• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঝাৰখণ্ডত ‘হেমন্তকাল’! ৰাজ্যত ক্ষমতা ধৰি ৰখা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী; ‘শক্তি’ দেখুৱালে হেমন্ত ছ’ৰেনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2024 8:25 am
বিধানসভা নিৰ্বাচনত জয়ী হৈ হেমন্ত ছ’ৰেনে ঝাৰখণ্ডত এক দৃষ্টান্ত গঢ়ি তুলিলে। ফাইল ফটোঃ সংগ্ৰহীত।

বিধানসভা নিৰ্বাচনত জয়ী হৈ হেমন্ত ছ’ৰেনে ঝাৰখণ্ডত এক দৃষ্টান্ত গঢ়ি তুলিলে। ফাইল ফটোঃ সংগ্ৰহীত।

143
VIEWS
Share on FacebookShare on Twitter

ক্ষমতা অক্ষুণ্ণ ৰাখি হেমন্ত ছ’ৰেনে ঝাৰখণ্ডত এক দৃষ্টান্ত গঢ়ি তুলিলে। ইয়াৰ পূৰ্বে কোনো মুখ্যমন্ত্ৰীয়ে বিধানসভা নিৰ্বাচনত জয়ী হৈ একেৰাহে দুটা কাৰ্যকাল শাসনত বহিব পৰা নাই। শনিবাৰে নিৰ্বাচনত জয়ী হৈ নিজৰ ‘শক্তি’ দেখুৱালে হেমন্তই। ছচিয়েল মিডিয়াতো এটা সৰু বাৰ্তা পোষ্ট কৰিলে।

দাড়ি ভৰ্তি মুখখনত এমোকোৰা হাঁহি। এজন পুত্ৰই তেওঁক সাৱটি ধৰি আছে, কাষত বহি আছে আন এজন। দুই পুত্ৰৰ মুখত আনন্দৰ হাঁহি! ঝাৰখণ্ডৰ ক্ষমতা দখল কৰাৰ পিছত এই ছবিখন পোষ্ট কৰিলে হেমন্তই। লগত মাত্ৰ দুটা শব্দ -‘মোৰ শক্তি’!

নিৰ্বাচনৰ পূৰ্বে হেমন্তৰ দল ঝাৰখণ্ড মুক্তি মৰ্চা চমুকৈ জেএমএমক কেইবাটাও প্ৰশ্নই আগুৰি ধৰিছিল। দুৰ্নীতিৰ পৰা অনুপ্ৰৱেশলৈ- হেমন্তই কাঁইটীয়া বাটেৰে খোজ কাঢ়িব লগা হৈছিল। প্ৰচাৰত নৰেন্দ্ৰ মোডীৰ পৰা অমিত শ্বাহলৈকে শিবু ছ’ৰেনৰ পুত্ৰক বাৰে বাৰে নানা অভিযোগেৰে আক্ৰমণ কৰা হৈছিল।

বহু সমীক্ষা বিশেষজ্ঞইও হেমন্তৰ ‘কামবেক’ক লৈ সন্দেহ প্ৰকাশ কৰিছিল। এগজিট পোলো তেওঁৰ বিৰুদ্ধে আছিল। কিন্তু শনিবাৰে দিনত গণনাৰ কাম আগবাঢ়ি যোৱাৰ লগে লগে ঝাৰখণ্ডৰ ছবিখন স্পষ্ট হৈ পৰিল। ঝাৰখণ্ডৰ ৰাইজে আকৌ এবাৰ হেমন্তৰ ওপৰত আস্থা ৰাখিলে।

৮১ জনীয়া ঝাৰখণ্ড বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন হৈছিল ৪১খন আসনৰ। হেমন্তৰ দলটোৱে মিত্ৰ কংগ্ৰেছ, আৰজেডি আৰু বাওঁ চিপিআইএমএল (লিবাৰেচন)ৰ সৈতে ৫৬ সংখ্যাত উপনীত হয়। কেৱল হেমন্তৰ দলেই পাইছে ৩৪খন আসন। মিত্ৰশক্তিৰ কংগ্ৰেছে ৩০ৰ ভিতৰত ১৬খন, আৰজেডিয়ে ৭ৰ ভিতৰত ৪খন আৰু চিপিআইএমএল (লিবাৰেশ্যন) চাৰিখনৰ ভিতৰত দুখনত জয়লাভ কৰে। আনহাতে বিজেপি ধৰাশায়ী হৈছে। ৬৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিয়ে মাত্ৰ ২১খন আসনহে লাভ কৰিছে। ২০১৯ চনৰ তুলনাত গেৰুৱা শিবিৰৰ আসন আৰু ভোট হ্ৰাস পাইছে।

নিৰ্বাচনৰ ফলাফল স্পষ্ট হোৱাৰ লগে লগে জেএমএমৰ সমৰ্থকসকল উল্লাসিত হৈ পৰে। হেমন্তৰ ঘৰৰ সন্মুখত ৰাইজৰ সমাৱেশ বাঢ়িবলৈ ধৰে। অনুৰাগীসকলে উল্লাসিত হৈ পৰাৰ পূৰ্বে তেওঁৰ দুই পুত্ৰৰ সৈতে এখন ছবি পোষ্ট কৰিছিল হেমন্তই। বুজাই দিলে যে তেওঁৰ সকলো শক্তিৰ উৎস ক’ত! বহুতৰ মতে হেমন্তৰ পাঁচ মাহৰ কাৰাদণ্ড হৈ পৰিছে বিৰোধী মিত্ৰতা ‘ইণ্ডিয়া’ৰ বাবে আশীৰ্বাদ।

ভূমি দুৰ্নীতিৰ সৈতে জড়িত অবৈধ বিত্তীয় লেনদেনৰ গোচৰত চলিত বৰ্ষৰ ৩১ জানুৱাৰীত ঝাৰখণ্ডৰ প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল হেমন্তক। গ্ৰেপ্তাৰৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল। এইবাৰ নিৰ্বাচনত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ ওলাইছে হেমন্ত।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd