• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিংগাপুৰৰ বিৰল দুৰ্নীতিৰ গোচৰত বদনামী প্ৰাক্তন মন্ত্ৰী সুব্ৰমনিয়ম ইশ্বৰনক কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2024 12:00 pm
ছিংগাপুৰৰ প্ৰাক্তন মন্ত্ৰী সুব্ৰমনিয়ম ইশ্বৰনক কাৰাদণ্ড। ফটোঃ সংগ্ৰহীত।

ছিংগাপুৰৰ প্ৰাক্তন মন্ত্ৰী সুব্ৰমনিয়ম ইশ্বৰনক কাৰাদণ্ড। ফটোঃ সংগ্ৰহীত।

125
VIEWS
Share on FacebookShare on Twitter

স্বচ্ছ শাসনৰ বাবে পৰিচিত এখন চহৰ-ৰাজ্যৰ এজন প্ৰাক্তন মন্ত্ৰীসভাৰ সদস্যক বৃহস্পতিবাৰে ছিংগাপুৰৰ আদালতে ন্যায়ত বাধা দিয়া আৰু ৩ লাখ ডলাৰতকৈ অধিক মূল্যৰ উপহাৰ লাভ কৰাৰ অপৰাধত এজন প্ৰাক্তন মন্ত্ৰীক ১২ মাহৰ কাৰাদণ্ড বিহে।

১৩ বছৰ ধৰি কেবিনেট সদস্য হিচাপে বাণিজ্য, যোগাযোগ আৰু পৰিবহণৰ দায়িত্বত থকা সুব্ৰমনিয়ম ইশ্বৰনে অনুচিতভাৱে উপহাৰ লাভ কৰাৰ চাৰিটা আৰু ন্যায়ত বাধা দিয়াৰ এটা গোচৰত দোষ স্বীকাৰ কৰিছিল।

আদালতে কয় যে ৬২ বছৰীয়া ইশ্বৰনক অহা কেইদিনমান জামিনত থাকিবলৈ দিয়া হ’ব আৰু সোমবাৰৰ পৰা তেওঁৰ কাৰাদণ্ড আৰম্ভ হ’ব।

এই গোচৰে ছিংগাপুৰক স্তম্ভিত কৰি তুলিছে, যিয়ে ভাল দৰমহা পোৱা আৰু দক্ষ আমোলাতন্ত্ৰৰ লগতে শক্তিশালী আৰু নীতিগতভাৱে স্বচ্ছ শাসন ব্যৱস্থাৰ বাবে গৌৰৱ অনুভৱ কৰে। ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেলৰ দুৰ্নীতিৰ ধাৰণা সূচকাংক অনুসৰি যোৱা বছৰ ই বিশ্বৰ শীৰ্ষ পাঁচখন কম দুৰ্নীতিগ্ৰস্ত দেশৰ ভিতৰত আছিল।

লগতে পঢ়কঃ দিল্লীৰ হাস্পতালত প্ৰেছক্ৰিপচন বিচাৰি গৈ চেম্বাৰৰ ভিতৰতে চিকিৎসকক গুলীয়াই হত্যা দুই নাবালকৰ

ছিংগাপুৰৰ এজন মন্ত্ৰীৰ সৈতে জড়িত শেষ দুৰ্নীতিৰ গোচৰটো আছিল ১৯৮৬ চনত, যেতিয়া ইয়াৰ ৰাষ্ট্ৰীয় উন্নয়ন মন্ত্ৰীক উৎকোচৰ অভিযোগত তদন্ত কৰা হৈছিল যদিও আদালতত কোনো অভিযোগ দাখিল কৰাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়।

এই তদন্তই এছিয়াৰ বিত্তীয় কেন্দ্ৰটোত আলোড়নৰ সৃষ্টি কৰিছিল আৰু ইশ্বৰনে পৰিবহণ মন্ত্ৰী হৈ থকাৰ সময়তে ব্যৱসায়ীসকলৰ পৰা আড়ম্বৰপূৰ্ণ উপহাৰ গ্ৰহণ কৰা বুলি অভিযোগক কেন্দ্ৰ কৰি হৈছিল। তেওঁৰ বিৰুদ্ধে ইংৰাজী প্ৰিমিয়াৰ লীগ ফুটবল মেচ, ছিংগাপুৰ ফৰ্মুলা ১ গ্ৰেণ্ড প্ৰিক্স, লণ্ডন মিউজিকেলৰ টিকট লোৱা আৰু এক ব্যক্তিগত জেটত ভ্ৰমণৰ দৰে অভিযোগ উঠিছিল।

বিচাৰ বিভাগে জনোৱা মতে, সেইবোৰৰ মূল্য মুঠ ৪ লাখ ছিংগাপুৰ ডলাৰ ভাৰতীয় মূল্যত প্ৰায় ২ কোটি ৬০ লাখ টকা)তকৈ অধিক আছিল। জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে অভিযোগ উত্থাপন হোৱাৰ সময়ত এই পদবীত তিনি বছৰ নৌহওঁতেই পৰিবহণ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল ঈশ্বৰনে।

লগতে পঢ়কঃ মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ক্লডিয়া শ্বেইনবামে

ইশ্বৰনে প্ৰথমে নিজকে নিৰ্দোষী বুলি কৈছিল আৰু নিজক দোষমুক্ত কৰিবলৈ যুঁজিব বুলিও কৈছিল যদিও আদালতৰ সন্মুখত উত্থাপন হোৱা পাঁচটা অভিযোগত দোষ স্বীকাৰ কৰিছিল, ইয়াৰে দুটা অভিযোগ প্ৰথমতে দুৰ্নীতি সম্পৰ্কীয় আছিল যদিও উপহাৰ লাভ কৰাৰ অভিযোগ হিচাপে সংশোধন কৰা হৈছিল।

প্ৰথমে বিচাৰ বিভাগে তেওঁৰ বিৰুদ্ধে ৩৫টা অপৰাধৰ অভিযোগ উত্থাপন কৰিছিল যদিও মাত্ৰ পাঁচটা অপৰাধকলৈহে বিচাৰ আগবাঢ়িছিল। 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd