• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০০ দিনত ১৪,০০০ চিকিৎসা শিবিৰ : লাখ লাখ জ্যেষ্ঠ নাগৰিকক চিকিৎসা প্রদান আয়ুষ মন্ত্ৰালয়ৰ

"উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো বিশেষ পঞ্চকর্ম ব্লক কেন্দ্রীয় আয়ুর্বেদ গৱেষণা প্ৰতিষ্ঠানত স্থাপন, প্রথম ১০০ দিনতে বৃহৎ সংখ্যক লোকৰ অভূতপূর্ব উপস্থিতি": ডাঃ দীনেশ বৰুৱা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 10, 2024 3:18 pm
১০০ দিনত ১৪,০০০ চিকিৎসা শিবিৰ : লাখ লাখ জ্যেষ্ঠ নাগৰিকক চিকিৎসা প্রদান আয়ুষ মন্ত্ৰালয়ৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ-পূব ভাৰতৰ অগ্ৰণী আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান – কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান (CARI), গুৱাহাটীয়ে আজি এখনি সংবাদমেল সম্বোধন কৰি নৱ গঠিত কেন্দ্ৰীয় চৰকাৰৰ বিগত ১০০ দিনৰ কালছোৱাত আয়ুষ ক্ষেত্ৰই লাভ কৰা কৃতিত্বসমূহৰ ওপৰত মত প্ৰকাশ কৰে।

উক্ত সংবাদমেলত উপস্থিত আছিল ডা: শশী সোণোৱাল, সহ-সঞ্চালক, আয়ুষ সঞ্চালকালয়, অসম চৰকাৰ; ডা: প্ৰণৱজ্যোতি বৈশ্য, অধ্যক্ষ, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটী আৰু, কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান,গুৱাহাটীৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক ডা: দীনেশ বৰুৱা।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি CARI ৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক ডা: দীনেশ বৰুৱাই কয়, “ আয়ুষ মন্ত্ৰালয়ে গুণগতমানৰ স্বাস্থ্যসেৱা উন্নীত কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী আৰু পৰিকল্পনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত নতুনকৈ গঠন হোৱা চৰকাৰৰ প্ৰথম ১০০ দিনৰ সময়ছোৱাত আয়ুষ মন্ত্ৰালয়ে বিশেষকৈ জেষ্ঠ নাগৰিক সকলৰ বাবে ১৪,০০০ তকৈ অধিক স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। মাননীয় কেন্দ্রীয় ৰাজ্যিক আয়ুষ মন্ত্ৰী (স্বতন্ত্ৰ) প্ৰতাপ ৰাও যাদৱৰ অৱিৰত সহায়ত, আমাৰ মন্ত্ৰালয়ে আয়ুৰ্বেদৰ জৰিয়তে জীৱনৰ গুণগত মান উন্নীত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিছে। কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটীয়েও এই বৰ্ষৰ আৰম্ভণিতে প্ৰাক্তন কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুকলি কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পঞ্চকৰ্মা ব্লক তথ‍া ফাৰ্মাকোলজি আৰু ৰসায়ন বিজ্ঞানৰ গৱেষণাগাৰ ইত্যাদিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত নতুন নতুন সা-সুবিধাৰ সৈতে গুণগতমানৰ স্বাস্থ্যসেৱা প্ৰদান কৰি আহিছে। এইক্ষেত্ৰত আমি জনতাৰো বিশাল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছো; কিয়নো পঞ্চকর্ম ব্লকত প্ৰথম ১০০ দিনত ৪,৫০০ৰো অধিক ৰোগীয়ে থেৰাপিউটিক চিকিৎসা সেৱা লাভ কৰিছে। উল্লেখনীয় যে দুয়োটা কেন্দ্ৰৰ মুল স্থাপত্য কৰ্ম ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত শিলান্যাস কৰি মাত্ৰ দুবছৰৰ ভিতৰতে সমাপ্ত কৰি দেশৰ বাবে উৎসৰ্গিত কৰা হৈছে”।

ডাঃ বৰুৱাই লগতে কয় যে, “আমাৰ অন্যান্য কাৰ্যসূচীসমূহ যেনে কিশোৰীসকলৰ মাজত আয়ুৰ্বেদিক পদ্ধতিৰে এনিমিয়া ৰোগ নিয়ন্ত্ৰণ, মাৰ্চা নস্য কৰ্ম আৰু সাৰ্ভিকেল স্প’ণ্ডাইল’চিচৰ বহু-কেন্দ্ৰিক সম্ভাৱনামূলক অধ্যয়ন, আয়ুৰ্বেদিক ভ্ৰাম্যমাণ স্বাস্থ্যসেৱা প্ৰকল্প, জনজাতি স্বাস্থ্যসেৱা গৱেষণা প্ৰকল্প, মহিলা আৰু শিশু স্বাস্থ্যসেৱা প্ৰকল্প আদি নিয়মীয়াকৈ চলি আছে। উক্ত আউটৰিচ কাৰ্যসূচী আৰু আই. ই. চি. অভিযানসমূহে আয়ুষ ক্ষেত্ৰক পুনৰুজ্জীৱিত কৰাত সহায় কৰিছে আৰু চিকিৎসাৰ এক বিশ্বস্ত উৎস হিচাপে ৰাইজৰ বিশ্বাস পুনৰ জিনিবলৈ সক্ষম হৈছে। সময়ৰ লগে লগে CARI ত চিকিৎসা কৰিবলৈ অহা ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে, জনতাৰ মাজত আয়ুষ চিকিৎসা ব্যৱস্থাৰ কার্যক্ষমতা আৰু উপযোগিতাৰ ওপৰত সৃষ্ট হোৱা নতুন বিশ্বাসৰ ই হৈছে এক প্ৰতিফলন।”

তদুপৰি কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান,গুৱাহাটীৰ উদ্যোগত কামৰূপৰ বৰিঘাট প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, আমৰংগা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ন-খোলা মডেল হ‍াস্পতাল, জাগীৰোড; দৰংৰ ধুলা MPHC, বৰপেটাৰ নসত্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ,  শোণিতপুৰৰ কনকলতা চিভিল হাস্পতাল আৰু গোৱালপাৰাৰ ঢূপধৰাৰ বিকালি মডেল হাস্পতাল ইত্যাদি অসমৰ বিভিন্ন ঠাইত বহু স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰা হৈছে। বিগত ২০২৩-২৪ বৰ্ষত মুঠ ৩০,২৫৩ জন ব্যক্তিয়ে এই চিকিৎসা সেৱা লাভ কৰবলৈ সক্ষম হৈছিল। কিন্তু এই বৰ্ষত এতিয়ালৈ মাত্ৰ ৬৩টা স্বাস্থ্য শিবিৰৰ জৰিয়তে ৭০৭৯ তকৈ অধিক লোকে চিকিৎসা সেৱা লাভ কৰিছে। যোৱা ১০০ দিনত বহিঃৰোগ বিভাগত মুঠ ২৯১০ গৰাকী ৰোগী আৰু ১৯টা স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে। আয়ুৰ্বেদ স্বাস্থ্য কেন্দ্ৰ সমূহৰ জৰিয়তে সম্পাদন কৰা এইসমূহ শিবিৰে বৃহৎ পৰিসৰৰ লোকক চিকিৎসা সুবিধা প্ৰদান কৰাত সহায়ক হৈ আহিছে।

CARI-এ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এক মেডিকো-এথন’ব’টেনিকেল চাৰ্ভে’ কাৰ্যসূচী চলাই আছে। অঞ্চলটোৰ নানান জাতি-জনজাতিৰ মাজত প্রচলিত স্থানীয় স্বাস্থ্য পৰম্পৰা, মৌখিক স্বাস্থ্য পৰম্পৰা আৰু ঔষধি উদ্ভিদৰ প্ৰয়োগৰ ওপৰত তীব্ৰ লক্ষ্য ৰাখি এই চাৰ্ভে কৰা হৈছে। দলটোৱে এতিয়ালৈকে ৪০০ তকৈ অধিক পৰম্পৰাগত লোক চিকিৎসকক সাক্ষাৎকাৰ কৰাৰ লগতে তেওঁলোকে কৰা দাবীসমূহো নথিভুক্ত কৰণ কৰা হৈছে। ইয়াৰোপৰি বনৰীয়া খাদ্যোপযোগী উদ্ভিদৰ ওপৰতো অন্য এক অধ্যয়ন আৰম্ভ কৰা হৈছে, য’ত প্ৰথম পৰ্যায়ত অসমৰ ১২খন জিলা ক্ৰমে – কামৰূপ (মেট্ৰো), কামৰূপ, বঙাইগাঁও, নলবাৰী, বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমৰা, চিৰাং, কোঁকৰাঝাৰ, বাক্সা, ওদালগুৰি আৰু বজালীক অন্তৰ্ভুক্ত কৰা হ’ব। CARIৰ অত্যাধুনিক পেথ’লজিকেল লেবৰেটৰীটো বিভিন্ন পেথ’লজিকেল পৰীক্ষা সুলভ মুল্যত কৰা হয়।

অলপতে NABL স্বীকৃতি পাবলৈ সক্ষম হোৱা উক্ত লেবৰেটৰীয়ে বিগত বৰ্ষত প্ৰায় ৫০,০০০ পৰীক্ষা কৰা সম্পন্ন কৰিছিল। শেহতীয়াকৈ ১০০ দিনত এই লেবৰেটৰীত প্ৰায় ১৯,৩২৫ টা পৰীক্ষা সম্পন্ন কৰা হৈছে।

CARIৰ বিশেষ পঞ্চকর্ম ব্লকে কম খৰচত সকলোৰে বাবে উত্তম পঞ্চকর্ম থেৰাপী প্ৰদান কৰি আহিছে। গৱেষকসকলেও পঞ্চকর্মৰ দ্বাৰা ৰোগী আৰোগ্য আৰু জীৱনৰ মান উন্নত কৰাত পঞ্চকর্মৰ ভূমিকা সম্পৰ্কে অধ্যয়ন কৰি আহিছে। তদুপৰি AYUSH বজাৰৰ বাবে উচ্চমানৰ সম্পদ নিশ্চিত কৰাৰ লক্ষ্যৰে পঞ্চকর্ম টেকনিচিয়ান সকলক প্ৰশিক্ষণ দিয়াৰ বাবে এক অভিনৱ পাঠ্যক্ৰমৰো ইয়াত ব্যৱস্থা কৰা হৈছে। উক্ত ব্লকত স্নেহন আৰু স্বেদন, শিৰোধাৰা, আৰু বস্তি আদিকে ধৰি পঞ্চকৰ্মৰ ভিন্ন প্ৰক্ৰিয়াৰ বাবে বিশেষ কক্ষ আছে। পঞ্চকর্মৰ ঔষধ যেনে কোৱাথ আৰু বস্তি দ্ৰব্য ইত্যাদি তৈয়াৰ কৰিবৰ বাবে এটা ঔষধ প্ৰস্তুতি শালাও নিৰ্মাণ কৰা হৈছে। পঞ্চকর্ম টেকনিচিয়ান পাঠ্যক্ৰমৰ অধীনত টেকনিচিয়ানসকলক প্ৰশিক্ষণ দিয়াৰ বাবে বিশেষ শ্ৰেণীকোঠাৰো ব্যৱস্থা কৰা হৈছে। উন্নত পঞ্চকর্ম চিকিৎসাৰ বাবে নতুন পঞ্চকর্ম দ্ৰোণী, বাষ্প স্বেদন যন্ত্ৰ (ষ্টিম চেম্বাৰ), নাড়ী স্বেদন যন্ত্ৰ, সৰ্বাংগধাৰা যন্ত্ৰ, শিৰোধাৰা যন্ত্ৰ, বস্তি যন্ত্ৰ, নস্য প্ৰয়োগ যন্ত্ৰ, অৱগাহন টাব, ছাউনা চেম্বাৰ আৰু আন আন আৱশ্যকীয় সঁজুলিও স্থাপন কৰা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ AYUSH ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে এটা বিশেষ “ফাৰ্মাক’লজী আৰু ৰসায়ন বিজ্ঞান প্ৰয়োগশালা” স্থাপন কৰা হৈছে, য’ত ঔষধৰ মান নিয়ন্ত্ৰণ, নিৰাপত্তা আৰু আয়ুৰ্বেদিক ঔষধৰ কাৰ্যকাৰিতা পৰীক্ষণৰ সুবিধা আছে। এই প্ৰয়োগশালাসমূহে আয়ুৰ্বেদিক ঔষধ, ঔষধী উদ্ভিদ, আৰু উদ্ভিদৰ আধাৰত নিৰ্মিত ঔষধৰ থেৰাপিউটিক আৰু নিৰাপত্তাৰ গুণাৱলী বৈজ্ঞানিকভাৱে প্ৰমাণ কৰিব। ইয়াত বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত পোৱা উদ্ভিদৰ পৰা কম খৰচত উত্তম গুণসম্পন্ন বহু ঔষধি আয়ুৰ্বেদিক প্ৰস্তুতি বিকাশ কৰা হ’ব। তদুপৰি ইয়াত আধুনিক পশু গৃহৰ ব্যৱস্থা আছে য’ত আয়ুৰ্বেদিক ঔষধৰ নিৰাপত্তা আৰু কাৰ্যকৰিতাৰ পূৰ্ব-নৈর্ব্যক্তিক অধ্যয়ন কৰিব পৰা যায়। ফাৰ্মাক’লজী প্ৰয়োগশালাটোত ৰোটাৰী ইভাপ’ৰেটৰ, চক্সলেট এক্সট্ৰেক্টৰ, কোৱাগুলেচন এনেলাইজাৰ, UV-VIS স্পেকট্ৰফট’মিটাৰ, লেব’ৰেটৰী ডীপ ফ্ৰিজাৰ, প্লেথিছম’মিটাৰৰ আদি অত্যাধুনিক সঁজুলি আছে। তদুপৰি ৰসায়ন বিজ্ঞান প্ৰয়োগশালাটিয়েও ‍আয়ুৰ্বেদিক ঔষধৰ মান নিৰ্ধাৰণ আৰু গুণগত মান নিশ্চিত কৰণৰ বাবে কাম কৰিব। এই প্ৰয়োগশালা হাই পাৰফৰ্মেন্স থিন লেয়াৰ ক্ৰ’মাট’গ্ৰাফী (HPTLC), হাই পাৰফৰ্মেন্স লিকুইড ক্ৰ’মাট’গ্ৰাফী (HPLC), গেছ ক্ৰ’মাট’গ্ৰাফী মেছ স্পেকট্ৰ’মিটাৰ (GC-MS), এক্স-ৰে ডিফ্ৰাক্টমিটাৰ (XRD) আদি আধুনিক সঁজুলিৰে সমৃদ্ধ। উল্লেখনীয় যে বৰ্তমান বিভাগটোৰ অধীনত গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগত দুটাকৈ গৱেষণা প্ৰকল্পৰ কামো চলি আছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd