• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনৰ য়ুহানৰ সেই ‘কুখ্যাত’ লেবৰেটৰীতে প্ৰস্তুত হৈছে কৰ’নাৰ ‘মহৌষধ’ নেনোভেকচিন!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2024 1:18 pm
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

284
VIEWS
Share on FacebookShare on Twitter

কৰ’না এতিয়া প্ৰায় অতীত হৈ গ’ল। কিন্তু ভৱিষ্যতে শক্তি বৃদ্ধি কৰি নতুন ৰূপত ঘূৰি আহিবও পাৰে? আজিলৈকে গৱেষকসকলে সেই সম্ভাৱনা সম্পূৰ্ণৰূপে নুই কৰা নাই। অৱশ্যে চীনৰ এটা গৱেষণাগাৰে কয় যে যদি তেনেকুৱা হয় তেন্তে এতিয়া ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আছে।

শেহতীয়াকৈ সেই পৰীক্ষাগাৰত ক’ৰোনাৰ বাবে এক মহৌষধ -নেনোভেকচিন (Nanovaccine) প্ৰস্তুত কৰা হৈছে। যিটো কেৱল অমিক্ৰণ, ডেল্টাৰ দৰে কৰোনাৰ পুৰণি ৰূপেই নহয়, কিন্তু ভৱিষ্যতে কৰোনাই যদি নতুন আৰু অধিক বিপজ্জনক ৰূপ লয় তেন্তে ইয়াৰ সৈতেও মোকাবিলা কৰিব পাৰিব।

চীনৰ সেই পৰীক্ষাগাৰৰ নাম ‘য়ুহান ইনষ্টিটিউট অৱ ভাইৰ’লজী’। উল্লেখ্য যে ক’ৰ’না ভাইৰাছ বিয়পোৱাৰ বাবে সেই য়ুহান পৰীক্ষাগাৰটো সমগ্ৰ বিশ্বৰ “কুদৃষ্টি”ত পৰিছিল। কৰোনা বিয়পাৰ পূৰ্বে য়ুহান ইনষ্টিটিউটে বাদুলিৰ শৰীৰৰ পৰা বিয়পি পৰা ভাইৰাছৰ ওপৰত গৱেষণা কৰি আছিল।

লগতে পঢ়কঃ উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে অৰবিন্দ কেজৰিৱালৰ জামিন; দিয়া হৈছে কেইটামান চৰ্তও

অভিযোগ উত্থাপন হৈছিল যে সেই সময়ত সেই পৰীক্ষাগাৰৰ পৰা কৰোনাৰ বীজাণু ওলাইছিল। কোটি কোটি মানুহে যাৰ মূল্য ভৰিবলগীয়া হয়। অতিমাৰীৰ কবলত পৰে সমগ্ৰ বিশ্ব! যদিও পিছত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) এই প্ৰাদুৰ্ভাৱৰ কাৰণৰ তদন্ত কৰি কয় যে য়ুহানৰ পৰা এই ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা “অতি কম”। কিন্তু তাৰ পিছতো য়ুহানে বিতৰ্কৰ পৰা হাত সাৰি যোৱা নাই।

কিন্তু বিতৰ্কৰ পিছতো য়ুহানে ক’ৰ’নাৰ গৱেষণা বন্ধ কৰা নাছিল। চীন চৰকাৰৰ তত্বাৱধান আৰু পৃষ্ঠপোষকতাত পৰীক্ষা-নিৰীক্ষা চলি থাকিল। য়ুহান দাবী কৰে যে অৱশেষত তাৰ ফলাফল পালে। তেওঁলোকে কয় যে তেওঁলোকে ‘সম্পূৰ্ণ ক’ৰ’নানাশক’ ভেকচিন প্ৰস্তুত কৰিছে! যিয়ে ভৱিষ্যতে ক’ৰোনাৰ বিভিন্ন ‘মিউটেচন’ক জয় কৰিবলৈ সক্ষম হ’ব।

লগতে পঢ়কঃ চুইজাৰলেণ্ডৰ বেংকৰ পৰা জব্দ ২৬০০ কোটি টকা! আদানী কাণ্ডত এক নতুন টুইষ্ট

নতুন ‘নেনোভেকচিন’ নাকেৰে লব লাগিব। য়ুহান পৰীক্ষাগাৰৰ তথ্য অনুসৰি ক’ৰ’না ভাইৰাছৰ এপিট’পৰ সৈতে ফেৰিটিন আৰু এটা ৰক্তকোষৰ প্ৰ’টিনৰ সৈতে সংযুক্ত কৰি এই নতুন ভেকচিন প্ৰস্তুত কৰা হৈছে। ইয়াৰ পৰা নিৰ্মিত ‘নেনোকণা’ শৰীৰত দীৰ্ঘম্যাদী আৰু শক্তিশালী প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰিবলৈ সক্ষম। এই সন্দৰ্ভত ‘এচিএছ নেনো’ নামৰ এখন চিকিৎসা আলোচনীত পৰীক্ষাৰ প্ৰাৰম্ভিক ফলাফল প্ৰকাশ পাইছে।

Recent News

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd