• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2025 Retention Announcement: ২৩ কোটিত ক্লাচেন, ২১ কোটিত কোহলি; কোনটো দলে কাক ৰিটেইন কৰিলে? চাওক সৱিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2024 8:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এল ২০২৫ ৰিটেনচন ঘোষণা কৰা হৈছে। কোনটো দলে কাক ৰিটেইন কৰিলে? কোনটো দলে কাক এৰিলে? কোন দলে কাক কিমান টকা দিব? বিগত কেইমাহমান ধৰি চলি থকা জল্পনা-কল্পনাৰ বৃহস্পতিবাৰে অন্ত পৰিল। কাৰণ আই পি এলৰ ১০ টা দলৰ আটাইকেইটা দলৰ ৰিটেইনড খেলুৱৈৰ তালিকা বৃহস্পতিবাৰে বিয়লি প্ৰকাশ কৰা হয়।

দীপাৱলীৰ সন্ধিয়া ৰিটেনচনৰ ‘আশীৰ্বাদ’ কোনে পালে? কলকাতা নাইট ৰাইডাৰ্ছ, চেন্নাই ছুপাৰ কিংছ, মুম্বাই ইণ্ডিয়ানছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, দিল্লী কেপিটেলছ, ৰাজস্থান ৰয়েলছ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, গুজৰাট টাইটানছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু পঞ্জাব কিংছৰ ৰিটেনচন তালিকা ওলাল।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্বত্বাধিকাৰী সঞ্জয় গোৱেংকাই পুনৰ কে এল ৰাহুলক আক্ৰমণ কৰিলে? আই পি এল ৰিটেনচন লিষ্ট প্ৰকাশ কৰাৰ পিছত তেওঁ কয়, ‘আমি সহজ মানসিকতাৰে আগবাঢ়িছো। যিসকল খেলুৱৈৰ জয়ৰ মানসিকতা আছে, যিসকল খেলুৱৈয়ে দলটোক নিজৰ ব্যক্তিগত লক্ষ্য আৰু আকাংক্ষাৰ ওপৰত ৰাখে, আমি তেওঁলোকক ধৰি ৰাখিব বিচাৰিছো।’

Apply Now

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু (আৰ চি বি)ৰ অধিনায়ক হ’ব নেকি বিৰাট কোহলি? আৰচিবিৰ পৰিচালনা সমিতিয়ে স্পষ্ট কৰিলে। আই পি এলৰ ৰিটেনচন লিষ্ট প্ৰকাশৰ দিনাই মুম্বাইয়ে তেওঁলোকৰ অধিনায়কৰ নাম ঘোষণা কৰিলে যদিও আৰ চি বিয়ে সেই পথেৰে আগবাঢ়িব নোৱাৰিলে।

কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ দৰেই ৰাজস্থান ৰয়েলছে ৬জন খেলুৱৈক ধৰি ৰাখিছে। সঞ্জু চেমচন আৰু যশস্বী জয়ছৱালে লাভ কৰে ১৮ কোটিকৈ টকা। ৰিয়ান পৰাগ আৰু ধ্ৰুৱ জুৰেলে লাভ কৰিলে ১৪ কোটি টকা। ১১ কোটি টকা প্ৰদান কৰা হৈছে শিমৰাণ হেটমায়ৰক।

দুয়োজন আনকেপড ভাৰতীয়ক পঞ্জাৱ কিংছে ধৰি ৰাখিলে। শশাংক সিঙক ৫.৫ কোটি টকাত ৰাখিলে আৰু প্ৰভসিমৰন সিঙক চাৰি কোটি টকাত ৰাখিলে। ৰিকি পণ্টিং দলটোৰ মুখ্য প্ৰশিক্ষক।

ছানৰাইজাৰ্ছ হায়দৰাবাদে পেট কামিন্স (১৮ কোটি টকা), অভিষেক শৰ্মা (১৪ কোটি টকা), নীতিশকুমাৰ ৰেড্ডী (৬ কোটি টকা), হেনৰিক ক্লাচেন (২৩ কোটি টকা) আৰু ট্ৰেভিছ হেড (১৪ কোটি টকা)ক ধৰি ৰাখিছে। হেনৰিকে সৰ্বাধিক টকা পাইছে। আই পি এলত ধৰি ৰখা খেলুৱৈসকলৰ ভিতৰত ক্লাছেনেই সৰ্বাধিক ধন লাভ কৰিছে।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছে পাঁচজন খেলুৱৈক ধৰি ৰাখিছে। নিকোলাছ পুৰানে সৰ্বাধিক টকা লাভ কৰিছে। তেওঁক ২১ কোটি টকা প্ৰদান কৰা হৈছে। ৰবি বিষ্ণোই আৰু মায়ংক যাদৱে ১১ কোটি টকা লাভ কৰে। মহছিন খান আৰু আয়ুষ বদোনীয়ে চাৰি কোটি টকাকৈ পালে। কে এল ৰাহুলক এৰি দিয়া হ’ল।

আশা কৰা মতে ঋষভ পন্ত দিল্লী কেপিটেলছত নাথাকিল। তেওঁ আই পি এলৰ নিলামত থাকিব। দিল্লী কেপিটেলছে চাৰিজনক ধৰি ৰাখিছে। সৰ্বাধিক ১৬.৫ কোটি টকা লাভ কৰে অক্ষৰ পেটেলে। কুলদীপ যাদৱে ১৩.২৫ কোটি, ত্ৰিষ্টান ষ্টাবছে ১০ কোটি আৰু অভিষেক পড়েলে ৪ কোটি টকা লাভ কৰে। অভিষেক পড়েল অনকেপড খেলুৱৈ।

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কোনো বিদেশী খেলুৱৈক ধৰি ৰখা নাই। বিৰাট কোহলীক সৰ্বাধিক ২১ কোটি টকা দিছে। ৰজতে পাতিদাৰক দিলে ১১ কোটি টকা। যশ দয়ালে পালে পাঁচ কোটি টকা। অৰ্থাৎ আৰ চি বিয়ে নিলামত অধিক ধন লৈ আগবাঢ়িব।

আশা কৰা মতে চেন্নাই ছুপাৰ কিংছে পাঁচজন খেলুৱৈক ধৰি ৰাখিছে। ৰুতুৰাজ গাইকোৱাড, মথিছা পাথিৰানা, শিৱম ডুবে, ৰবীন্দ্ৰ জাডেজা আৰু মহেন্দ্ৰ সিং ধোনী। ধোনীক আনকেপড খেলুৱৈ হিচাপে ৰখা হৈছে।

মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই থাকিব। হাৰ্ডিকক অধিনায়ক হিচাপে ৰখাৰ সিদ্ধান্ত লোৱা হৈছে, ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ বা সূৰ্য্যকুমাৰ যাদৱক নহয়। ভাৰতৰ এদিনীয়া আৰু টেষ্ট দলৰ অধিনায়ক হিচাপে থাকিব ৰোহিত। ভাৰতীয় টি-২০ দলৰ অধিনায়ক হিচাপে থাকিব সূৰ্য্যই।

সম্পূৰ্ণ আচৰিত কৰি দিলে কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ)। তেওঁলোকে ছয়জনক ধৰি ৰাখিলে। অৰ্থাৎ আই পি এলৰ মেগা নিলামত কেকেআৰে কোনো আৰটিএম কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব। কেকেআৰৰ- ৰিংকু সিং (১৩ কোটি টকা), বৰুণ চক্ৰৱৰ্তী (১২ কোটি টকা), সুনীল নাৰিন (১২ কোটি টকা), আন্দ্ৰে ৰাছেল (১২ কোটি টকা), হৰ্ষিত ৰানা (৪ কোটি টকা) ৰমনদীপ সিং (৪ কোটি টকা) লাভ কৰিছে।

বিৰাট কোহলীয়ে লাভ কৰিছে ২১ কোটি টকা। তেওঁক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ধৰি ৰাখিছিল। আনহাতে, মহেন্দ্ৰ সিং ধোনীক চাৰি কোটি টকা দিয়া হৈছে।

মুম্বাই ইণ্ডিয়ানছে পাঁচজন লোকক ধৰি ৰাখিছে। যশপ্ৰীত বুমৰাহে সৰ্বাধিক টকা পাই আছে। তেওঁক ১৮ কোটি টকা দিয়া হৈছে। তাৰ পিছত আছে – সূৰ্য্যকুমাৰ যাদৱ (১৬.৩৫ কোটি টকা), হাৰ্দিক পাণ্ডিয়া (১৬.৩৫ কোটি টকা), ৰোহিত শৰ্মা (১৬.৩ কোটি টকা) আৰু তিলক ভাৰ্মা (৮ কোটি টকা)।

চেন্নাই ছুপাৰ কিংছলৈ যাব নেকি ঋষভ পন্ত? এই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। যদিও কিছুমানে ভাবে, সেই সম্ভাৱনা যথেষ্ট কম। কাৰণ চেন্নাইয়ে পাঁচজনক ধৰি ৰাখিছে। তাৰ বাবে খৰচ হৈছে ৬৫ কোটি টকা। হাতত আছে ৫৫ কোটি টকা। সেই পৰিস্থিতিত সংশ্লিষ্ট মহল বিমোৰত পৰিছে যে পণ্টক নিবলৈ যি ধন খৰচ হ’ব সেই ধন চেন্নাইয়ে খৰচ কৰিবনে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd