• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাম্প্ৰদায়িক উচটনিক কেতিয়াও প্ৰশ্ৰয় নিদিব : সংবাদমেলত অসম নাগৰিক সমাজ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 28, 2024 8:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসম নাগৰিক সমাজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ মন্তব্য আৰু ৰাজ্যত চলি থকা সাম্প্ৰদায়িক বিদ্বেষ সম্পৰ্কে এক সংবাদমেল অনুষ্ঠিত কৰে। উক্ত সংবাদমেলত অসমৰ জনসাধাৰণক সাম্প্ৰদায়িক উচটনিক প্ৰশ্ৰয় নিদিবলৈ সমাজে আহ্বান জনাই সংবাদ মাধ্যমলৈ এক বিবৃত্তি প্ৰেৰণ কৰে।

অসমৰ নাগৰিক সমাজৰ বিবৃত্তি

ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ  অহাৰে পৰা অসমত, তেওঁলোকে, এক সাম্প্ৰদায়িক বিদ্বেষৰ পৰিৱেশ জীয়াই ৰাখিছে । সকলো সম্ভ্ৰম ত্যাগ কৰি কালি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে কোৱা কথা  তাৰেই প্ৰমাণ। ধৰ্মীয় বা ভাষিক পৰিচয়ৰ যিকোনো ব্যক্তিৰে অসমত অবাধে ঘূৰা-ফুৰাৰ অধিকাৰ আছে। তাত বাধা দিয়াটো বেআইনী, সংবিধান বিৰোধী। মুখ্যমন্ত্ৰীয়ে কালি ঠিক সেইটোৱেই কৰিছে। এই মুহূৰ্তত ডঃ হিমন্তবিশ্ব শৰ্মাৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ কোনো নৈতিক আৰু সাংবিধানিক অধিকাৰ নাই। আমি লক্ষ্য কৰিছোঁ, যেতিয়াই জাতি, ধৰ্মৰ লগত সম্পৰ্ক নথকা জনসাধাৰণৰ মৌলিক সমস্যাসমূহ ৰাজহুৱা বিতৰ্কৰ বিষয় হৈ পৰে, তেতিয়াই সেইবোৰ তল পেলাই   মানুহৰ মনোযোগ অন্য ফালে ঢাল খুৱাবলৈ  চৰকাৰে চেষ্টা কৰে।আজি কেইদিনমান আগতে বৰষুণৰ পানীয়ে গুৱাহাটীত কি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল! তেতিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছিল, গুৱাহাটীৰ দায়িত্বত থকা  মন্ত্ৰী গৰাকীয়ে কি কৈছিল আমাৰ মনত আছে। তাৰপিছত ওলাইছিল মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ প্ৰশ্নটো। লগে লগে মানুহে প্ৰশ্ন কৰিছিল গুৱাহাটীৰ উন্নয়ন বিভাগৰ মন্ত্ৰীৰ গুৱাহাটীৰ  ক’ত ক’ত কিমান সম্পত্তি আছে। মেঘালয়ৰ পাহাৰ কটাৰ কথা কৈ যেতিয়া মুখ্যমন্ত্ৰী আৰু গুৱাহাটীৰ মন্ত্ৰীয়ে গুৱাহাটীৰ বানপানীৰ সমস্যাৰ পৰা মূৰপোলোকা মাৰিব বিচাৰিছিল, তেতিয়াই মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টিত পাহাৰ কাটি তহিলং কৰাৰ ছবি চাৰিওফালে বিয়পি পৰিছিল।সেই বিষয়ে এগৰাকী সাংবাদিকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰোঁতে তেওঁ সাংবাদিকজনক তেওঁৰ ধৰ্মক ধৰি  কি ককৰ্থনা কৰিছিল সেইটো আমি সকলোৱে দেখিছোঁ।যোৱা সময়ছোৱাত, বিশেষকৈ সম্পত্তি কৰ, বিদ্যুৎ মাছুল আৰু অন্যান্য সেৱাৰ মূল্য কি হাৰত বৃদ্ধি হৈছে? আমি সকলো তাৰ ভুক্তভোগী। স্মাৰ্ট মিটাৰে মানুহক জলা-কলা খুৱাইছে। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে জনৰোষ বিয়পি পৰাৰ সময়ত চৰকাৰে মানুহৰ দৃষ্টি তাৰপৰা আঁতৰাবলৈ কি কৰিলে তাকো আমি  দেখিলোঁ।অসম বিভিন্ন জাতি, জনজাতি আৰু ধৰ্মীয় লোক বাস কৰা  এক সংমিশ্ৰিত লোকৰ ৰাজ্য। সেয়ে  অসমক ভাৰতৰ এক ক্ষুদ্ৰ সংস্কৰণ বুলি কোৱা হয়। সময়ে সময়ে ভাৰতৰ অন্য ৰাজ্যৰ পৰা আহিও মানুহে ইয়াত চাকৰি-বাকৰি বা ব্যৱসায়-বাণিজ্য কৰিছেহি। তাত আপত্তি কৰিবলগা একো নাই। কিন্তু আমি লক্ষ্য কৰিছোঁ বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা বিজেপি-আৰ এছ এছৰ ছত্ৰছায়াত থলুৱা লোকক বঞ্চিত কৰি সৰু-সুৰা ঠিকা-ঠুকলিৰ পৰা  বৃহৎ বৃহৎ ঠিকা বাহিৰৰ হিন্দু-হিন্দী বণিয়াক গতোৱাৰ এটা প্ৰৱণতা গঢ়ি উঠিছে।অসমৰ কেইবা ঠাইতো বৃহৎ বৃহৎ প্ৰকল্প হেনো কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পুত্ৰ জয় শ্বাহক দিয়া হৈছে।নানা ষড়যন্ত্ৰ কৰি তেনে প্ৰকল্পৰ বাবে অসমৰ মাটি বাহিৰৰ আন  বণিয়াকো গতাই দিয়া হৈছে। এতিয়া ৰাস্তাৰ কাষৰ মাটি আমাৰ স্থানীয় লোকৰ হাতত নাই বুলিবই পাৰি।সম্পদ বুলিবলৈ আমাৰ হাতত মাটি অকণেই আছিল। তাৰপৰাও ৰাইজক  বঞ্চিত কৰা হ’ল। আমাৰ সাধাৰণ ভাৰতীয় নাগৰিকৰ প্ৰতি কোনো বিৰোধ বিদ্বেষ নাই। কিন্তু হিন্দু-হিন্দী বৃহৎ বণিয়া গোষ্ঠীৰ এজেণ্ট বোৰৰ প্ৰতি চৰকাৰৰ এই অহৈতুকী পক্ষপাতিত্ব আৰু দৰদ আমি কোনোপধ্যেই মানি ল’ব নোৱাৰোঁ।অসমৰ স্থানীয় লোকে চাকৰি বাকৰি আৰু অন্যান্য সা-সুবিধা অসমত নাপাই ক’ত পাব? আন এটা বিপজ্জনক কথা হৈছে ধৰ্ষণেই হওক বা অন্য কিবা অপৰাধেই হওক এচাম মানুহৰ মাজত তাক ধৰ্ম আৰু জাতপাতৰ লগত সাঙুৰা প্ৰৱণতা এটা  গঢ়ি উঠিছে। সেইটোও হৈছে স্বয়ং মুখ্যমন্ত্ৰীৰ উচটনিত।ই গৰিহণাযোগ্য। হয়, এটা  ৰোমহৰ্ষক ঘটনা ঘটিলে মানুহ স্বাভাবিকতে  উত্তেজিত, আবেগিক হৈ পৰে।আবেগ আৰু উত্তেজনাৰ বশৱৰ্তী হৈ তেওঁলোকে  যি কোনো কথা কয়।কিন্তু ঘটনা যিমানেই ৰোমহৰ্ষক নহওক কিয়, তাৰ অনুসন্ধানৰ দায়িত্ব আৰক্ষীৰ আৰু বিচাৰৰ দায়িত্ব ন্যায়ালয়ৰ। আইন কোনেও হাতত তুলি ল’ব নোৱাৰে। কোনো ব্যক্তি, কোনো সংগঠনৰ সেই অধিকাৰ নাই। পৰিস্থিতি যিয়েই নহওক কিয় আমি আইনৰ শাসনৰ বাহিৰলৈ যাব নোৱাৰোঁ। পৰিস্থিতি উত্তপ্ত হৈ পৰিলে, সাম্প্ৰদায়িক উত্তেজনা বাঢ়িলে চৰকাৰে ভাল পায়, তেতিয়া জনসাধাৰণৰ মাজৰ খোৱা-কামোৰাক তেওঁলোকে নিজৰ ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আমি চৰকাৰক সেই সুবিধা দিব নালাগিব। আমি কোনো পৰিস্থিতেই আবেগ আৰু উত্তেজনাৰ বশৱৰ্তী হ’ব নালাগিব, সকলো সময়তে জনসাধাৰণৰ সকলো  অংশৰ মাজতে সংযম, সদ্ভাৱ, ভাতৃত্ববোধ আৰু ঐক্য বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব।নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে অসমত সাম্প্ৰদায়িক উত্তেজনা বিয়পাবলৈ বিভিন্ন ধৰণে চেষ্টা কৰিব। কিন্তু আমি আমাৰ দৃষ্টি নিবদ্ধ ৰাখিব লাগিব আমাৰ মৌলিক সমস্যা যেনে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বানপানী, গৰাখহনীয়া, শিক্ষা, স্বাস্থ্য, পাৰিবেশিক সমস্যা আদিত। এই সমস্যাবোৰ সমাধানত চৰকাৰৰ ব্যৰ্থতাৰ ববে আমি চৰকাৰক জবাবদিহি কৰিব লাগিব

অজিত কুমাৰ ভূঞা, সভাপতি, অসম নাগৰিক সমাজ
পৰেশ মালাকাৰ, আহ্বায়ক, ভাৰত জোড়ো অভিযান, অসম

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd