত কৰিব আৰু নিজৰ বিৰুদ্ধে থকা চিবিআই, ইডিত ইতিপূৰ্বে ৰুজু হৈ থকা গোচৰসমূহৰ মুখামুখি কিদৰে হ’ব সেই লৈ সাজু হওক।

বৰাই অসমৰ ৰাইজক বৰ্তমান পৰিস্থিতিত শান্তি-সম্প্ৰীতি অব্যাহত ৰাখিবলৈ আহ্বান জনায় আৰু ৰাজ্যখনক অস্থিৰ কৰিব খোজা শক্তিসমূহক বিৰোধী দলসমূহে চিনাক্ত কৰি এই অপশক্তিক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ঐক্যৱদ্ধ প্ৰচেষ্টা ল’বলৈ আহ্বান জনায়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd