• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টকাৰ প্ৰলোভন দিছিল, সোনকালে সৎকাৰ কৰিছিল আৰক্ষীয়ে : এই দাবী কলিকতাৰ ধৰ্ষিতাৰ পিতৃৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 5, 2024 2:25 pm
145
VIEWS
Share on FacebookShare on Twitter

পোহৰলৈ আহিছে কলিকতাৰ আৰ জি কৰ গোচৰৰ আন এক অধ্যায়। ধৰ্ষিতাৰ পিতৃয়ে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ।

আৰ জি কৰ হাস্পতালত চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত বুধবাৰে নিশা ৰাজ্যৰ কনিষ্ঠ চিকিৎসক সন্থাই ‘বিচাৰ পতন আলো পাঠে’ নামৰ এক কাৰ্যসূচীৰ আহ্বান জনায়। ধৰ্ষিতাৰ পৰিয়ালৰ লোকেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

এই কাৰ্যসূচীত অংশ লৈ কেইবাটাও বিস্ফোৰক দাবী উত্থাপন কৰে পৰিয়ালৰ লোকে।

ভুক্তভোগীৰ পিতৃয়ে কয়, “আৰজি কৰ আউট পোষ্টৰ আৰক্ষীয়ে পুৱা ১০.১০ বজাত এই ঘটনাৰ বিষয়ে জানিবলৈ পাইছিল। তাৰপিছত ১১ বজাত আমাক কোৱা হ’ল যে আমাৰ ছোৱালীজনীয়ে আত্মহত্যা কৰিছে, ১২:০০ বজাৰ ভিতৰত থানালৈ আহক। তাৰ পিছত আমাক থানাত তিনি ঘণ্টা বহাই ৰখা হ’ল। মাকে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো আমাক মৃতদেহ চাবলৈ দিয়া নহ’ল।”

লগতে পিতৃয়ে প্ৰশ্ন কৰি কয়, “মৰণোত্তৰ পৰীক্ষাত ইমান দেৰি কিয় কৰা হ’ল? সন্ধিয়া ৬:৩০ৰ পৰা ৭ বজাৰ ভিতৰত থানাত এফআইআৰ দাখিল কৰিলোঁ। কিন্তু সেই এফ আই আৰ পুৱা ১২:৩০ বজাত পঞ্জীয়ন হৈছিল। ইমান দেৰি কিয় কৰা হ’ল?”

পিতৃয়ে লগতে অভিযোগ কৰি কয়, “ আমি মৃতদেহটো ৰাখিব বিচাৰিছিলোঁ। কিন্তু আৰক্ষীৰ হেঁচাৰ বাবে সোনকালে সৎকাৰ কৰিবলগা হৈছিল। আমি বাধ্যত পৰিছিলোঁ।

তেওঁ কয়, “ছোৱালীজনীৰ মৃতদেহ আমাৰ ঘৰলৈ অনাৰ সময়ত উপায়ুক্তই মোক আন এটা কোঠালৈ লৈ গৈ টকা দিবলৈ চেষ্টা কৰিছিল। কিন্তু মই লোৱা নাছিলোঁ। মোক উকা কাগজত চহী কৰিবলৈ দিছিল। মই কাগজখন ফালি পেলাইছিলোঁ।”

এই কাণ্ডৰ ন্যায় নোপোৱালৈকে আন্দোলন অব্যাহত ৰাখিবলৈ আবেদন জনাইছে মাতৃয়ে। প্ৰতিবাদকাৰীসকলক তেওঁ কয়, “যেতিয়ালৈকে আমি ন্যায় নাপাম, আন্দোলন চলি থাকিব দিয়ক।”

Recent News

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd