• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ছলমান খানক হত্যাৰ ভাবুকি! ২ কোটি টকাৰ দাবীৰে আৰক্ষীলৈ বাৰ্তা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 30, 2024 12:46 pm
638
VIEWS
Share on FacebookShare on Twitter

বলীউডৰ তাৰকা ছলমান খানক পুনৰ হত্যাৰ ভাবুকি। এই বাৰ্তা মুম্বাই যান-বাহন আৰক্ষীৰ ওচৰ পালেহি। দাবী কৰা হৈছে যে ছলমানে যদি দুই কোটি টকা নিদিয়ে তেন্তে তেওঁক হত্যা কৰা হ’ব! এই ঘটনাই চাঞ্চল্য বিয়পাইছে। মুম্বাই আৰক্ষীয়ে এনে ভাবুকি কোনে প্ৰেৰণ কৰিছিল তাক লৈ তদন্ত আৰম্ভ কৰিছে৷

আৰক্ষীৰ সূত্ৰ অনুসৰি ছলমানক হত্যা কৰাৰ ভাবুকি দি যান-বাহন আৰক্ষীলৈ বাৰ্তা প্ৰেৰণ কৰা হয়। কিন্তু ক’ৰ পৰা বাৰ্তা প্ৰেৰণ কৰা হৈছে তাৰ কোনো উল্লেখ নাই। মুম্বাইৰ ৱৰ্লিত এজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

দুদিনমান পূৰ্বে মৃত্যুৰ ভাবুকি লাভ কৰিছিল ছলমানে। কেৱল ছলমানেই নহয়, নিহত এন চি পি নেতা (অজিত পাৱাৰ) বাবা ছিদ্দিকীৰ পুত্ৰ জীশানকো ভাবুকি দিয়া হৈছিল। মঙলবাৰে জানিব পৰা গৈছিল যে শেহতীয়াকৈ জীশানে মৃত্যুৰ ভাবুকি লাভ কৰিছিল। তেওঁ মুম্বাইৰ বান্দ্ৰা ইষ্ট সমষ্টিৰ বিধায়ক। শুকুৰবাৰে সন্ধিয়া তেওঁৰ বান্দ্ৰা কাৰ্যালয়লৈ অচিনাকি নম্বৰৰ পৰা ফোন আহিছিল। অভিযোগ অনুসৰি জীশানক ফোনযোগে হত্যাৰ ভাবুকি দিয়া হৈছিল। ছলমানকো একেদৰেই ভাবুকি প্ৰেৰণ কৰা হৈছিল। মঙলবাৰে নয়দাৰ পৰা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱকজনক।

প্ৰসংগক্ৰমে যোৱা ১২ অক্টোবৰত জীশানৰ কাৰ্যালয়ৰ সন্মুখত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছিল বাবা ছিদ্দিকীক। তিনিজন আক্ৰমণকাৰীয়ে তেওঁৰ ওপৰত গুলীচালনা কৰে। ইয়াৰ পিছত আৰক্ষীয়ে এজন এজনকৈ ১৫ জন লোকক গ্ৰেপ্তাৰ কৰে। সেই ঘটনাৰ কিছু সময়ৰ পিছতে ছলমানক মৃত্যুৰ ভাবুকি দিয়া হৈছিল।

মন কৰিবলগীয়া যে ছলমান ছিদ্দিকীৰ ঘনিষ্ঠ বুলি জনা যায়। এন চি পি নেতাগৰাকীৰ হত্যাকাণ্ডৰ এসপ্তাহৰ পাছত ছলমানক হত্যা কৰাৰ ভাবুকি দি মুম্বাই আৰক্ষীলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছিল৷

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd