• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পি এম কিষাণ আঁ‌চনিৰ কেৱল বিভাগীয় তদন্ত কৰিয়ে দায়িত্ব সামৰিব বিচাৰিছে চৰকাৰে : ডি ৱাই এফ আই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 5, 2024 6:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি চমুকৈ পি এম কিষাণ আঁ‌চনিৰ কেলেংকাৰি এক সংঘবদ্ধ লুট  আছিল বুলি অভিহিত কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইয়ে। কেৱল ৯৮ জন কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰি বিশাল কেলেংকাৰিটোৰে জড়িত শাসক দলৰ আশীৰ্বাদপুষ্ট একাংশক ৰক্ষণাবেক্ষণ দিব ওলাইছে বুলি ডি ৱাই এফ আইয়ে অভিযোগ কৰিছে।

কেগৰ প্ৰতিবেদনত পি এম কিষাণ আঁ‌চনিৰ গুৰুতৰ অনিয়মৰ কথা পোহৰলৈ অহাৰ আৰু এক বিশেষ গোটে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ ৰুজু কৰাৰ পিছতহে চৰকাৰৰ গা লৰিছে। বিধান সভাত দাখিল কৰা কেগৰ প্ৰতিবেদন মতে পি এম কিষাণ আঁ‌চনিৰ ৮ লাখ ৪৪ হাজাৰ ৬৭২ জন ভূৱা হিতাধিকাৰী চিহ্নিত হৈছে। এইসকল হিতাধিকাৰীয়ে আত্মসাৎ কৰা ধনৰ পৰিমাণ হৈছে ৫৬৭ কোটি ৪১ লাখ ৬৪ হাজাৰ টকা। ২০২০ চনত হোৱা প্ৰতিবাদৰ পিছত চৰকাৰে ঘোষণা কৰিছিল যে ভূৱা হিতাধিকাৰীয়ে তেওঁলোকৰ ধন ঘূৰাই দিব লাগিব। ঘূৰাই নিদিলে তেনে হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কিন্তু আচৰিত কথা যে মাত্ৰ ০.২৪ শতাংশ হিতাধিকাৰীয়ে মাত্ৰ ১কোটি ৩৭ লাখ টকাহে এতিয়ালৈ ঘূৰাই দিছে। এই কথাই প্ৰমাণ কৰিছে যে চৰকাৰে মুখত ভুৱা হিতাধিকাৰীৰ কথা স্বীকাৰ কৰিলে কিন্তু বাস্তৱত একোৱে নকৰিলে।

Apply Now

উল্লেখনীয় যে ২০২০ চনৰ ৮ মে’ তাৰিখে এই সমগ্ৰ কেলেংকাৰিৰ তদন্ত বিচাৰি আৰু প্ৰকৃত কৃষকৰ অন্তৰ্ভূক্তিৰে এখন নতুন তালিকা প্ৰস্তুত আৰু কেলেংকাৰিত জড়িত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰালৈ মেইলযোগে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ডি ৱাই এফ আইৰ ৰাজ্যিক কমিটিয়ে। কিন্তু তেতিয়া দুৰ্নীতিৰ সতে আপোচ কৰা মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

কেগৰ প্ৰতিবেদন মতে বৰপেটা জিলাত ৰাজ্যখনৰ ভিতৰতে সৰ্ববৃহৎ কেলেংকাৰি হৈছে। জিলাখনত ভূৱা হিতাধিকাৰীৰ সংখ্যা ২ লাখ ৩ হাজাৰ ৮ শ ৩৯ জন। ডি ৱাই এফ আইয়ে সেই সময়তে কিছু স্থানত ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছিল। বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত পুথিমাৰী, কামাৰগাঁ‌ও, চুলিয়াকাটা, ফেহুৰাখোৱা, মেদা পঞ্চায়তৰ কেইবাখনো গাঁ‌ৱত অধ্যয়ন কৰিছিল। আচৰিত কথা যে সেই সময়ৰ বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্ৰতিনিধিত্ব কৰা সৰভোগ সমষ্টিৰ পুথিমাৰী গাঁ‌ৱত অখিল গগৈ (তালিকাৰ ক্ৰমিক নং- ৯) আৰু ফেহুৰাখোৱা পঞ্চায়তৰ অন্তৰ্গত বগুলামাৰী গাঁ‌ৱত দাউদ ইব্ৰাহিম (তালিকাৰ ক্ৰমিক নং ৫২২)- নামৰ দুই ব্যক্তিৰ নামত কৃষক সন্মান নিধি আঁ‌চনিৰ হিতাধিকাৰীৰ তালিকাত নাম সন্নিবিষ্ট হৈছিল।  কিছুমান অদ্ভুত নাম, বেলেগ উপাধি আৰু মৃত ব্যক্তিৰ নামো তালিকাত অন্তৰ্ভুক্ত হৈছিল। সেই সময়ৰ বিজেপিৰ জিলা সম্পাদকৰ নামো তালিকাত আছিল। সমষ্টিটোৰ চকচকা মণ্ডলৰ সদস্যৰ নামত এখন তালিকাতে দুবাৰ সন্নিবিষ্ট হোৱাৰ লগতে তেওঁ পত্নী আৰু পৰিয়ালৰ সকলোৰে নাম সন্নিবিষ্ট হৈছিল। চুলিয়াকাটা পঞ্চায়তত য’ত এজনো মুছলমান আৰু বঙালী লোক নাই তাত ডেৰ শতকৈও অধিক মুছলমান লোকৰ নাম হিতাধিকাৰীৰ তালিকত আহিছিল। ইয়াৰ উপৰি বহু চাকৰিয়াল, প্ৰাক্তন সৈনিকেও কৃষক সন্মান নিধিৰ ধন পাবলৈ সক্ষম হৈছিল।

ধেমাজি জিলাৰ নিলখ পঞ্চায়তৰ হিতাধিকাৰীৰ নামৰ তালিকাত বহু অৰুণাচলী লোকৰ নামৰ লগতে ঠিকাদাৰ, অৱস্থাসম্পন্ন পৰিয়াল, ছাত্ৰ আৰু বহিঃৰাজ্যত কাম কৰা ব্যক্তিৰ নামো তালিকাত সন্নিবিষ্ট হৈছিল।

বৰ্তমানৰ তামুলপুৰ জিলাৰ গোৰেশ্বৰ অন্তৰ্গত ৰামচা গাঁ‌ৱত বঙালী আৰু মুছলমান লোকৰ নাম সন্নিবিষ্ট হৈছিল, যিখন গাঁ‌ৱত শৰণীয়া আৰু বড়ো সম্প্ৰদায়ৰ লোকেহে বাস কৰে।

আনহাতে কিছুমান অদ্ভুত নাম যেনে সৰভোগ সমষ্টিৰ দক্ষিণ গণকগাড়ী গাঁ‌ৱৰ হিতাধিকাৰীৰ নাম evsuf (ক্ৰমিক নং -৪২) আৰু  BVN BV (ক্ৰমিক নং -১৯)। ধেমাজি জিলাৰ নিলখ পঞ্চায়তৰ হিতাধিকাৰীৰ নাম XXXXX (ক্ৰমিক নং ২৩৩০), UIHDSQWHNKDFEW (ক্ৰমিক নং ১১৩৪) আৰু VTIGJ (ক্ৰমিক নং- ১৩৪৮) ।

এইবোৰে এটা কথাই প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ নামত বিয়াগোম কেলেংকাৰি সংঘটিত হৈছিল আৰু শাসক দল বিজেপি-এজিপিৰ নেতা-কৰ্মী আৰু পঞ্চায়ত প্ৰতিনিধি সকল আছিল এই আঁ‌চনিৰ হিতাধিকাৰী নিৰ্বাচনৰ মূল হৰ্তাকৰ্তা। কৃষি বিষয়া সকলো কোনো গুণেই কম নহয় যদিও কেৱল ৯৮ জন কৃষি বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত দিয়াৰ অৰ্থ হ’ল কেলেংকাৰিত লিপ্ত নিজ দলৰ নেতা-পালিনেতাক সুৰক্ষা দিয়া।

ডি ৱাই এফ আই এয়া তদন্তৰ নামত নিজ দলৰ নেতা কৰ্মীক ৰক্ষণাবেক্ষণ দিয়াৰ এক ডাঙৰ চক্ৰান্ত বুলি অভিহিত কৰিছে আৰু কেলেংকাৰিৰ সকলো বিষয় সামৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী কৰিছে। ডি ৱাই এফ আইয়ে কেৱল বিভাগীয় তদন্ত নহয় ৯৮ জন কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধে অপৰাধজনিত গোচৰো ৰুজু কৰিবলৈও দাবী কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd