• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অনুমতি অবিহনে অনুষ্ঠিত আতচবাজী প্ৰদৰ্শনীত অগ্নিকাণ্ড! মন্দিৰ কৰ্তৃপক্ষৰ অৱহেলাৰ অভিযোগ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 29, 2024 5:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অন্যতম ৰাজ্য কেৰালাত সংঘটিত হৈছে এক শোকাবহ ঘটনা৷এই ঘটনা হ’ল এক অগ্নিকাণ্ড৷ কেৰালাৰ নীলেশ্বৰম মন্দিৰত সংঘটিত অগ্নিকাণ্ডৰ সৈতে জড়িত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে। এই অগ্নিকাণ্ডত কমেও ১৫৪ জন লোক আহত হয়। ইয়াৰে কিছুমানৰ অৱস্থা সংকটজনক। ইমান ডাঙৰ দুৰ্ঘটনা কেনেকৈ হ’ল সেই সন্দৰ্ভত ইতিমধ্যে বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে মন্দিৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে!

সোমবাৰে নিশা নীলেশ্বৰমৰ কাছাৰগড় জিলাৰ এটা মন্দিৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। সেই অনুষ্ঠানত অনুৰাগীৰ ভিৰে সকলোৰে চকু কপালত তুলিছিল। এই উপলক্ষে মন্দিৰ কৰ্তৃপক্ষই আতচবাজী প্ৰদৰ্শনৰ আয়োজন কৰে।প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি অনুষ্ঠানৰ সময়ত জুই গুদামটোলৈ ছিটিকি পৰে। তেতিয়াই এই ঘটনা সংঘটিত হয়৷ গুদামত বৃহৎ পৰিমাণৰ ষ্টেকো জমা কৰি ৰখা হৈছিল। ফলত দ্ৰুতগতিত বিয়পি পৰে জুই।

নিশা ঘটনাস্থলীত উপস্থিত হয় জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক। কেনেদৰে এই অগ্নিকাণ্ড সংঘটিত হ’ল তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। কাছাৰগড়ৰ আৰক্ষী অধীক্ষক ডি শিল্পই কয় যে মন্দিৰ কৰ্তৃপক্ষই নিৰাপত্তাৰ প্ৰট’কল মানি চলাত ব্যৰ্থ হৈছে। কেৱল সেয়াই নহয়, মন্দিৰ কৰ্তৃপক্ষই আতচবাজী প্ৰদৰ্শনৰ বাবে প্ৰয়োজনীয় অনুমতি লোৱা নাছিল। জিলা আয়ুক্ত কে ইনবাছেকাৰে কয় যে প্ৰক্ৰিয়াগত ভুল কি আছিল সেই কথা জানিবলৈ তদন্তৰ প্ৰয়োজন।

Apply Now

প্ৰত্যক্ষদৰ্শীয়ে বৰ্ণনা কৰে যে কেনেকৈ আতচবাজীৰ পৰা জুই আৰম্ভ হৈছিল। মূল অনুষ্ঠানৰ বাবে গুদামত বৃহৎ পৰিমাণৰ বাজি মজুত কৰা হৈছিল। যাৰ দাম কমেও ২৫ হাজাৰ টকা। ইয়াৰ সকলোবোৰ ছাইলৈ পৰিণত হৈছে। আহতসকলক উদ্ধাৰ কৰি মেংগালুৰু, কান্নুৰ আৰু কাছাৰগড়ৰ কেইবাখনো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ঘটনাৰ কেইবাটাও ভিডিঅ’। সেই ভিডিঅ’বোৰত দেখা গৈছিল যে সভাস্থলীত মানুহৰ বৃহৎ ভিৰ আছিল। হঠাৎ গুদামটোত এটা জোৰেৰে বিস্ফোৰণ ঘটিল। বিস্ফোৰণৰ তীব্ৰতাৰ বাবে সমীপৰ এক বৃহৎ অঞ্চলত বিয়পি পৰে জুই। লগে লগে সেই অঞ্চলটো ধোঁৱাই আৱৰি ধৰিলে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

September 20, 2026 3:17 pm
নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

September 20, 2026 2:13 pm
হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

September 20, 2026 1:05 pm
ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

September 20, 2026 3:17 pm
নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

September 20, 2026 2:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd