পেট নহয় যেন গুদাম। অখাদ্য ভক্ষণ কৰি বেদনাদায়ক অভুজ্ঞতাৰ সমুখীন হ’ল এজন যুৱক।
এক্স ৰে’ৰ প্ৰতিবেদন চাই অবাক হৈ পৰিল চিকিৎসক। লগে লগে অস্ত্ৰোপচাৰ কক্ষলৈ লৈ গ’ল চিকিৎসকে। অস্ত্ৰোপচাৰ কৰি পেটৰ পৰা উলিয়াই আনিলে ছুৰী, নখ কটা মেচিন, আঙুঠি আদি বহুতো ধাতৱ বস্তু।
বিহাৰৰ পূৱ চম্পাৰণ জিলাৰ চিকিৎসকে এই ভয়ানক অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে।
আজি কেইদিনমান আগত অসহ্যকৰ পেটৰ বিষত চিকিৎসকৰ ওচৰলৈ যায় এজন যুৱক। তলপেটত তীব্ৰ বিষ হৈছিল চিকিৎসকগৰাকীৰ।
পেটৰ বেমাৰ আৰু বিষৰ ঔষধে কাম কৰা নাছিল। ইয়াৰ পিছতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সাধাৰণ চিকিৎসাৰ অন্তত চিকিৎসকে এক্স-ৰে আৰু আলট্ৰাচাউণ্ড কৰে। তাৰপিছত তেখেতৰ পেটত কিছুমান ধাতুৰ বস্তু ধৰা পৰে। সেই ধাতুৰ বস্তুবোৰ আছিল সৰু কটাৰী, চাবি, আঙুঠি আদি।
খৰধৰকৈ তেওঁৰ অপাৰেচন কৰা হ’ল আৰু সকলো বস্তু পেটৰ পৰা সুকলমে উলিয়াই অনা হ’ল।
সোধপোচ কৰি চিকিট্ত্সকে জানিব পাৰে যে বহুবাৰ যুৱকজনে ভোকত এই ধৰণৰ ধাতুৰ বস্তু ভক্ষণ কৰিছিল।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি যুৱকজনৰ অৱস্থা এতিয়াৰ বাবে ভাল। চিকিৎসকে কয় যে যুৱকজনক মানসিক চিকিৎসাৰ প্ৰয়োজন।