• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গছ কটাৰ অভিলেখ! উত্তৰ প্ৰদেশত এটা পথ নিৰ্মাণৰ বাবে কটা হ’ল ১৭,৬০০ গছ: সেউজ ন্যায়াধিকৰণৰ তথ্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 12, 2024 1:02 pm
89
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ তথ্য অনুসৰি উত্তৰ প্ৰদেশ চৰকাৰে কাঁৱৰ যাত্ৰাৰ বাবে ১৭,৬০০ গছ কাটিছে। এন জি টিৰ দ্বাৰা গঠিত চাৰিজনীয়া পেনেলে ন্যায়াধিকৰণক জনাইছে যে কাঁৱাৰ যাত্ৰাৰ বাবে নতুন পথ নিৰ্মাণৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ, মীৰুট আৰু মুজাফ্ফৰনগৰ জিলাত প্ৰায় ১৭,৬০০ গছ কটা হৈছে।

এই প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে মুঠ ৩৩,৭৭৬ জোপা গছ কটাৰ পৰিকল্পনা কৰা বুলিও পেনেলে অৱগত কৰে।

২০২৪ চনৰ আৰম্ভণিতে এন জি টিয়ে কাকতৰ প্ৰতিবেদনৰ প্ৰতি ছুঅ’ মত’ লোৱা লৈছিল, য’ত কোৱা হৈছিল যে উত্তৰ প্ৰদেশ চৰকাৰে এই প্ৰকল্পৰ বাবে প্ৰায় ১,১২,৭২২ গছ কাটিবলৈ পৰিকল্পনা কৰিছে।

উল্লেখ্য যে উত্তৰ প্ৰদেশ চৰকাৰে প্ৰস্তাৱ কৰা ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো মুৰাদনগৰৰ পৰা উত্তৰাখণ্ডৰ সমীপৰ পুৰকাজীলৈকে উচ্চ গংগা খালৰ সোঁফালৰ শাখাৰে নিৰ্মাণ কৰা হ’ব। প্রস্তাৱিত কানৱাৰ পথটো গাজিয়াবাদ, মীৰুট আৰু মুজাফ্ফৰনগৰৰ মাজেৰে পাৰ হ’ব৷ ইয়াৰ বাবে ২২২.৯৮ হেক্টৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি ডাইভাৰচন কৰি প্ৰায় ১,১২,৭২২ জোপা গছ কাটিব লাগিব।

দ্য হিন্দুৰ মতে, চলিত বৰ্ষৰ আগষ্ট মাহত এন জি টিয়ে এটা যৌথ পেনেল গঠন কৰিছিল, যিয়ে গছ কটাৰ অভিযোগৰ সৈতে জড়িত গোচৰটোৰ শুনানি গ্ৰহণ কৰি আছিল। এন জি টিৰ তথ্য অনুসৰি, ৬ নৱেম্বৰত চাৰিজনীয়া পেনেলে অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিছে, য’ত কোৱা হৈছে যে জলসিঞ্চন বিভাগে দিয়া তথ্য অনুসৰি ২০২৪ চনৰ ৯ আগষ্টলৈকে তিনিখন জিলাত ১৭,৬০৭ টা গছ কটা হৈছে।

প্রতিবেদনত প্রথমে ১,১২,৭২২জোপা গছ কটাৰ অনুমতি দিয়া হৈছিল যদিও এতিয়া মাত্ৰ ৩৩,৭৭৬ জোপা গছ কটাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ উত্তৰ প্ৰদেশৰ গছ সংৰক্ষণ আইন, ১৯৭৬ৰ বিধান অনুসৰি কটাবলগীয়া গছৰ সংখ্যা হিচাপ কৰা হৈছে নে নাই সেয়া স্পষ্ট কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিছে এন জি টিয়ে।

এন জি টিয়ে পৰিবেশ বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ পৰা শপতনামা দাখিল কৰিবলৈও নিৰ্দেশ দিছে, য’ত কাঁৱৰ যাত্ৰা মাৰ্গ নিৰ্মাণৰ সময়ত কিমান গছৰ সংখ্যা কটাব লাগে তাৰ সঠিক বিৱৰণ দিয়া হৈছে।

এন জি টিয়ে লগতে কয় যে বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি যুটীয়া সমিতিয়ে নিৰ্দেশ অনুসৰি কাম অতি সোনকালে সম্পূৰ্ণ কৰি কোনো পলম নকৰাকৈ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব বুলি আশা কৰা হৈছে।

Recent News

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd