• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত-ভূটানৰ মাজৰ সংযোগ : ইণ্টিগ্ৰেটেড চেক পোষ্ট দৰঙা উদ্বোধন কৰিলে অসমৰ ৰাজ্যপালে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 9, 2024 9:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঞ্চলিক সংযোগ আৰু অৰ্থনৈতিক উন্নয়নক শক্তিশালী কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভূটান সীমান্তৰ পৰা প্ৰায় ৭০০ মিটাৰ দূৰৈত অৱস্থিত এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি হিচাবে বিবেচিত হোৱা  ইণ্টিগ্ৰেটেড চেক পোষ্ট  দৰঙা  ভূটানৰ প্ৰধানমন্ত্ৰী দাছো শ্বেৰিং টবগেৰ উপস্থিতিত আজি উদ্বোধন কৰে।

দৰঙা, তামুলপুৰৰ ইণ্টিগ্ৰেটেড চেক পোষ্টটো  সীমান্তৰ ইপাৰে-সিপাৰে  অৰ্থনৈতিক আদান-প্ৰদান বৃদ্ধি আৰু চুবুৰীয়া দেশসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ এক প্ৰমাণ হিচাবে চিহ্নিত হৈছে ।

Apply Now

ভাষণত লক্ষ্মণ প্ৰসাদ আচাৰ্যই ইণ্টিগ্ৰেটেড চেক পোষ্ট দৰঙা  স্থাপনক সীমান্তৰ ইপাৰে-সিপাৰে বাণিজ্য আৰু ভ্ৰমণৰ সুবিধা  বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰশংসা কৰে। 

আজি মুকলি কৰা  ইণ্টিগ্ৰেটেড চেক পোষ্টে  অৰ্থনৈতিক বিকাশ ত্বৰান্বিত  কৰিব আৰু ভাৰত তথা  ভূটানৰ মাজত সাংস্কৃতিকৰ লগতে অৰ্থনৈতিক সম্পৰ্ক অধিক দৃঢ় কৰিব বুলি তেওঁ কয় । সীমান্তৰ ইপাৰে-সিপাৰে বাণিজ্য বৃদ্ধিৰ ফলত  ভূটান আৰু ভাৰত,  উভয়  ৰাষ্ট্ৰই  লাভাৱান্বিত  হব  বুলিও তেওঁ কয়।  তেওঁ লগতে কয় যে  উন্নয়ন আৰু ঔদ্যোগিক ক্ষমতা সম্প্ৰসাৰণৰ ক্ষেত্ৰত এই  ইণ্টিগ্ৰেটেড চেক পোষ্টে  দুয়োখন ৰাষ্ট্ৰৰ মাজত এক শক্তিশালী সম্পৰ্কৰ আধাৰশিলা  হিচাবে কাম কৰিব।

ভূটানৰ প্ৰধানমন্ত্ৰী দাছো শ্বেৰিং টবগেয়ে তেওঁৰ ভাষণত কয় যে এয়া  দুয়োখন দেশৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাবে বিবেচিত হৈছে । তেওঁ কয় যে এই পদক্ষেপে পৰ্যটন তথা  ব্যৱসায়িক বিনিময়ৰ  লগতে যোগাযোগ উন্নত  কৰাত সহায় কৰিব। তেওঁ ভাৰত-ভূটানৰ মাজত এক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাত নিৰন্তৰ সমৰ্থন আগবঢ়াই যোৱাৰ বাবে ভাৰত চৰকাৰ আৰু অসমৰ চৰকাৰৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

দুয়োখন দেশৰ বিকাশৰ ইংগিত দি প্ৰধানমন্ত্ৰীগৰাকীয়ে  কয় যে বন্ধুত্বৰ মনোভাবেৰে অগ্ৰসৰ হোৱাসকলে  একেলগে সমৃদ্ধি লাভ কৰিলে বন্ধুত্ব অধিক শক্তিশালী হয়।

সমবেত লোকসকলক সম্বোধন কৰি গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী বান্দি সঞ্জয় কুমাৰে কয় যে দৰঙা আইচিপিয়ে  চুবুৰীয়া দেশখনৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।  এই পদক্ষেপে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক আৰু আন্তঃগাঁথনিগত উন্নয়নক সুশৃংখল কৰি তুলিব।

অনুষ্ঠানত উপস্থিত থকা বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই তেওঁৰ ভাষণত দৃঢ়তাৰে কয় যে আইচিপি দৰঙাৰ উদ্বোধনৰ লক্ষ্য হৈছে দুয়োখন দেশৰ নাগৰিকসকলৰ চলাচল সুশৃংখল কৰা , যি পদক্ষেপে  ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব। তেওঁ কয় যে ভূটানৰ উন্নয়নৰ অংশীদাৰ হোৱাটো ভাৰতৰ বাবে এক সৌভাগ্যৰ বিষয়। ভাৰত হৈছে ভূটানৰ  এক শীৰ্ষ বাণিজ্যিক অংশীদাৰ আৰু এই  পদক্ষেপে তেনে প্ৰক্ৰিয়াক  অধিক শক্তিশালী   কৰি  তোলাত সহায় কৰিব।

উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ  এক্ট ইষ্ট পলিচি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু  গৃহ মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা বিভাগৰ  সচিব ড০ ৰাজেন্দ্ৰ কুমাৰকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিতি  থাকে। তেওঁলোকে ভূটানৰ সৈতে অসমৰ কৌশলগত সংযোগত ভূমি বন্দৰ হিচাবে পৰিচিত দৰঙাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।

 ১৪.৫  একৰ ভূমিত  বিস্তৃত আইচিপি দৰঙাত  কাৰ্যালয় প্ৰকল্প,  পাৰ্কিং এলেকা, লোডিং আৰু আনলোডিং এলেকা, এখন  ওজন জোখা ব্ৰীজ, এটা ৱেৰহাউচ আৰু বিষয়াসকলৰ বাবে আৱাসৰ  লগতে বহু অত্যাধুনিক সুবিধা আছে। ভূমি বন্দৰটোত দক্ষ কাৰ্যকলাপ নিশ্চিত কৰাৰ বাবে পৰিদৰ্শনৰ স্থান, উদ্ভিদ সংৰক্ষণ প্ৰণালী আৰু পাৰ্কিঙৰ সুবিধাও আছে। ই  ভূটানৰ  দুটা তালাচী চকী  পৰিচালনা কৰে: ছামদ্ৰুপ -জংখাৰ আৰু মটঙ্গা। এই চকীসমূহে সীমান্তৰ ইপাৰে-সিপাৰে  চলাচল সহজ কৰি তোলাত  সহায় কৰিব।

দৰঙাৰ  অৱস্থানে  ইণ্টিগ্ৰেটেড চেক পোষ্টৰ বাবে  উৎকৃষ্ট সংযোগৰ  এক পৰিপূৰক হিচাবে কাম কৰিছে। ভাৰতৰ ফালৰ পৰা, ই ৰঙিয়াৰ  নিকটৱৰ্তী ২৭  নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে  সংযুক্ত হৈ আছে , আনহাতে ভূটানৰ ফালে, ছামদ্ৰুপ জংখাৰত শক্তিশালী শুল্ক আন্তঃগাঁথনিয়ে  দক্ষ বাণিজ্যৰ পৰিচালনাৰ কথা  নিশ্চিত কৰিছে । ছামদ্ৰুপ জংখাৰৰ পৰা তাছিগাংলৈ  চলি থকা পথৰ উন্নয়নে সংযোগ আৰু বাণিজ্যৰ সম্ভাৱনা অধিক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

আইচিপি দৰঙাৰ উদ্বোধন মোদী চৰকাৰৰ এক সংযুক্ত আৰু সমৃদ্ধ অঞ্চলৰ দৃষ্টিভংগীৰ  গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, যি সীমান্তৰ সিপাৰে-সিপাৰে  থকা অগণন ব্যক্তি আৰু সম্প্ৰদায়ৰ জীৱন সমৃদ্ধ কৰাৰ প্ৰতিশ্ৰুতি বহন কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd