মুখত এমুকুৰা হাঁহি লৈ ফটোৰ বাবে পজ দি দৌৰি-ঢাপলি ফুৰা ছোৱালীজনী আজি শয্যাগত। হঠাৎ যে কি হৈ গ’ল!
আজি তাইক আপোনাৰ কিছু সহায়ৰ প্ৰয়োজন। অকণমান মৰম সহানুভূতিৰো প্ৰয়োজন। প্ৰয়োজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো সহায়ৰ।
হয় আমি ক’বলৈ ওলাইছোঁ বোকাখাতৰ ডিফলু পথাৰ শুকানী গাঁৱৰ বিশ্বমণি বৰাৰ কথা। ১৭ বছৰীয়া বিশ্বমণিয়েও মনত পুহি ৰাখিছিল বহু সপোন।
পিতৃ তিলেশ্বৰ বৰাই দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটোক পোহপাল দি আছে। মাতৃ ইণ্ডিৰা বৰাও গৃহিনী। অসহায় অৱস্থাৰ মাজতে জীয়ৰীৰ দুৰ্ভগীয়া মুখখন চাই চাই দিন কটাবলগীয়া হৈছে দুয়ো।
বিগত ৯ মাহ ধৰি গুৰুত্বৰ ৰোগত আক্ৰান্ত ছোৱালীজনী। যোৱাবৰ্ষত প্ৰথমে জ্বৰ পেটৰ বিষত আক্ৰান্ত হোৱাত প্ৰথমে বোকাখাত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় বিশ্বমণিক। তাৰ পাছত উন্নত চিকিৎসাৰ বাবে লৈ যায় যোৰহাট মেডিকেল কলেজলৈ। পাছত এপেণ্ডিক্স অপাৰেশ্যন কৰাৰ পাছৰে পৰা কিছুদিন পাছত ছোৱালীজনীৰ ভৰি মুখ পেট ফুলিবলৈ আৰম্ভ কৰে।
চিকিৎসকে ছোৱালীজনীৰ কিডনীত জটিলতা থকা বুলি জনাই ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ ৰেফাৰ কৰিছে যদিও ধনৰ অভাৱতে পৰিয়ালৰ লোকে সাহস কৰা নাই চিকিৎসাৰ বাবে।
কোনো সদাশয় লোকে সহায় কৰিব বিচাৰিলে বৰোডা বেংক বোকাখাত শাখাৰ এই একাউণ্ট নম্বৰত সহায় কৰিব পাৰিব।
একাউণ্ট নম্বৰতো হৈছে –
A/C No: 50030100012686
Baroda bank
Ifsc BARB0BOKAKH
লগতে, পৰিয়ালৰ সৈতে যোগাযোগ কৰিব বিচাৰিলে এই নম্বৰত ফোন কৰিব পাৰিব।
ফোন নম্বৰকেইটা ক্ৰমে
8099168988 আৰু 6002687613
আপোনাৰ-মোৰ হয়তো অকণমান মৰম তথা সহানুভূতিয়ে সুস্থ কৰি আগৰ হাঁহিমুখীয়াজনী কৰি তুলিব বিশ্বমণিক।





