• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মধ্যভোগীসকলেই লুটিছে মুনাফা, মোডীৰ শাসনত দাম পোৱা নাই কৃষকে; প্ৰতিবেদন ৰিজাৰ্ভ বেংকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2024 2:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এফালে খাদ্যবস্তুৰ দাম বৃদ্ধিৰ বাবে সমগ্ৰ দেশ মাহৰ পিছত মাহ জ্বলি আছে। কেন্দ্রীয় চৰকাৰে ইয়াক কোনো প্রকাৰে নিয়ন্ত্রণ কৰিবলৈ সক্ষম হোৱা নাই৷ আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ প্ৰতি তেওঁৰ কিমান দৰদ সেয়া প্ৰমাণ কৰিবলৈ তৎপৰ হৈ পৰিছে।

কেন্দ্ৰৰ শাসকীয় দলৰ কৰ্মকৰ্তাসকলে তেওঁলোকৰ চৰকাৰে কৃষকৰ আয় বৃদ্ধিৰ বাবে অহোপুৰুষাৰ্থ কৰিছে বুলি দেখুৱাবলৈ প্ৰচাৰত নামি পৰিছে। কিন্তু বাস্তৱ যে অতি দুখজনক সেয়া খোদ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

তেওঁলোকে আলু, পিয়াঁজৰ পৰা আৰম্ভ কৰি কল বা আম আদি কিছুমান শস্য আৰু ফলমূলৰ বজাৰ মূল্য পুনৰীক্ষণ কৰিছে। তাত দেখা যায় যে খুচুৰা বজাৰত ফল-মূল বা শস্য যি মূল্যত বিক্ৰী হৈছে তাৰ ৩০ৰ পৰা ৪০ শতাংশ লাভ কৰিবলৈকে কৃষকসকলে সংগ্ৰাম কৰি আছে। অৰ্থাৎ বছৰ বছৰ ধৰি কৃষকসকলক মধ্যভোগীয়ে ঠগাই অহাৰ কথাটো বাস্তৱত সলনি হোৱা নাই।

Apply Now

মধ্যভোগীসকলেই মুনাফা লুটি আছে। সাধাৰণ মানুহে অধিক দামত খাদ্য সামগ্ৰী কিনিলেও খেতিয়কৰ উপাৰ্জন একেই আছে। কিষাণ মণ্ডী বা কৃষক উৎপাদক সংস্থাৰ দৰে আন্তঃগাঁথনি সৃষ্টিৰ যি দাংকোপ মৰা প্ৰচাৰ চলিছে সেয়া বাস্তৱত ব্যৰ্থ হোৱা বুলি আৰ বি আইৰ প্ৰতিবেদনে প্ৰমাণ কৰিছে।

লগতে পঢ়কঃ বিজেপি শাসিত ত্ৰিপুৰাত দুই ফৈদৰ মাজত ৰক্তাক্ত সংঘৰ্ষ, প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি

২০২২ আৰু ২০২৩ চনৰ কিছুমান নিৰ্দিষ্ট সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ বজাৰৰ পৰা বিভিন্ন সামগ্ৰীৰ মূল্যৰ ওপৰত এক সমীক্ষা চলাইছিল আৰ বি আইয়ে। তাত দেখা যায় যে বজাৰত বিক্ৰী হোৱা পিয়াজ, আলু বা বিলাহী আদি শস্যৰ ৪০% দামো কৃষকে পোৱা নাই। আম বা কলৰ ক্ষেত্ৰতো প্ৰায় একেই।

দেখা গৈছে যে উৎপাদিত সামগ্ৰী যেতিয়া বহিঃৰাজ্যলৈ যায় বা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগলৈ যায় তেতিয়া কৃষকৰ বাবে দাম অলপ বেছি হ’ব পাৰে। কিন্তু কেতিয়াও ৫০ শতাংশ পোৱা নাছিল। দালিৰ ক্ষেত্ৰত তুলনামূলকভাৱে ভাল মূল্য পূৰণ কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। বিভিন্ন দালিৰ ওপৰত ৭৫ শতাংশ পৰ্যন্ত মূল্য লাভ কৰিছে কৃষকসকলে। আকৌ তেওঁলোকে কুকুৰাৰ মাংস বা কণীৰ ইমান দাম পোৱা নাই।

২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ আয় দুগুণ কৰাৰ কথা ঘোষণা কৰিছিল। ২০১৯ চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰকাশ কৰা ইস্তাহাৰতো ই অন্যতম দাবী আছিল। কোৱা হৈছিল যে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰা হ’ব। অৰ্থাৎ তিনি বছৰত আয় দুগুণ হ’ব।

ৰাষ্ট্ৰীয় নমুনা জৰীপৰ তথ্য অনুসৰি ২০১৫-১৬ চনত কৃষকৰ জনমূৰি আয় আছিল ৯৬,৭০৩ টকা। কেন্দ্ৰীয় সমিতিৰ দাবী যে ২০২২-২৩ বিত্তীয় বৰ্ষত যদি কৃষকৰ আয় বাস্তৱিকভাৱে দুগুণ হ’ব লাগে তেন্তে তেওঁলোকৰ বাৰ্ষিক গড় আয় ২ লাখ ৭১ হাজাৰ ৩৭৮ টকা হ’ব লাগে। কাৰণ, এই সময়ছোৱাত বৃহৎ মূল্যবৃদ্ধি হৈছে। আয় বৃদ্ধিৰ হিচাপ কৰিবলৈ হ’লে মূল্যবৃদ্ধিও অন্তৰ্ভুক্ত কৰিব লাগিব। কিন্তু অৱশেষত আয় দুগুণ হৈছেনে?

লগতে পঢ়কঃ বায়ুসেনাৰ অনুশীলন চাবলৈ গৈ বিষম পৰিণতি! কমেও পাঁচজনৰ মৃত্যু, ২০০ৰো অধিক অসুস্থ

শেহতীয়া কেন্দ্ৰীয় হিচাপ অনুসৰি ২০২১ চনৰ পৰিস্থিতিগত জৰীপৰ (ছিচুয়েশ্যনেল চাৰ্ভে) তথ্য অনুসৰি কৃষকৰ আয় ২.৮ শতাংশ হাৰত বৃদ্ধি পাইছে! অৰ্থাৎ লক্ষ্যৰ পৰা বহু দূৰত। কেৱল সেয়াই নহয়, মোডী যুগৰ আগৰ দহ বছৰত আয় বৃদ্ধিৰ হাৰ প্ৰায় ৩ শতাংশ আছিল। অর্থাৎ মোডীৰ শাসনকালত কৃষকৰ আয় মনমোহন সিং চৰকাৰৰতকৈও পিছ পৰি ৰৈছে! 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd