• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিৰোধী ঐক্য মঞ্চৰ বৈঠকত মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰিবলৈ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিক দাবী

মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে ২৮ আগষ্টত দিছপুৰ থানাত ৰুজু কৰিব গোচৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 27, 2024 8:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক তথা অসাংবিধানিক বক্তব্যৰ লগতে নিজকে পগলা কুকুৰৰ লগত ৰিজাই জনপ্ৰতিনিধি হিচাপে নিজৰ মৰ্যাদা হানি কৰা বিষয়টোত উদ্বেগ প্ৰকাশ কৰি বিৰোধী ঐক্য মঞ্চই মুখ্যমন্ত্ৰীজনক বৰ্খাস্ত কৰিবলৈ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ ওচৰত দাবী জনাইছে।

সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ বাবে মুখ্যমন্ত্ৰীজনে বিধানসভাৰ বাহিৰে-ভিতৰে যি সাম্প্ৰদায়িক বক্তব্য আগবঢ়াই আছে তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অহা ২৮ আগষ্টত দিছপুৰ থানাত বিৰোধী ঐক্য মঞ্চই এক গোচৰ ৰুজু কৰিব। লগতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ হিচাপ বৰ্হিভূত সা-সম্পত্তিৰ তদন্ত কৰিবলৈ বিৰোধী ঐক্যমঞ্চই দেশৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ দ্বাৰা তদন্ত বিচাৰি আবেদন কৰিব। আজি এক সংবাদমেলত বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰাই এই কথা ঘোষণা কৰে।

Apply Now

ইয়াৰ পূৰ্বে ১৮টা ৰাজনৈতিক দলৰ সভাপতি আৰু ৰাজ্যিক সম্পাদকসকল এখন বৈঠকত মিলিত হয়। সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, অজিত কুমাৰ ভূঞা, অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, চিপিএমৰ নেতা সুপ্ৰকাশ তালুকদাৰ, বিৰোধী ঐক্য মঞ্চৰ সম্পাদক লুৰীণজ্যোতি গগৈ প্ৰমুখ্যে নেতৃত্বই সংবাদমেলত অংশগ্ৰহণ কৰে।

লুৰীণজ্যোতি গগৈয়ে সংবাদমেলত কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এজন উন্মাদপ্ৰায় ব্যক্তি আৰু তেওঁৰ হাতত অসম সুৰক্ষিত নহয়। অসমৰ জাতি-জনগোষ্ঠীৰ সুৰক্ষাৰ কথা হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও সমাধান হোৱাতো নিবিচাৰে। এইজন মুখ্যমন্ত্ৰীয়ে অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত অনিশ্চিত কৰি তুলিছে আৰু হিন্দু-মুছলমানৰ মাজত সংঘৰ্ষ লগাবলৈ অপচেষ্টা অব্যাহত ৰাখিছে।

সংবাদমেলত সাংসদ ৰকিবুল হুছেইনে বদৰুদ্দিন আজমল পৰাস্ত হোৱাৰ পিছত মুখ্যমন্ত্ৰীদনে দিক-বিদিক হেৰুৱাই পেলাইছে বুলি উল্লেখ কৰে। এইজন মুখ্যমন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়াৰ সমস্যা সমাধান হোৱাতো নিবিচাৰে বুলিও তেওঁ কয়।

সাংসদ অজিত কুমাৰ ভূঞাই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰাত ব্যৰ্থ হোৱাত মুখ্যমন্ত্ৰীয়ে অসম চুক্তিৰ ৬নং দফা আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কৈয়ো কৰিব নোৱাৰিলে। নিজৰ সা-সম্পত্তি সুৰক্ষাত ব্যস্ত থকা মুখ্যমন্ত্ৰীজনৰ সকলো সম্পত্তিৰ তালিকা শীঘ্ৰেই ৰাজহুৱা কৰা হ’ব বুলিও তেওঁ কয়। ইফালে, বিৰোধী ঐক্য মঞ্চৰ সভাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত মহাভিযোগ নতুন তথ্য সংযোজনেৰে পুনৰ প্ৰকাশ কৰিবলৈকো এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য-সংহতি বিনষ্ট হ’ব পৰা কাৰ্যৰ পৰা সকলো পক্ষকে আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ লগতে অসমৰ ৰাইজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বিশেষকৈ নাৰীজনিত অপৰাধ নিয়ন্ত্ৰণত মুখ্যমন্ত্ৰী ব্যৰ্থ হোৱা বুলি সমালোচনা কৰা হয়।

অসমৰ সকলো জাতীয় সংগঠনৰ লগত বিৰোধী দলসমূহে আলোচনাত মিলিত হোৱাৰো এক প্ৰস্তাৱ সভাত আলোচনা হয়। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, চিপিআইএম দলৰ বিবেক দাস, এনচিপিৰ ৰাজ্যিক সভাপতি জিতেন্দ্ৰ নাথ বৰা, এপিএইছএলচিৰ জন ইংতি কাথাৰ, পিএলপিৰ চৰণ ডেকাৰ লগতে সোণোৱাল কছাৰী গণমঞ্চৰ নেতাসকলে নিজৰ বক্তব্যত সকলো ৰাইজকে বৰ্তমান পৰিস্থিতিত সংযমতা ৰক্ষা কৰি চলিবৰ বাবে আহ্বান জনায়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd