• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিক সকলে বিবেকেৰে সমাজখনক উন্নত ৰূপত গঢ় দিব লাগিব: মুখ্যমন্ত্ৰী সোণোৱাল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 23, 2018 7:33 pm
_I7B7731

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সাংবাদিক ফেল’শ্বিপ ২০১৮’ প্ৰদান অনুষ্ঠানৰ এটি মুহূৰ্ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘সাংবাদিকৰ হাতত কলম আছে, বিবেক আছে আৰু তেওঁলোকে বিবেকেৰে সমাজখনক উন্নত ৰূপত গঢ় দিব লাগিব,’- সাংবাদিকক উদ্দেশ্যি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সাংবাদিক ফেল’শ্বিপ ২০১৮’ আঁচনি আৰু ৰাজস্থানলৈ সাংবাদিকৰ  শুভেচ্ছামুলক ভ্ৰমণৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলক সমাজৰ স্বাৰ্থত নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ আহ্বান জনায়।

Apply Now

তেওঁ কয়, ‘সাংবাদিকসকলৰ দৃষ্টি আন মানুহতকৈ বেলেগ। সেইবাবেই তেওঁলোকে ভুলবোৰ আঙুলিয়াই দিব পাৰে। সাংবাদিকসকলে সমাজত ‘এন্টিভাইৰাচ’ৰ দৰে কাম কৰে। মুখ্যমন্ত্ৰীয়ে লগতে চৰকাৰ তথা প্ৰশাসনক গঠনমুলক সমালোচনাৰে ৰাজ্যখনক আগুৱাই নিয়াৰ স্বাৰ্থত সহায় কৰিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানত পোন প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত ৰাজ্যৰ ২০ গৰাকী সাংবাদিকক ফেল’শ্বিপ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও গ্ৰাম্য সাংবাদিকতাৰ ক্ষেত্ৰখনৰ পৰা বাচনি হোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২০ গৰাকী সাংবাদিকৰ এটা দলক ৰাজস্থান ভ্ৰমণৰ বাবে ‘জাৰ্ণেলিষ্ট কিট’ প্ৰদান কৰে।

অনুষ্ঠানত তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে প্ৰকাশ কৰি উলিওৱা ‘অন্তৰংগ’ নামৰ ছমহীয়া আলোচনীখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে।

অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাই সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাৰ শলাগ লয়। তেওঁ কয়, ‘আমাৰ সাংবাদিকসকলে চৰকাৰৰ ফালৰপৰা যি গুৰুত্ব পাবলগীয়া আছিল সেয়া কিছু পলমকৈ হ’লেও পাইছে। অসমৰ সাংবাদিক সকলে ভাৰতবৰ্ষৰ আন আন প্ৰান্তৰ সাংবাদিকৰ লগত একেলগে কাম কৰিব পৰা হৈছে।‘

অনুষ্ঠানত সাংবাদিক ফেল’শ্বিপ ২০১৮’ ৰ বাচনি কমিটিৰ সদস্য তথা বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ভাষণ প্ৰদান কৰি ফেল’শ্বিপৰ বাবে নিৰ্বাচিত সাংবাদিকসকলৰ বাবে অ’ৰিয়েন্টেশ্যন ক’ৰ্চ ৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ গৱেষণা পত্ৰসমুহ সংৰক্ষণ কৰিবলৈ  তথ্য আৰু জনসংযোগ বিভাগক আহ্বান জনায়।

উল্লেখ্য যে, অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে পোন প্ৰথমবাৰৰ বাবে প্ৰদান কৰা এই সাংবাদিক ফেল’শ্বিপৰ বাবে ৰাজ্যৰ মুঠ ৬৬ গৰাকী সাংবাদিকে আবেদন কৰিছিল। ফেল’শ্বিপৰ বাচনি কমিটিত অনুৰাধা শৰ্মা পূজাৰীৰ উপৰিও বিশিষ্ট সাংবাদিক তথা লেখক দিগন্ত ওজা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক চন্দন কুমাৰ গোস্বামী আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক তৃষা দুৱৰা বৰুৱা সদস্য হিচাপে আছিল।

এই অনুষ্ঠানতেই বিশিষ্ট সাহিত্যিক ড: লক্ষ্মীনন্দন বৰা, জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱা আৰু ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীক সম্বৰ্ধনা জনোৱা হয়।

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে প্ৰদান কৰা এই সাংবাদিক ফেল’শ্বিপ লাভ কৰিবলৈ সক্ষম হৈছে নৰ্থ ইষ্ট নাওৰ সাংবাদিক আছিফ ইব্ৰাহিমে। ইব্ৰাহিমে ‘Changing face of Assamese cinema: Challenges, obstacles and opportunities বিষয়ত গৱেষণা কৰিব।

বুধবাৰৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিৱ এ কে সিং, সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা প্ৰমুখ্য ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd