• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিউবাৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞাৰ বিৰোধিতা কৰি বৰ্খাস্ত হ’ল আৰ্জেণ্টিনাৰ বৈদেশিক মন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2024 3:16 pm
আৰ্জেণ্টিনাৰ বৈদেশিক মন্ত্ৰী ডায়েনা মাণ্ডিনোক বৰ্খাস্ত কৰা হৈছে। ফটোঃ সংগ্ৰহীত।

আৰ্জেণ্টিনাৰ বৈদেশিক মন্ত্ৰী ডায়েনা মাণ্ডিনোক বৰ্খাস্ত কৰা হৈছে। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইয়ে তেওঁৰ বৈদেশিক মন্ত্ৰী ডায়েনা মাণ্ডিনোক বৰ্খাস্ত কৰিছে। কিউবাৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞা উঠাই লোৱাৰ প্ৰস্তাৱৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ভোটদানত আৰ্জেণ্টিনাই হাভানাক ভোট দিয়াৰ পিছতে ডায়েনাই নিজৰ পদ হেৰুৱাইছে।

ৰাষ্ট্ৰসংঘত এই ভোটদান বুধবাৰে অনুষ্ঠিত হয়। আৰ্জেণ্টিনাকে ধৰি ১৮৭খন দেশে এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে। আমেৰিকা আৰু ইজৰাইলে বিপক্ষে ভোটদান কৰে। অৱশ্যে প্ৰস্তাৱটো গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই।

জেভিয়াৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘত আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে। আৰু এনে স্থিতি লোৱাৰ বাবে ডায়েনাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ল।

Apply Now

লগতে পঢ়কঃ দিল্লীৰ চান্দনি চ’কত চুৰি হ’ল ফ্ৰান্সৰ ৰাষ্ট্ৰদূতৰ মোবাইল! বজাৰ কৰিবলৈ আহি লটিঘটি, চাৰিজনক গ্ৰেপ্তাৰ

ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইয়ে ৱাশ্বিংটনত আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা জেৰাৰ্ডো ৱেৰ্থেইনক নতুন বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিছে।

একে সময়তে দেশখনৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে কয় যে আৰ্জেণ্টিনাই কিউবাৰ “এনানায়কত্ববাদ”ৰ স্পষ্ট বিৰোধিতা কৰে।

আৰ্জেণ্টিনাৰ পূৰ্বৰ বাওঁপন্থী চৰকাৰৰ সময়ত কিউবাৰ সৈতে দেশখনৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। যোৱা শতিকাৰ ষাঠিৰ দশকত আমেৰিকাই কিউবাৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছিল। আৰ্জেণ্টিনাৰ পূৰ্বৰ চৰকাৰখনে এই নিষেধাজ্ঞা উঠাই লোৱাৰ পক্ষত আছিল।

আনহাতে, ফকলেণ্ড দ্বীপপুঞ্জৰ সাৰ্বভৌমত্বৰ ওপৰত আৰ্জেণ্টিনাৰ দাবীক কিউবাই সমৰ্থন কৰিছে। এই দ্বীপটোক লৈ আৰ্জেণ্টিনাৰ ব্ৰিটেইনৰ সৈতে দীৰ্ঘদিনীয়া বিবাদ। আনকি ১৯৮২ চনত যুদ্ধৰ অৱতাৰণাও হৈছিল।

লগতে পঢ়কঃ ইজৰাইলৰ প্ৰকাশন সংস্থাসমূহক বৰ্জন কৰিলে বিশ্বৰ ১ হাজাৰ গৰাকী আগশাৰীৰ লেখকে

ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইৰ কাৰ্যালয়ে তেওঁৰ কাৰ্যকালত আৰ্জেণ্টিনাৰ বৈদেশিক নীতিৰ ৰাজনৈতিক লক্ষ্যৰ ওপৰত এক বিবৃতি প্ৰকাশ কৰে। ইয়াত নিশ্চিতভাৱে কিউবাৰ বিষয়টো উত্থাপন হয়।

বিবৃতি অনুসৰি আৰ্জেণ্টিনাই কিউবাৰ একনায়কত্ববাদৰ স্পষ্ট বিৰোধিতা কৰিছে। মানৱ অধিকাৰ খৰ্ব কৰা সকলো শাসন ব্যৱস্থাক গৰিহণা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে দৃঢ়তাৰে থিয় দিব।

বিশ্লেষকসকলে কয় যে যোৱা কেইমাহমানৰ পৰা বিভিন্ন বিষয়ত ৰাষ্ট্ৰপতি মিলেই আৰু ডায়েনাৰ বৈদেশিক মন্ত্ৰালয়ৰ মাজত মতানৈক্য বাঢ়িছে।

লগতে পঢ়কঃ ওজন হৈছিল ১৭ কেজি! ডায়েট কন্ট্ৰোলৰ পিছতেই মৃত্যু ঘটিল বিশ্বৰ আটাইতকৈ মোটা মেকুৰীটোৰ

অৱশ্যে ডায়েনাক বিদেশত আৰ্জেণ্টিনাৰ ভাবমূৰ্তিৰ বাবে এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে দেখা যায়। বিভিন্ন সময়ত ৰাষ্ট্ৰপতি মিলেইৰ বিভিন্ন দ্বন্দ্বমূলক বক্তব্যই আন দেশক বিব্ৰত-হতাশ-ক্ষুব্ধ কৰিছিল। পিছত ডায়েনাৰ মন্ত্ৰণালয়ে উত্তেজনা লাঘৱ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd