• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সম্পত্তিৰ হিচাপ দিবলৈ অনীহা! ২৫খন উচ্চ ন্যায়ালয়ৰ ৭৪৯ গৰাকী ন্যায়াধীশৰ ভিতৰত মাত্ৰ ৯৮ গৰাকীয়েহে দাখিল কৰিছে হিচাপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2024 12:21 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ ৰাজকোষৰ পৰা দৰমহা লোৱা সকলো বিষয়া-কৰ্মচাৰীয়ে বছৰত এবাৰ সম্পত্তিৰ ঘোষণাপত্ৰ দাখিল কৰিব লাগে। আৰু ন্যায়ধীশসকলো ইয়াৰ অধীনত পৰে। এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অনীহা আশ্চৰ্যজনক। সৰ্বভাৰতীয় ইংৰাজী দৈনিক কাকত ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত এইকথা প্ৰকাশ পাইছে।

প্ৰতিবেদন অনুসৰি, বৰ্তমান দেশৰ ২৫খন উচ্চ ন্যায়ালয়ত কৰ্মৰত ন্যায়াধীশৰ সংখ্যা হৈছে ৭৪৯ গৰাকী। ইয়াৰে মাত্ৰ ৯৮ গৰাকীয়েহে আদালতৰ ৱেবছাইটত আপলোড কৰিছে। তিনিখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে সুকীয়া দৃষ্টান্ত দাঙি ধৰিছে। এইকেইখন হৈছে তিৰুৱনন্তপুৰম, দিল্লী আৰু পঞ্জাৱ উচ্চ ন্যায়ালয়।

এই তিনিখন উচ্চ ন্যায়ালয়ৰ অধিকাংশ ন্যায়াধীশে সম্পত্তিৰ হিচাপ দাখিল কৰিছে। প্ৰতিবেদন অনুসৰি কলিকতা উচ্চ ন্যায়ালয়ৰ ৪৪ গৰাকী ন্যায়াধীশৰ কোনো এগৰাকীয়েই নিজৰ সম্পত্তিৰ হিচাপ ৱেবছাইটত আপলোড কৰা নাই। সেইদৰে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৪ গৰাকী ন্যায়াধীশৰো কোনো এগৰাকীয়ে সম্পত্তিৰ হিচাপ ৱেবছাইটত আপলোড কৰা নাই।

লগতে পঢ়কঃ আবেদন নাকচ! বিলকিছ বানো গোচৰত উচ্চতম ন্যায়ালয়ত মুখথেকেচা গুজৰাট চৰকাৰৰ

ৱেবছাইটত সম্পত্তিৰ হিচাপ এইদৰে আপলোড কৰা হয় যাতে সাধাৰণ নাগৰিকেও প্ৰয়োজন হ’লে সেয়া চাব পাৰে। ন্যায়াধীশসকলৰ সম্পত্তিৰ বিষয়ে স্বচ্ছতা ৰক্ষাৰ বাবে এই নিয়ম প্ৰৱৰ্তন কৰা হৈছিল।

অৱশ্যে উচ্চতম ন্যায়ালয়ত দেখা গৈছে সম্পূৰ্ণ বেলেগ ছবি। বৰ্তমান দেশৰ শীৰ্ষ আদালতত কাৰ্যনিৰ্বাহ কৰি থকা ৩৩ গৰাকী ন্যায়াধীশৰ ভিতৰত ২৭ গৰাকীয়ে নিজৰ সম্পত্তিৰ হিচাপ দাখিল কৰিছে। এই তালিকাত আছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ো। আনহাতে, প্ৰায়বোৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলেও এই সন্দৰ্ভত আদালতৰ নিৰ্দেশক আওকাণ কৰিছে।

প্ৰতিবেদনত লগতে কোৱা হৈছে যে ২৫খন উচ্চ ন্যায়ালয়ৰ ভিতৰত ন্যায়াধীশৰ এটা অংশইহে ব্যক্তিগত আৰু পাৰিবাৰিক সম্পত্তি দাখিল কৰিছে। বিগত সময়ত ন্যায়াধীশৰ সম্পত্তিৰ খতিয়ান প্ৰকাশক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিল। বহু ন্যায়াধীশে এই নিৰ্দেশকলৈ আপত্তি কৰিছিল। তেওঁলোকৰ যুক্তি আছিল যে ন্যায়পালিকা চৰকাৰৰ অধীনত নহয়। ন্যায়াধীশসকল চৰকাৰী নিৰ্দেশ মানি চলিবলৈ বাধ্য নহয়।

কিন্তু সেই যুক্তি ২০০৫ চনত তথ্যৰ অধিকাৰ আইন প্ৰৱৰ্তনৰ পিছত অচল হৈ পৰিল। সেই আইনত কোৱা হৈছে যে ৰাজহুৱা বা ব্যক্তিগত চৰকাৰী ধন য’তেই খৰচ হ’ব, এই আইনৰ অধীনত আহিব। ন্যায়াধীশ আৰু মুখ্য ন্যায়াধীশসকলক চৰকাৰে দৰমহা দিয়ে। আদালত পৰিচালনাৰ সকলো খৰচ চৰকাৰে বহন কৰে।

লগতে পঢ়কঃ সন্তানৰ মংগল কামনাৰে শিশুক কোলাত লৈ পানীত “ডুব”! ৩৭ টি শিশুসহ ৪৬ জনৰ মৃত্যু বিহাৰত

স্বাভাৱিকতে তথ্যৰ অধিকাৰ আইনৰ অধীনত ন্যায়াধীশৰ দৰমহা, ভাট্টা আৰু সম্পত্তিৰ সবিশেষ বিচাৰি আবেদন জমা হবলৈ ধৰে। তথ্যৰ অধিকাৰ আইনৰ পৰিসৰৰ পৰা ন্যায়পালিকা মুক্ত বুলি কেইবাগৰাকীও ন্যায়াধীশে ৰায় দিয়ে। দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত উচ্চতম ন্যায়ালয়ে কয় যে ন্যায়পালিকাও আইনৰ অধীনত পৰে আৰু ন্যায়াধীশসকলৰ সম্পত্তি কেৱল জমা কৰিলেই নহব, প্ৰকাশ কৰিব লাগিব যাতে জনসাধাৰণে জানিব পাৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd