• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিউজিলেণ্ডৰ বিৰুদ্ধে অনাকাংক্ষিত পৰাজয়; গৌতম গম্ভীৰৰ ‘অতি আগ্ৰাসী’ কৌশলেই দায়ী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2024 9:28 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ১২ বছৰে ভাৰতে দেশৰ মাটিত কোনো টেষ্ট শৃংখলাত পৰাজিত হোৱা নাই। দেশৰ মাটিত একেৰাহে ১৮ খন ছিৰিজ জয়ৰ অভিলেখো স্থাপন হৈছে, যিটো একপ্ৰকাৰ অনন্য অভিলেখ। কিন্তু ২০২৪ত নিউজিলেণ্ডৰ হাতত পৰাজয়ৰ ফলত এই ধাৰাত যতি পৰিল। বেংগালুৰুত ৮ উইকেটত পৰাস্ত হোৱাৰ পাছত পুনেত ১১৩ ৰানত পৰাস্ত হৈ ভাৰতে ২-০ ব্যৱধনত পৰাস্ত হয় এই শৃংখলাত।

এই পৰাজয়ৰ পিছতে ভাৰতীয় দলৰ প্ৰাক্তন খেলুৱৈ তথা প্ৰশিক্ষক গৌতম গম্ভীৰৰ ভূমিকাক লৈ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে। ক্ৰিকেট সমালোচকসকলে গম্ভীৰৰ অতি আগ্ৰাসী কৌশলকে এই পৰাজয়ৰ অন্যতম কাৰণ বুলি গণ্য কৰে।

নিউজিলেণ্ডৰ শৃংখলাৰ পূৰ্বে আৰু চলি থকা সময়ত প্ৰশিক্ষকগৰাকীয়ে আক্ৰমণাত্মক খেলৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৈছিল যে তেওঁৰ একমাত্ৰ লক্ষ্য হৈছে জয়ী হোৱা। অতি আক্ৰমণাত্মক মানসিকতা প্ৰয়োগ কৰা এই কৌশলক ইংলেণ্ডতো ব্যৱহাৰ কৰা হয়, যাক ক্ৰিকেট বিশ্বই ‘বাজবল’ বুলি অভিহিত কৰিছে।

Apply Now

লগতে পঢ়কঃ আপোনাৰ সন্তান পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী নহয় নেকি? জানেনে কেনেকৈ সলনি কৰিব তেওঁলোকৰ মন?

ক্ৰিকেটৰ নান্দনিকতাৰ পৰা বহু দূৰত, এই অতি আক্ৰমণাত্মক কৌশলে ইংলেণ্ডক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ তালিকাৰ ষষ্ঠ স্থানলৈ নমাই আনিছে আৰু তেওঁলোকৰ ফাইনেলৰ সপোন প্ৰায় ভাঙি পেলাইছে। ভাৰতৰ ক্ষেত্ৰতো ইয়াৰ নেতিবাচক প্ৰভাৱো লক্ষ্য কৰা গ’ল। গম্ভীৰৰ কৌশল বুমেৰাং হৈ ভাৰতৰ বাবে পৰাজয়ৰ দুৰ্দশা কঢ়িয়াই আনিলে।

বাংগালুৰু টেষ্টৰ চতুৰ্থ ইনিংছত চাৰি নম্বৰত বেটিং কৰি শতক অৰ্জন কৰে সৰফৰাজ খানে। কিন্তু দ্বিতীয় টেষ্টত শুভমন গিল ঘূৰি অহাৰ পিছত সৰফৰাজক ছয় নম্বৰলৈ নমাই দিয়া হয়। ভাৰত প্ৰথম ইনিংছত ১৫৬ ৰাণত অল আউট হৈছিল আৰু তেতিয়াৰ পৰাই দলটো বেকফুটত আছিল। দ্বিতীয় ইনিংছত টীম মেনেজমেন্ট আৰু প্ৰশিক্ষকৰ সিদ্ধান্তই সৰফৰাজৰ ওপৰত বেটিং ক্ৰমত ৱাশ্বিংটন সুন্দৰক উন্নীত কৰি দলটোক সুস্থিৰ কৰাৰ পৰিৱৰ্তে আৰু অধিক বেকফুটলৈ ঠেলি দিয়ে।

পুনেত ভাৰতে স্পিন সহায়ক পিটচত তিনিজন স্পিনাৰৰ সৈতে খেলিছিল আৰু গোটেই মেচখনত স্পিনাৰসকলে ২০টা উইকেট দখল কৰিছিল। কিন্তু মূল পেচাৰ হিচাপে পৰিগণিত হোৱা যশপ্ৰীত বুমৰাহক এবাৰো ব্যৱহাৰ কৰা নহ’ল। লগতে বাংলাদেশৰ বিৰুদ্ধে সফল আকাশদ্বীপক প্ৰথম ইনিংছত মাত্ৰ ৬ অভাৰ বল কৰিব দিছিল আৰু দ্বিতীয় ইনিংছত বলেই নিদিলে।

লগতে পঢ়কঃ প্ৰকৃতি ধ্বংসৰ চৰম পৰ্যায়! বিশ্ব পৰিবেশ সংৰক্ষণ সূচাংকত ১৮০ খন দেশৰ ভিতৰত ১৭৬সংখ্যক স্থান ভাৰতৰ

এই ক্ষেত্ৰত অধিনায়ক ৰোহিত শৰ্মাৰ বাহিৰেও গৌতম গম্ভীৰৰ ষ্ট্ৰেটেজিয়েও অলপ কাম কৰিছে বুলি ভাৰতীয় অনুৰাগীয়ে বিশ্বাস কৰে। গুৰুত্বপূৰ্ণ সময়ত দলৰ হৈ উইকেট লোৱাৰ ক্ষেত্ৰত যশপ্ৰীত বুমৰাহ কিমান ফলপ্ৰসূ সেই কথাও ভাৰতে পূৰ্বে প্ৰমাণ কৰিছে। সেইবাবেই হয়তো বুমৰাহক বলিঙলৈ ঘূৰাই ননাটো ভাৰতৰ বাবে হিতে বিপৰীত হোৱা দেখা গ’ল।

উল্লেখ্য যে এই শৃংখলাত পৰাস্ত হোৱাৰ ফলত ভাৰতৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পথটো কঠিন হৈ পৰিছে। এতিয়া পৰৱৰ্তী ৬ খন টেষ্ট মেচৰ ভিতৰত ৪ খনত জয়ী হব লাগিব, তেতিয়াহে ভাৰতে অসুবিধা নোহোৱাকৈ ফাইনেলত প্ৰৱেশ কৰিব পাৰিব। গৌতম গম্ভীৰেও ৰবি শাস্ত্ৰী আৰু ৰাহুল দ্ৰাবিড়ৰ পিছত প্ৰশিক্ষক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিব। কিন্তু আগন্তুক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত তেওঁৰ এই আগ্ৰাসন কামত আহিব নে নাই সেয়া হ’ব লক্ষ্যণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd