• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শৈক্ষিক অৰাজকতা সৃষ্টি কৰিছে বিজেপি চৰকাৰে : হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৮ দফীয়া চাৰ্জশ্বীট এছ এফ আইৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 5, 2024 7:31 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত চলি থকা শৈক্ষিক অৰাজকতাৰ বিৰুদ্ধে গুৱাহাটীত ভাৰতৰ ছাত্ৰ ফেডাৰেচন, চমুকৈ এছ এফ আইৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰি শৈক্ষিক অৰাজকতাৰ এক পৰিৱেশ সূচনা কৰাৰ অভিযোগৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰে। বিনামূলীয়া নামভৰ্তিৰ নামত ছাত্ৰ ছাত্ৰীক কৰা প্ৰতাৰণা, উচ্চ শিক্ষাত ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপৰ পৰা বঞ্চিত কৰা, উপযুক্ত শিক্ষক আৰু আন্তঃগাঁথনি অবিহনে নতুন শিক্ষা নীতি কাৰ্যকৰীকৰণ, লৈক্ষিক স্বতন্ত্ৰতাৰ নামত শিক্ষাক ব্যয়বহুল কৰা, ঠিকাভিত্তিক শিক্ষক নিযুক্তিৰ চলনাৰে হাজাৰ হাজাৰ নিয়মীয়া শিক্ষক পদ খালি ৰখা, পৰ্যাপ্ত হোষ্টেল গঢ়াত ব্যৰ্থ হোৱা, স্কুল বন্ধ কৰাৰ অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰে এছ এফ আইয়ে। এক ৮ দফীয়া অভিযোগনামালৈ প্ৰতিবাদী সমদলটো গুৱাহাটী ক্লাবৰ পৰা সমদল উলিয়ায়। যাত্ৰা পথত পুলিচ প্ৰশাসনে সমদলটোক বাধা দিবলৈ আপ্ৰাণ চেষ্টা কৰে। পুলিচ প্ৰশাসনৰ নানান বাধাক অতিক্ৰম কৰি প্ৰতিকুল বতৰকো নেওচি সমদলটো আগবাঢ়ি যায়। সমদলটোক মেঘদূত ভৱনৰ সন্মুথত আৱদ্ধ কৰা হয় আৰু তাতেই এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয়।

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এছ এফ আইয়ে প্ৰথম চার্জ হিচাপে বিনামূলীয়া নামভৰ্তিৰ নামত ছাত্ৰ ছাত্ৰীক কৰা প্ৰতাৰণাৰ কথা উল্লেখ কৰে । যদিও হিমন্ত বিশ্ব শৰ্মাই বিনামূলীয়া নামভৰ্তিৰ আস্ফালন কৰিছে, কিন্তু বাস্তৱ ক্ষেত্ৰত বেক লগাৰ আৰু ৭৫ শতাংশ উপস্থিতিৰ হাৰ নথকাৰ অজুহাতত বিনামূলীয়া নামভৰ্তিৰ পৰা অধিকাংশ দৰিদ্ৰ শিক্ষাৰ্থীক বঞ্চিত কৰা হৈছে। যদিওবা ৭৫ শতাংশ উপস্থিতিৰ হাৰৰ কথা কোৱা হৈছে, কিন্তু একেটা সময়তেই মহাবিদ্যালয়- বিশ্ববিদ্যালয়সমূহত ইউ জি চি ৰ নিয়ম অনুযায়ী ৯০ দিনৰ ক্লাছ সম্পন্ন হোৱা নাই।আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক বেক লগৰ চৰ্ত জাপি দিয়াটো অযুক্তিকৰ যিহেতু চিমেষ্টাৰ ব্যৱস্থাত বেক দিয়াৰ প্ৰক্ৰিয়া ব্যৱস্থাটোৰে এটা অংশ। আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক এনে চৰ্ত জাপি দি বিনামূলীয়া শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছে আৰু ই দ্ৰপ আউটৰ সংখ্যা বৃদ্ধিহে কৰিব।

Apply Now

দ্বিতীয় চার্জ হিচাপে সংগঠনটোৱে উত্থাপন কৰে যে উপযুক্ত শিক্ষক আৰু আন্তঃগাঁথনি অবিহনে NEP কাৰ্যকৰীকৰণৰ নামত ছাত্ৰ ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলিছে হিমন্ত চৰকাৰে। NEP কাৰ্যকৰীকৰণ কৰি মহাবিদ্যালয়- বিশ্ববিদ্যালয়সমূহত নতুন বিষয় সমূহ যদিওবা সন্নিৱিষ্ট কৰা হৈছে। কিন্তু উপযুক্ত আন্তঃগাথঁনি তথা পৰ্যাপ্ত শিক্ষক নাটনিৰ বাবে শিক্ষাৰ্থীসকলে জীয়াতু ভুগিবলগীয়া হৈছে।

তৃতীয়তে স্বতন্ত্ৰতা(autonomy)ৰ নামত শিক্ষাক ব্যয়বহুল কৰিছে আৰু সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীৰ পৰা শিক্ষাৰ অধিকাৰ কাঢ়ি নিছে হিমন্ত চৰকাৰে। চৰকাৰখনে মহাবিদ্যালয় সমূহক স্বতন্ত্ৰতা তথা স্বায়ত্বতা আগবঢ়াইছে। ইয়াৰ মূলতঃ কাৰণটোৱেই হৈছে মহাবিদ্যালয়সমূহৰ ব্যয়ৰ পৰা চৰকাৰখনে দায়িত্ব সামৰিব বিচাৰিছে। ফলশ্ৰুতিত দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ পৰা মহাবিদ্যালয়সমূহে ভিন্ন ধৰণৰ মাচুলৰ জৰিয়তে এই ব্যয় বহন কৰিবলগীয়া হৈছে। শৈক্ষিক অনুষ্ঠান সমূহ ব্যৱসায়িক কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে।

চতু্ৰ্থতে ঠিকাভিত্তিক শিক্ষক নিযুক্তিৰ চলনাৰে হাজাৰ হাজাৰ নিয়মীয়া শিক্ষক/অধ্যাপকৰ পদ এতিয়াও খালি কৰি ৰাখিছে হিমন্ত চৰকাৰে।

পঞ্চম চাৰ্জ হিচাপে এছ এফ আইয়ে কলংকিত আৰ চি জইনৰ জৰিয়তেই নতুন ৰাজ্যিক বোৰ্ড হিমন্ত চৰকাৰে চলাই ৰাখিছে বুলি অভিযোগ আনে।

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে ৬ নম্বৰ চাৰ্জ হিচাপে পৰ্যাপ্ত হোষ্টেল গঢ়া নাই বুলি অভিযোগ কৰে। দূৰদুৰণিৰ পৰা ভিন্ন মহাবিদ্যালয়- বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা শিক্ষাৰ্থীসকলৰ কাৰণে মহাবিদ্যালয়সমূহত পৰ্যাপ্ত হোষ্টেলৰ ব্যৱস্থা কৰা নাই।

সপ্তমতে উচ্চ শিক্ষাত ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপৰ পৰা বঞ্চিত কৰিছে হিমন্ত চৰকাৰে। আজি উচ্চ শিক্ষা অধিক ব্যয়বহুল হৈ পৰিছে। দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ কাৰণে উচ্চ শিক্ষা তথা গৱেষণা কৰাটো আজিৰ দিনত অত্যন্ত কঠিন। কিন্তু তেনে ক্ষেত্ৰত চৰকাৰখনে এই শিক্ষাৰ্থীসকলৰ কাৰণে কোনোধৰণৰ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰা নাই।

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ বিৰুদ্ধে ৮ নম্বৰ চাৰ্জ হিচাপে স্কুল বন্ধ কৰি ৰেকৰ্ড কৰাৰ বিষয়টি এছ এফ আইয়ে উল্লেখ কৰে। ৰাজ্যত এই চৰকাৰখনে বিগত ৭ টা বছৰত ৮ হেজাৰ তকৈও অধিক চৰকাৰী বিদ্যালয় বন্ধ কৰিছে।

এই সমূহ অভিযোগ উত্থাপন কৰি এছ এফ আইৰ ৰাজ্যিক কমিটিৰ সভাপতি হৰ্ষজিত দাসে সমদলটোক সম্বোধন কৰে আৰু শিক্ষাৰ্থীসকলৰ শৈক্ষিক অধিকাৰ খৰ্ব কৰাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক সকীয়নী দিয়ে। ৰাজ্যিক কমিটিৰ সম্পাদক সংগীতা দাসে ভাষণত কয় যে আজি যি সময়ত হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত শান্তি বিৰাজ কৰিছে তথা কোনো আন্দোলনৰ পৰিৱেশ নাই বুলি মন্তব্য দি আছে, সেইসময়তে এই বৰষুণৰ বতৰত শিক্ষাৰ্থীসকলে শিক্ষাৰ অধিকাৰ ৰক্ষাৰ দাবীত ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হৈছে। লগতেই তেওঁ বক্তব্য ৰাখে যে গণতান্ত্ৰিক দেশত আজি হিমন্ত বিশ্ব শৰ্মাৰ শাসনত প্ৰতিবাদী ৰাইজে লুকাই চুৰ কৰি আন্দোলন কৰিবলগীয়া হৈছে। সম্পাদক মণ্ডলীৰ সদস্য অনুজা ডেকাই কটনৰ দৰে এখন উল্লেখযোগ্য বিশ্ববিদ্যালয়তো যে আন্তঃগাথঁনিমূলক নানানটা সমস্যাই শিক্ষাৰ্থীসকলক জুৰুলা কৰিছে , সেই সম্পৰ্কে মন্তব্য প্ৰদান কৰে। কিদৰে মহাবিদ্যালয় সমূহক স্বায়ত্বতা প্ৰদান কৰি শৈক্ষিক প্ৰতিষ্ঠান সমূহক এক ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰা হৈছে, আৰু তাৰ ফলত সাধাৰণ শিক্ষাৰ্থীসকলে ব্যয় বহন কৰিবলগীয়া হৈছে, সেই সম্পৰ্কেও অনুজা ডেকাই নিজৰ বক্তব্য ৰাখে। শেষান্তত সম্পাদক সংগীতা দাসে চৰকাৰক সকীয়াই দিয়ে যে চৰকাৰে যদি শিক্ষাৰ্থীসকলৰ এই সমস্যাসমূহ সমাধান নকৰে, তেন্তে আগুন্তক সময়ত সংগঠনটোৱে ৰাজপথ অৱৰোধৰ দৰে পদক্ষেপ কৰিবলৈ বাধ্য হ’ব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd