বাবা ছিদ্দিকী আছিল শৰদ পাৱাৰৰ দল এন চি পিৰ এজন গুৰুত্বপূৰ্ণ নেতা। মৃত্যুৰ পাছত কংগ্ৰেছৰ পৰা বহিষ্কাৰ হোৱা বাবা ছিদ্দিকিৰ পুত্ৰ জীশান ছিদ্দিকীয়ে শুকুৰবাৰে অজিত পাৱাৰৰ এন চি পিত যোগদান কৰে। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বান্দ্ৰা পূৱ সমষ্টিৰ পৰাও জীশানক টিকট প্ৰদান কৰে অজিত পাৱাৰে।
২০১৯ চনত কংগ্ৰেছৰ টিকটত বান্দ্ৰা পূৱ সমষ্টিৰ পৰা জিশানে জয়লাভ কৰিছিল। অৱশ্যে যোৱা আগষ্টত বিধানসভা পৰিষদৰ নিৰ্বাচনত ক্ৰছ ভোটিঙৰ অভিযোগত কংগ্ৰেছে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছিল। নিৰ্বাচনৰ ঠিক আগতেই বাবা ছিদ্দিকিৰ পুত্ৰই অজিত পাৱাৰৰ এন চি পিত যোগদান কৰে। এনচিপিত যোগদান কৰি জীশানে কয় যে এই দিনটো মোৰ আৰু মোৰ পৰিয়ালৰ বাবে আৱেগিক। অজিত পাৱাৰ, প্ৰফুল্ল পেটেল এই কঠিন সময়ত মোৰ কাষত থকাৰ বাবে ধন্যবাদ। তেওঁ বান্দ্ৰা (পূব)ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। যোৱাবাৰৰ দৰে মানুহৰ মৰম পাম বুলি আশা কৰিলো৷
উল্লেখযোগ্য যে যোৱা ১২ অক্টোবৰত প্ৰাক্তন বিধায়ক বাবা ছিদ্দিকীক আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। আৰক্ষী সূত্ৰই দাবী কৰিছে যে হত্যাকাৰীৰ লক্ষ্য কেৱল পিতৃয়েই নহয়, ছিদ্দিকিৰ পুত্ৰ বিধায়ক জীশান ছিদ্দিকীও। এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে কুখ্যাত লৰেন্স বিষ্ণোই চক্ৰই। দাবী কৰা হৈছে যে তেওঁলোকে বাবা ছিদ্দিকীক হত্যা কৰিছিল ছলমান খানৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আৰু ডাউদ গেঙৰ সৈতে সম্পৰ্ক থকাৰ বাবে। কিন্তু পিতৃৰ মৃত্যুৰ পিছত জীশানে ‘ইণ্ডিয়া’ মিত্ৰতা ত্যাগ কৰি নিৰ্বাচনৰ ঠিক আগতেই ‘এন ডি এ’ শিবিৰত যোগদান কৰে।
২০ নৱেম্বৰত মাৰাঠা ভূমিত নিৰ্বাচন। গণনা ২৩ত। কংগ্ৰেছ, শিৱসেনা (উদ্ধৱ থাকৰে) আৰু এন চি পি (শৰদ পাৱাৰ)য়ে বিজেপি শাসিত ৰাজ্যখনত পৰিৱৰ্তনৰ আহ্বান জনাইছে। সেই উদ্দেশ্যে কালি মহাৰাষ্ট্ৰৰ ২৮৮খন আসনৰ কাম সম্পূৰ্ণ হ’ল। কংগ্ৰেছ, শিৱসেনা (উদ্ধৱ থাকৰে) আৰু এন চি পি (শৰদ পাৱাৰ) প্ৰত্যেকেই ৮৫ খন আসন লাভ কৰে। অৰ্থাৎ এই তিনিটা মূল দলে ২৫৫খন আসনৰ বাবে যুঁজ দিছে। বাকী ৩৩খন আসন আন অংশগ্ৰহণকাৰী দলক দিয়া হয়।