• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এফালে ‘ভাষা গৌৰৱ সপ্তাহ’ৰ আয়োজন আনফালে হিন্দীক সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য কৰি তোলাৰ দাবী অমিত শ্বাহৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 6, 2024 9:21 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এফালে অসমীয়া ভাষাক ধ্ৰুপদীৰ মৰ্যাদা প্ৰদানৰ আনন্দ আনফালে গৃহমন্ত্ৰীৰ হিন্দীভাষা প্ৰচাৰৰ পৃষ্ঠপোষকতা৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে (৪ নৱেম্বৰ) কয় যে হিন্দী সাহিত্য আৰু ইয়াৰ বিভিন্ন ব্যাকৰণগত ৰূপৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে দীৰ্ঘম্যাদী নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে।

হিন্দীক সাৰ্বজনীন আৰু নমনীয় কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্বাহে কয় যে আধুনিক শিক্ষাৰ সকলো পাঠ্যক্ৰম হিন্দী আৰু অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ কৰাটোও প্ৰয়োজনীয়৷ ইতিমধ্যে এই তথ্য দ্য হিন্দুৱে প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় হিন্দী সমিতিৰ ৩২ সংখ্যক বৈঠকত এই মন্তব্য কৰে শ্বাহে। এই সমিতিখনেই হৈছে হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰগতিশীল ব্যৱহাৰৰ নিৰ্দেশনা দিয়া সৰ্বোচ্চ সংস্থা। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ২১ জনীয়া কমিটীত ৯ জন কেন্দ্ৰীয় মন্ত্ৰী, ৬ জন মুখ্যমন্ত্ৰী, সংসদীয় চৰকাৰী ভাষা সমিতিৰ উপ অধ্যক্ষ আৰু তিনিজন আহ্বায়ক আছে।

Apply Now

শ্বাহে কয় যে শেহতীয়াকৈ আৰু পাঁচটা ভাৰতীয় ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছে। তেওঁ আলোকপাত কৰে যে ভাৰত বিশ্বৰ একমাত্ৰ দেশ য’ত ১১টা ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে।

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি শ্বাহে ভাষণত কয় যে অভিযান্ত্ৰিক, চিকিৎসা, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাও এতিয়া ভাৰতীয় ভাষাত উপলব্ধ। বৈঠকত তেওঁ কয়, ‘ইয়াৰ ফলত দেশৰ সকলো ভাষাৰ বিকাশৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি হৈছে।’

শ্বাহে কয় যে শিশু আৰু যুৱক-যুৱতীসকলে নিজৰ মাতৃভাষাত অধ্যয়ন, বিশ্লেষণ আৰু সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয়, যাতে তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনাক দেশৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়।

উল্লেখযোগ্য যে কেন্দ্ৰীয় হিন্দী সমিতিৰ উদ্দেশ্য হৈছে হিন্দী ভাষাৰ বিকাশ, হিন্দী সাহিত্য সংৰক্ষণ আৰু ইয়াক দেশৰ সংস্পৰ্শ ভাষা হিচাপে প্ৰতিষ্ঠা কৰা। কেন্দ্ৰীয় হিন্দী সমিতিৰ ভূমিকা হৈছে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগে হিন্দী ভাষাৰ বিকাশ আৰু প্ৰসাৰৰ বাবে ৰূপায়ণ কৰা কাম-কাজ আৰু কাৰ্যসূচীসমূহৰ সমন্বয় সাধন কৰা।

প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠিত সমিতিৰ কাৰ্যকাল সাধাৰণতে তিনি বছৰ। ২০২১ চনৰ ৯ নৱেম্বৰত বৰ্তমানৰ সমিতিখন পুনৰ গঠন কৰা হয়।

উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বহুবাৰ হিন্দীক গুৰুত্ব দি আহিছে, যাৰ বাবে ৰাজনৈতিক দলসমূহে সমালোচনা কৰিছে। ইংৰাজীৰ বিকল্প হিন্দী হ’ব পাৰে বুলি ইতিমধ্যে গৃহমন্ত্ৰীগৰাকীয়ে কৈছে। বিৰোধীয়ে বিশেষকৈ দক্ষিণ ভাৰতৰ নেতাসকলে ইয়াৰ তীব্ৰ বিৰোধিতা প্ৰকাশ কৰিছে।

২০২২ চনৰ অক্টোবৰ মাহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত দাখিল কৰা একাদশ প্ৰতিবেদনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত চৰকাৰী ভাষাৰ সংসদীয় সমিতিয়ে পৰামৰ্শ দিছিল যে হিন্দী ভাষাত আই আই টিৰ দৰে কাৰিকৰী আৰু অকাৰিকৰী উচ্চ শিক্ষানুষ্ঠানসমূহত হিন্দী ভাষা শিক্ষাৰ মাধ্যম হ’ব লাগে আৰু দেশৰ অন্যান্য অঞ্চলত শিক্ষাৰ মাধ্যম স্থানীয় ভাষা হ’ব লাগে। লগতে সকলো ৰাজ্যতে ইংৰাজীতকৈ স্থানীয় ভাষাক অগ্ৰাধিকাৰ দিয়া উচিত।

অমিত শ্বাহে হিন্দী ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটোক তেতিয়া বিৰোধী দলসমূহে তীব্ৰ সমালোচনা কৰি ভাৰতৰ বহুত্ববাদৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd