• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বহিঃৰাজ্যত নিৰুদ্দেশ জাঁজীৰ দুই যুৱক : সাতমহীয়া কেঁচুৱাক বুকুত বান্ধি স্বামীৰ সন্ধানত ওলাল পত্নী

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
May 25, 2018 5:39 pm
216
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী প্ৰায়ে বহিঃৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাবে গৈ নিৰুদ্দিষ্ট হোৱাৰ সময়তে পুনৰ শিৱসাগৰ জিলাৰ জাঁজীৰ দুজনকৈ যুৱক বহিঃৰাজ্যলৈ গৈ সন্ধানহীন হয়।

 উল্লেখযোগ্য যে যোৱা ১৮ মে’ত অন্ধ্ৰপ্ৰদেশত কৰ্মসংস্থাপন বিচাৰি যোৱা জাঁজী চিকিৰিচুকৰ তিনিজনকৈ যুৱক যাত্ৰাপথত সন্ধানহীন হৈ পৰাৰ পিছত তাৰে দুজনক বিজয়বাড়া ৰে’লৱে ষ্টেইশ্যনত উদ্ধাৰ কৰাৰ বিপৰীতে আনজন যুৱক আজিও সন্ধানহীন হৈ আছে।

 আনহাতে উক্তদিনাই  শিৱসাগৰৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত জাঁজী মৰাণছিগাৰ হীৰুজ বৰুৱা নামৰ এজন ৩২ বছৰীয়া যুৱক আহমেদাবাদলৈ কৰ্মসংস্থাপন বিচাৰি যোৱাৰ পথত মধ্যপ্ৰদেশৰ ছামগড় ৰে’ল ষ্টেইশ্যনৰ পৰা সন্ধানহীন হৈ থকাৰ বাতৰি পোৱা গৈছে।

 নিৰুদ্দিষ্ট যুৱক জনৰ পৰিয়ালৰ সূত্ৰই জনোৱা মতে যোৱা ১৮ মে’ ত জাঁজী মৰাণছিগাৰ জগুৰাম বৰুৱাৰ পুত্ৰ হীৰুজ বৰুৱাই চাৰিজন যুৱকৰ সৈতে আহমেদাবাদৰ ৱেষ্টাৰ্ন অইল চাৰ্ভিছেজ নামৰ এটা প্ৰতিষ্ঠানত কৰ্মসংস্থাপনৰ উদ্দেশ্য ব্ৰহ্মপুত্ৰ মেইল যোগে আহমেদাবাদলৈ ৰাওনা হৈছিল। পাটনা ৰেল ষ্টেইশ্যনত ৰেল সলনি কৰি আটাইকেউজন যুৱক আজিমাবাদ এক্সপ্ৰেছ যোগে আহমেদাবাদলৈ ৰাওনা হোৱাৰ পথত যোৱা ২০ মে’ৰ পুৱতি নিশা হীৰুজ বৰুৱা ডবাৰ পৰা নিৰুদ্দেশ হৈ পৰে।

 যুৱকজন নিৰুদ্দেশ হোৱাৰ লগে লগে সহযাত্ৰী যুৱক কেইজনে যুৱক জনৰ সন্ধানত বহু বিচাৰ-খোচাৰ কৰিও হিৰুজৰ  কোনো সম্ভেদ নোপোৱাত পৰিয়ালক অৱগত কৰে।

 আনহাতে ৰে’লৱে আৰক্ষীয়ে হীৰুজক আহত অৱস্থাত মধ্যপ্ৰদেশৰ ছামগড় ৰেলষ্টেচনৰ সমীপত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায়। ৰে’লৱে আৰক্ষীয়ে গুৰুতৰ ভাৱে আহত হীৰুজক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাই ২০ মে’ৰ বিয়লি ২:৩০ বজাত অসুস্থ অৱস্থাৰেই মধ্যপ্ৰদেশৰ ভৰতপুৰ ষ্টেচনৰ পৰা গুৱাহাটী অভিমুখী এখন ৰেলত সাধাৰণ শ্ৰেণীৰ টিকট কাটি পথাই দিয়ে।

 কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ৰে’ল আৰক্ষী খবৰৰ ভিত্তিত পৰিয়ালৰ লোকে ২১ মে’ৰ পৰা হীৰুজৰ বাবে অপেক্ষা কৰি থাকে যদিও ২৩ মে’লৈকে হীৰুজ গুৱাহাটীত আহি উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে।

 ইতিমধ্যে হীৰুজৰ পৰিয়ালৰ লোকে ২৩ মে’ত ৰেলৱে আৰক্ষীৰ ওচৰত নিৰুদ্দেশ সম্পৰ্কে এজাহাৰ দাখিল কৰিছে। ইফালে সাতমহীয়া পুত্ৰক বুকুত সাবটি দুচকুৰ পানীৰে বাট নেদেখা পত্নী কাকুৱে  স্বামী হীৰুজৰ সন্ধান বিচাৰি হাবাথুৰি খাইছে।

Recent News

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd