• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গুৱাহাটীৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ উদ্যোগত ৰাষ্ট্ৰীয় পুষ্টি মাহ আৰু স্বচ্ছতা হি সেৱা উদযাপন

কামৰূপ গ্ৰাম্য জিলাৰ ৰামপুৰত ৩ দিনীয়া ফটো প্ৰদৰ্শনীৰ আয়োজন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 27, 2024 4:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি),গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয় উদ্যোগত আজি কামৰূপ (গ্ৰাম্য) জিলাৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তিনিদিনীয়া ফটো প্ৰদৰ্শনী আৰু সজাগতা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পুষ্টি মাহ আৰু স্বচ্ছতা হি সেৱা উদযাপন কৰা হয়।

পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই এই প্ৰদৰ্শনী উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত এক পেড় মা কে নামৰ অধীনত গছপুলি ৰোপণ আৰু স্বচ্ছতাৰ পদক্ষেপৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

ভাষণ প্ৰসংগত ঠাকুৰীয়াই কয়, ‘ৰাষ্ট্ৰীয় পুষ্টি মাহ আৰু স্বচ্ছতা হি সেৱা এই দুটা পদক্ষেপ এই দেশ আৰু ইয়াৰ নাগৰিকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সাধাৰণ জনতাৰ সজাগতাৰ বাবে এনে এখন প্ৰদৰ্শনী আয়োজন কৰাৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ অধীনস্ত কেন্দ্ৰীয় যোগাযোগ ব্যুৰো কাৰ্যালয়ৰ প্ৰচেষ্টাৰ শলাগ লৈছো।”

বিধায়কগৰাকীয়ে লগতে কয়, ‘পুষ্টি মাহত জনসাধাৰণৰ অংশগ্ৰহণক বিশেষ গুৰুত্ব দিয়া হয় আৰু আমি এইটো নিশ্চিত কৰিব লাগিব যে পুষ্টিৰ সজাগতা যাতে প্ৰতিটো ঘৰতে পোৱা যায়। এই দুয়োটা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেশজোৰা অভিযান আৰম্ভ কৰি দেশৰ প্ৰতিজন ব্যক্তিৰ ওপৰত ইয়াৰ প্ৰভাৱ স্বীকাৰ কৰিছে।”

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূৰ্ব মণ্ডলৰ সঞ্চালকপ্ৰধান সতীশ নামবুদিৰিপাদে কয়, “পোষণ মাহ আৰু স্বচ্ছতা হি সেৱা, দুয়োটা পদক্ষেপ এটা আনটোৰ পৰিপুৰক। সুস্বাস্থ্য আৰু পুষ্টিৰ বাবে পৰিষ্কাৰ পৰিবেশ অতি প্ৰয়োজনীয়। একেদৰে সুস্থ শৰীৰৰ লগত সুস্থ মন এটাও জড়িক হৈ থাকে, যিয়ে সমাজৰ সামগ্ৰিক কল্যানত অৰিহণা যোগাব।”

ৰামপুৰৰ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ লিলিমা দাসে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সঠিকভাৱে হাত ধোৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উপকাৰিতাৰ বিষয়ে বক্তব্য আগবঢ়ায়। তেওঁ কয় যে এই পদক্ষেপৰ জৰিয়তে আমি খাদ্য আৰু স্বাস্থ্যৰ সৈতে জড়িত আচৰণৰ পৰিৱৰ্তন অনা, স্থানীয়ভাৱে উপলব্ধ পুষ্টিকৰ খাদ্যক প্ৰসাৰ কৰা আৰু পুষ্টিহীনতা আৰু ৰক্তহীনতাক গুৰুত্ব দিয়াৰ লক্ষ্য ৰাখিছো।

ৰামপুৰ ব্লকৰ শিশু উন্নয়ন আৰু প্ৰকল্প বিষয়া ঝিলিক সেনেও ৰাইজৰ মাজত পুষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ ডাঙৰ বয়সত মহিলাসকলৰ বাবে স্বাস্থ্যসন্মত খাদ্যাভ্যাস অতি প্ৰয়োজনীয় বুলি তেওঁ আলোকপাত কৰে। গৰ্ভাৱস্থাত পুষ্টিকৰ খাদ্যৰ বাবে স্থানীয়ভাৱে উপলব্ধ ফল-মূল, শাক-পাচলি আৰু অন্যান্য সামগ্ৰী অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ, যিয়ে মাতৃৰ লগতে শিশুৰ সুস্বাস্থ্য নিশ্চিত কৰাত সহায় কৰিব।

ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অঞ্জু ভট্টাচাৰ্য, চিবিচি গুৱাহাটীৰ বিষয়া-কৰ্মচাৰীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

এই প্ৰদৰ্শনীত ৰাষ্ট্ৰীয় পুষ্টি মাহৰ গুৰুত্ব চিত্ৰিত কৰা ২০খনতকৈও অধিক পেনেল প্ৰদৰ্শন কৰা হয়। চিবিচি গুৱাহাটীৰ গীত আৰু নাট বিভাগৰ কৰ্মচাৰী-শিল্পীসকলে লোকগীত আৰু নৃত্য উপস্থাপন কৰে।

ৰামপুৰৰ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ২০২৪ চনৰ ২৬ ছেপ্টেম্বৰত ৰক্তহীনতা পৰীক্ষা আৰু বিনামূলীয়া ঔষধৰ সৈতে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে।

এই উপলক্ষে দ্বিতীয় আৰু তৃতীয় দিনা প্ৰদৰ্শনীখনত শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ দৰে বিভিন্ন প্ৰতিযোগিতাৰ লগতে সাধাৰণ ৰাইজৰ মাজত স্বাস্থ্যসন্মত শিশু প্ৰতিযোগিতা আৰু পুষ্টিকৰ ৰন্ধন শৈলী প্ৰতিযোগিতাও আয়োজন কৰা হ’ব।

ৰাষ্ট্রজোৰা ৰাষ্ট্রীয় পুষ্টি মাহ উদযাপনৰ লগত সংগতি ৰাখি গুৱাহাটী অঞ্চলৰ অন্তর্গত পাঁচটা আঞ্চলিক কার্যালয় যেনে-ডিফু, ডিব্রুগড়, তেজপুৰ, শিলচৰ আৰু বৰপেটাতো নিজ নিজ এলেকাত এই বিষয়ত বিভিন্ন সজাগতামূলক কার্যসূচীৰ আয়োজন কৰা হৈছে৷

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd