• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইলৰ প্ৰকাশন সংস্থাসমূহক বৰ্জন কৰিলে বিশ্বৰ ১ হাজাৰ গৰাকী আগশাৰীৰ লেখকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2024 10:24 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ এক হাজাৰগৰাকী আগশাৰীৰ লেখকে এক বিবৃতিযোগে ইহুদীবাদী ইজৰাইলৰ সাংস্কৃতিক সংগঠনৰ সৈতে সহযোগিতা নকৰাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁলোকে কয় যে এই সাংস্কৃতিক সংগঠনসমূহে ইহুদীবাদী চৰকাৰৰ দ্বাৰা পেলেষ্টাইনী জনসাধাৰণৰ ওপৰত কৰা অত্যাচাৰ আৰু গণহত্যাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে।

তেওঁলোকৰ বিবৃতি অনুসৰি এই সংগঠনসমূহৰ সৈতে ইজৰাইলৰ সহযোগিতাই পাছলৈ টেল আভিভক নিজৰ বৈষম্যমূলক নীতি ৰূপায়ণ কৰাত সহায় কৰিব, যাৰ ফলত ইজৰাইলে নিজৰ গণহত্যা, দখল আৰু বৰ্ণবাদী আচৰণৰ বিষয়ে ব্যাখ্যা কৰাৰ সুযোগ পাব।

প্ৰতিবেদন অনুসৰি, সেই ১০০০ লেখকৰ ভিতৰত তিনিজন হৈছে শ্যেলী ৰুনী, ৰেচেল কুছনাৰ আৰু অৰুন্ধতী ৰয়। তেওঁলোকে নিজৰ বিবৃতিত প্ৰতিশ্ৰুতি দিয়ে যে ইজৰাইলৰ প্ৰকাশন প্ৰতিষ্ঠানক কোনো ধৰণৰ কিতাপ প্ৰকাশ কৰিবলৈ নিদিয়ে, তেওঁলোকৰ কোনো গ্ৰন্থ প্ৰকাশন উৎসৱত অংশগ্ৰহণ নকৰে আৰু ইজৰাইলৰ কোনো গ্ৰন্থমেলাত অংশগ্ৰহণ নকৰে।

Apply Now

লগতে পঢ়কঃ ওজন হৈছিল ১৭ কেজি! ডায়েট কন্ট্ৰোলৰ পিছতেই মৃত্যু ঘটিল বিশ্বৰ আটাইতকৈ মোটা মেকুৰীটোৰ

আয়াৰলেণ্ডৰ বিখ্যাত কবি আৰু চিত্ৰনাট্যকাৰ শ্যেলী ৰুনীৰ প্ৰথমখন উপন্যাস ‘টক টু ফ্ৰেণ্ডছ’ ২০১৭ চনত প্ৰকাশ পাইছিল যদিও ২০১৮ চনত তেওঁৰ অৰ্ডিনাৰি পিপুল’ নামৰ গ্ৰন্থখন মুক্তি পোৱাৰ পিছত তেওঁ পাঠকৰ মাজত বহুলভাৱে পৰিচিত হৈ পৰে।

বহু বছৰ ধৰি পেলেষ্টাইনৰ অধিকাৰ আন্দোলনক সমৰ্থন কৰি আহিছে শ্যেলী ৰুনীয়ে। ইজৰাইলৰ এটা প্ৰকাশন কোম্পানীয়ে তেওঁৰ তৃতীয়খন উপন্যাস বিউটিফুল ৱৰ্ল্ডক হিব্ৰু ভাষালৈ অনুবাদ কৰি ২০২১ চনত প্ৰকাশ কৰিব বিচাৰিছিল। কিন্তু ৰুণীয়ে সংস্থাটোক অনুমতি নিদিলে।

চলিত বৰ্ষৰ আৰম্ভণিতে ‘পেন পিণ্টাৰ’ বঁটা লাভ কৰাৰ পিছত বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি গাজা ষ্ট্ৰিপত ইজৰাইলৰ গণহত্যাক তীব্ৰ গৰিহণা দিয়ে শ্যেলী ৰুনীয়ে। তেওঁ নিজৰ সকলো পুৰস্কাৰৰ ধন পেলেষ্টাইনী শিশুসকলক সহায় কৰিবলৈ সৃষ্টি কৰা এটা পুঁজিলৈ দান কৰে।

লগতে পঢ়কঃ গজালি মেলা মুগ খোৱাৰ আচৰিত উপকাৰ! দৈনিক খালে কি কি উপকাৰ পাব জানি লওক

বিশ্বৰ এই বিখ্যাত লেখকসকলৰ বক্তব্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় আইনত পেলেষ্টাইনীসকলৰ বাবে লিপিবদ্ধ কৰা স্পষ্ট অধিকাৰক স্বীকৃতি নিদিয়া প্ৰতিষ্ঠানসমূহ বৰ্জনৰ তালিকাত থাকিব।

বিবৃতিটোৰ মতে, দক্ষিণ আফ্ৰিকাৰ বহু বৰ্ণবৈষম্য বিৰোধী লেখকে পূৰ্বেও একেধৰণৰ স্থিতি গ্ৰহণ কৰিছিল; কাৰণ কোনো সচেতন ব্যক্তিয়ে বৰ্ণবাদী আচৰণ আৰু লাখ লাখ মানুহক শৰণাৰ্থীলৈ ৰূপান্তৰিত কৰাটো মানি ল’ব নোৱাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

August 13, 2026 8:54 am
গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd